গৌৰৱ গগৈয়ে ৬ বছৰৰ বাবে বনবাস দিলে বৰাকৰ ১৪ গৰাকী কংগ্ৰেছ নেতাক
দল বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ বাবে পুনৰ ১৪ গৰাকী নেতাক নিলম্বন কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই, এইবাৰৰ একাধিক বৰাক কংগ্ৰেছৰ নেতা...

Published : August 19, 2026 at 7:51 PM IST
হায়দৰাবাদ : নিৰ্বাচনী বিপৰ্যয়ৰ পাছত এতিয়া কংগ্ৰেছত চলিছে নিলম্বন আৰু বহিষ্কাৰ কৰাৰ অভিযান। বিধানসভা নিৰ্বাচনত আৰু তাৰ পৰৱৰ্তী সময়ত দল বিৰোধী কাৰ্যকলাপত লিপ্ত থকাৰ বাবে প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই দলৰ পৰা পুনৰ ১৪ গৰাকী নেতাক নিলম্বন কৰিছে ৷
বুধবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশ মৰ্মে বিধানসভা নিৰ্বাচনৰ সময়ত দল বিৰোধী কাৰ্যকলাপত লিপ্ত হোৱাৰ বাবে ১৪ গৰাকী নেতাক ৬ বছৰৰ বাবে নিলম্বন কৰা হৈছে । নিলম্বিত কৰা ১৪ গৰাকী নেতাই বৰাক উপত্যকাৰ ।
প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক (সাংগঠনিক) ৰামান্না বৰুৱা স্বাক্ষৰিত পত্ৰত উল্লেখ থকা নিলম্বিত কংগ্ৰেছ নেতাসকল হৈছে শিলচৰ জিলা কংগ্ৰেছ কমিটীৰ উপ-সভাপতি ছামছুৰ ৰহমান চৌধুৰী (জন), আক্তাৰ হুছেইন বৰভূঞা আৰু মজিবুৰ ৰহমান চৌধুৰী ।
সেইদৰে শিলচৰ জিলা কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক ক্ৰমে আজমল হুছেইন লস্কৰ, ছাইন আহমেদ লস্কৰ, মহবুব হুছেইন (ৰিপন), হানিফ আলম মজুমদাৰ, আলতাফ হুছেইন লস্কৰ (টিটু) আৰু নজীৱ আহমেদ লস্কৰ ৷
আনহাতে অসম প্ৰদেশ যুৱ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক ইজাজ লস্কৰ, সংখ্যালঘু বিভাগৰ সাধাৰণ সম্পাদক জহুৰ চৌধুৰী, সোনাই মণ্ডল কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক কাদিৰ আহমেদ লস্কৰ, জিলা সংখ্যালঘু বিভাগৰ প্ৰাক্তন সভাপতি আনছাৰ হুছেইন বৰলস্কৰ আৰু সোনাই সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি ৰাকিব আহমেদ মজুমদাৰক নিলম্বন কৰা হৈছে ।
উল্লেখ্য যে দেওবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নিৰ্দেশ অনুসৰি, কংগ্ৰেছৰ চাৰিজন নেতাক দলৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হৈছিল ।
দলৰ বিৰোধী কাৰ্যকলাপ তথা দলৰ অনুশাসন ভংগৰ অভিযোগত প্ৰাক্তন বিধায়ক ৰচুল হক বাহাদুৰ, জিলা পৰিষদৰ প্ৰাক্তন সদস্য ৰেজাউল ইছলাম, ধুবুৰী জিলা কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক মহিৰউদ্দিন মণ্ডল আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য আফজল হুছেইনক তৎকালে কাৰ্যকৰী হোৱাকৈ দলৰ প্ৰাথমিক সদস্য পদৰ পৰা বহিষ্কাৰ কৰা হৈছিল ।
লগতে পঢ়ক: মিচিং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে খচৰা ভোটাৰ তালিকা প্রকাশ

