ETV Bharat / state

উখল-মাখল পৰিৱেশ তিনিচুকীয়াৰ ঐতিহাসিক মৰুৎ নন্দন কানন, ৫৫খনকৈ বিহুখোলা কঁপালে পাঁচ হাজাৰ ডেকা-গাভৰুৱে

সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত একাদশ বাৰ্ষিক মটক বিহুৰ আয়োজন ৷

MOTOK BIHU HELD IN TINSUKIA
উখল-মাখল পৰিৱেশ তিনিচুকীয়াৰ ঐতিহাসিক মৰুৎ নন্দন কানন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 10, 2026 at 9:00 PM IST

2 Min Read
Choose ETV Bharat

তিনিচুকীয়া : তিনিচুকীয়াৰ ঐতিহাসিক মৰুৎ নন্দন কানন অৰ্থাৎ ন-পুখুৰী পাৰ্কত একাদশ বাৰ্ষিক মটক বিহুৰ আয়োজন কৰা হয় । সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো মটক বিহু আয়োজন কৰে ৷

৫৫ খনকৈ বিহুখোলাত প্ৰায় পাঁচ হাজাৰৰো অধিক গাভৰুৱে গছতলৰ বিহু নাচি এক উখল-মাখল পৰিৱেশৰ সৃষ্টি কৰে । তিনিচুকীয়া জিলাৰ লগতে ডিব্ৰুগড় জিলাৰ পৰাও হাজাৰ হাজাৰ মটক গাভৰুৱে বিহুত অংশগ্ৰহণ কৰে ।

উখল-মাখল পৰিৱেশ তিনিচুকীয়াৰ ঐতিহাসিক মৰুৎ নন্দন কানন (ETV Bharat Assam)

ইফালে গাভৰুসকলক নচোৱাবলৈ দূৰদূৰণিৰ পৰা হাজাৰৰো অধিক ডেকাৰ আগমন ঘটে মৰুৎ নন্দন কাননত ৷ দেওবাৰৰ দিনটোত ঐতিহাসিক মৰুৎ নন্দন কাননত ডেকাসকলৰ ঢোল-টকা আৰু বিহুনামৰ শব্দত মুখৰিত হৈ পৰে। সমান্তৰালভাৱে মটক বিহু চাবলৈ অগনন লোক ভৰি পৰে ঐতিহাসিক মৰুৎ নন্দন কাননত ।

MOTOK BIHU HELD IN TINSUKIA
অভিনেতা ৰবি শৰ্মাক সম্বৰ্ধনা (ETV Bharat Assam)

তিনিচুকীয়া জিলা সমিতিৰ সভাপতি প্ৰাঞ্জল বৰপাত্ৰ গোঁহাইয়ে পুৱাই পতাকা উত্তোলনৰে আৰম্ভ হয় কাৰ্যসূচী ৷ অনুষ্ঠানটোৰ মূল আকৰ্ষণ গছ তলৰ বিহু উদ্বোধন কৰে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই । কাৰ্যসূচী অনুসৰি হুঁচৰি উদ্বোধন কৰে মটক স্বায়ত্বশাসিত পৰিষদৰ অধ্যক্ষ সৰোজ গোঁহাই আৰু ক’লা-বুঢ়ী নাচ প্ৰদৰ্শনৰ উদ্বোধক হিচাপে উপস্থিত থাকে জনপ্ৰিয় অভিনেত্ৰী মাধুৰিমা চৌধুৰী।

MOTOK BIHU HELD IN TINSUKIA
অভিনেত্ৰী বৰষা ৰাণী বিষয়াকৰ মটক বিহু নাচ (ETV Bharat Assam)

মটক জনগোষ্ঠীৰ চিকাৰী নাচ প্ৰদৰ্শনৰ উদ্বোধক হিচাপে সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনৰ সভাপতি ৰঞ্জিত গোহাঁই উপস্থিত থকাৰ লগতে স্মৃতিগ্ৰন্থ উন্মোচন কৰে মটক স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী পাৰিষদ ডেভিদ চেতিয়াই । ইফালে মাটক বিহু গীতৰ তালে তালে কঁকাল ভাঙিলে জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়াই ৷

MOTOK BIHU HELD IN TINSUKIA
অভিনেত্ৰী বৰষা ৰাণী বিষয়াক সম্বৰ্ধনা (ETV Bharat Assam)

মটক বিহু সম্পৰ্কে অভিনেত্ৰী বৰষা ৰাণী বিষয়াই কয়,"ভিন্ন জাতি-জনগোষ্ঠীৰ মিলভূমি অসম ৷ প্ৰথমবাৰৰ বাবে মটক বিহুত অংশগ্ৰহণ কৰি এক সুকীয়া মাদকতা লাভ কৰিলো ৷ আগন্তুক দিনত জনগোষ্ঠীটোৱে নিজৰ সংস্কৃতি ধৰি ৰখাৰ লগতে অসমীয়া সংস্কৃতিক চহকী কৰিব বুলি মই আশাবাদী ৷"

লগতে পঢ়ক:ব্যতিক্ৰমী চিন্তাৰে জন্মদিন উদযাপন জ্যেষ্ঠ সাংবাদিক ঘনকান্ত বৰাৰ