নেপালত সন্ধানহীন অসমৰ ১২জন: তালিকা দিলে মুখ্যমন্ত্ৰীয়ে
নেপালৰ বানত এইপৰ্যন্ত ৫৭৯জনৰ মৃত্যু হোৱাৰ লগতে ১৯২৪জন নিৰুদ্দেশ হৈ আছে । এই বানৰ পাছৰে পৰা অসমৰ ১২জন লোক সন্ধানহীন হৈ আছে ৷

Published : August 29, 2026 at 9:32 AM IST
হায়দৰাবাদ : নেপালৰ বানত অসমৰ কাৰ্বি আংলং জিলাৰ ঋতুপৰ্ণ ব্ৰহ্ম আৰু মন্ত্ৰী বসুমতাৰীসহ ১২জন লোক সন্ধানহীন হৈ আছে ৷ তেওঁলোকৰ সৈতে বৰ্তমান পৰ্যন্ত কোনো ধৰণৰ যোগাযোগ স্থাপন কৰিব পৰা হোৱা নাই ৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰৰ মাজনিশা সামাজিক মাধ্যম এক্সত এই তথ্য সদৰী কৰে ৷
সামাজিক মাধ্যম এক্সৰ এটা পোষ্টত মুখ্যমন্ত্ৰী শৰ্মাই কয়, "এতিয়ালৈকে আমি অসমৰ পৰা নেপালত নিৰুদ্দেশ হোৱা ১২ জন লোকৰ তথ্য সংগ্ৰহ কৰিবলৈ সক্ষম হৈছো ৷ তেওঁলোকৰ সৈতে যোগাযোগ কৰি নিৰাপদে উদ্ধাৰৰ প্ৰচেষ্টা অব্যাহত আছে ৷"
Till now we have been able to establish details of 12 people from Assam who are yet to be traced in Nepal.
— Himanta Biswa Sarma (@himantabiswa) August 28, 2026
Efforts are underway to establish connection with them and safely rescue them. https://t.co/hDRtdeQIqN pic.twitter.com/CELAGNU5Qy
মুখ্যমন্ত্ৰী শৰ্মাই নেপালত সন্ধানহীন অসমৰ লোককেইজনৰ সবিশেষ সামাজিক মাধ্যমত শ্বেয়াৰ কৰে ৷ তেওঁলোক হৈছে ক্ৰমে:
| ক্ৰমিক নম্বৰ | নাম | ঠিকনা |
| ১ | ঋতুপৰ্ণ ব্ৰহ্ম | গাঁও: দৈদাক, ডাকঘৰ: লাংহিন; আৰক্ষী থানা-ডকমকা, জিলা: কাৰ্বি আংলং, মোবাইল নম্বৰ: ৯৭১৬১৬২৭১৭, ৭০০২১৮৪৫৮৬ |
| ২ | মন্ত্ৰী বসুমতাৰী | গাঁও: দৈদাক, ডাকঘৰ: লাংহিন, আৰক্ষী থানা: ডকমকা, জিলা: কাৰ্বি আংলং, মোবাইল নম্বৰ ৯৭১৬১৬২৭১৭ |
| ৩ | সোণেশ্বৰ নাৰ্জাৰী | গাঁও: দৈদাক, ডাকঘৰ: লাংহিন, আৰক্ষী থানা-ডকমকা, জিলা: কাৰ্বি আংলং, মোবাইল নম্বৰ: ৮৪৭১৮১৪৩৭৪ |
| ৪ | ৰাহুল দৈমাৰী | গাঁও: জয়পুখুৰী, আৰক্ষী থানা: মেৰাপানী, জিলা: গোলাঘাট |
| ৫ | শতদল নাথ | আৰক্ষী থানা: ডবকা, জিলা: হোজাই |
| ৬ | পংকজ নৌগ | ৰুক্মিণী গাওঁ, গুৱাহাটী, জিলা: কামৰূপ মেট্ৰ' (অসম), ফোন: ০৭৯৭০৫০০২৭০ ই-মেইল: pankaj:naug@gmail:com |
| ৭ | পংকজ বৰ্মন | গাঁও: আৰাৰা, আৰক্ষী থানা: আৰাৰা, নলবাৰী |
| ৮ | অৰুণ মহন্ত | গাঁও: আৰাৰা, আৰক্ষী থানা: আৰাৰা, নলবাৰী |
| ৯ | সমৰ বেজবৰুৱা | গাঁও: আৰাৰা, আৰক্ষী থানা: আৰাৰা, নলবাৰী |
| ১০ | ডাঃ দীপালী সৰকাৰ | লংকেশ্বৰ, গুৱাহাটী, জিলা: কামৰূপ মহানগৰ, ফোন নম্বৰ: ৯৪৩৫০৪৯৪৩৪ |
| ১১ | মানস কুমাৰ ঘোষ | লংকেশ্বৰ, গুৱাহাটী, জিলা: কামৰূপ মহানগৰ, ফোন নম্বৰ: ৯৪৩৫০৪৯৪৩৪ |
| ১২ | ডাঃ তীৰ্থ চলিহা | নলবাৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল, দক্ষিণ গাঁও, ঘগ্ৰাপাৰ, জিলা: নলবাৰী |
ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে সামাজিক মাধ্যম এক্সৰ এটা পোষ্টত নেপালত আবদ্ধ হৈ থকা ৰাজ্যৰ প্ৰতিজন লোককে নিজ ভূমিলৈ ঘূৰাই অনা হ’ব বুলি ঘোষণা কৰিছিল ৷ আবদ্ধ লোকসকলক সুৰক্ষিতভাৱে উদ্ধাৰৰ বাবে চেষ্টা চলাই থকা হৈছে বুলি পোষ্টটোত তেওঁ উল্লেখ কৰিছিল ৷
লগতে পঢ়ক : নেপালৰ বান : আজিও সন্ধান নাই লাংহিঙৰ ঋতুপৰ্ণ ব্ৰহ্ম আৰু মন্ত্ৰী বসুমতাৰীৰ

