ETV Bharat / state

১১০ বিধ প্ৰজাতিৰ পখিলাৰ ৰঙেৰে জিলিকিল সৰুপথাৰ মহাবিদ্যালয়

সৰুপথাৰ মহাবিদ্যালয়ত ব্যতিক্ৰম ৰূপত পালন কৰা হ'ল বিশ্ব পৰিৱেশ দিৱস ৷ মহাবিদ্যালয়খনৰ চৌহদত 'ৰং প্ৰজাপতি' নামেৰে পখিলা বীথিকা মুকলি ৷

110 Butterfly gallery
১১০ বিধ প্ৰজাতিৰ পখিলাৰ ৰঙেৰে জিলিকিল সৰুপথাৰ মহাবিদ্যালয় (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 5, 2026 at 5:20 PM IST

2 Min Read
Choose ETV Bharat

সৰুপথাৰ: শুকুৰবাৰে সমগ্ৰ ৰাজ্যতে পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে সৰুপথাৰ মহাবিদ্যালয়ে কিন্তু বিশ্ব পৰিৱেশ দিৱস পালন কৰিলে ব্যতিক্ৰম ৰূপত ৷ সৰুপথাৰ মহাবিদ্যালয়ত অসমৰ প্ৰথমখন পখিলা বীথিকা মুকলি কৰা হয় শুকুৰবাৰে ।

মহাবিদ্যালয়খনৰ চৌহদত 'ৰং প্ৰজাপতি' নামৰ এখন পখিলা বীথিকা অৰ্থাৎ ফটো গেলাৰী আনুষ্ঠানিকভাৱে মুকলি কৰা হয় । মহাবিদ্যালয়খনৰ অধ্যক্ষা ডঃ প্ৰাপ্তি ঠাকুৰে এই অভিনৱ বীথিকাখনৰ শুভ উদ্বোধন কৰে ৷

১১০ বিধ প্ৰজাতিৰ পখিলাৰ ৰঙেৰে জিলিকিল সৰুপথাৰ মহাবিদ্যালয় (ETV Bharat Assam)

উল্লেখ্য যে, অসমত উপলব্ধ নানাবৰণীয়া পখিলাৰ সংৰক্ষণ আৰু ইয়াৰ বিষয়ে অধ্যয়নৰ এক সুন্দৰ পৰিৱেশ গঢ়ি তোলাৰ উদ্দেশ্যেৰে ৰাজ্যখনত পোৱা প্ৰায় ১১০ বিধ বিভিন্ন প্ৰজাতিৰ পখিলাৰ মনোমোহা আলোকচিত্ৰ এই গেলাৰীত প্ৰদৰ্শন কৰা হৈছে ।

110 Butterfly gallery
সৰুপথাৰ মহাবিদ্যালয়ত অসমৰ প্ৰথমখন পখিলা বীথিকা (ETV Bharat Assam)

লগত প্ৰতিখন আলোকচিত্ৰৰ লগতে পখিলাবিধৰ অসমীয়া নামো সন্নিৱিষ্ট কৰা হৈছে, যিয়ে থলুৱা ভাষাত প্ৰকৃতি অধ্যয়নক এক নতুন মাত্ৰা প্ৰদান কৰিছে । সমান্তৰালকৈ পখিলাৰ নামৰ সৈতে এটা কিউ আৰ দিয়া হৈছে । য'ত স্কেন কৰিলে পখিলাবিধৰ সম্পূৰ্ণ বিৱৰণ পাব ।

110 Butterfly gallery
সৰুপথাৰ মহাবিদ্যালয়ত অসমৰ প্ৰথমখন পখিলা বীথিকা (ETV Bharat Assam)

বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি স্থাপন কৰা এই 'ৰং প্ৰজাপতি' বীথিকাখন হৈছে সমগ্ৰ অসমৰ ভিতৰত প্ৰতিষ্ঠা হোৱা প্ৰথমটো পখিলাৰ বীথিকা, যি সৰুপথাৰ মহাবিদ্যালয়ৰ লগতে সমগ্ৰ ৰাজ্যখনৰ বাবেই এক গৌৰৱৰ বিষয় । অধ্যক্ষা ড° প্ৰাপ্তি ঠাকুৰে কয়, "৫ জুন বিশ্ব পৰিৱেশ দিৱস। এই দিৱসটো আমি প্রত্যেক বছৰেই উদযাপন কৰি আহিছো । যত্ন কৰো অলপ যাতে বেলেগ ধৰণে কিবা এটা প্রত্যেক বছৰে কৰিব পাৰো ।"

110 Butterfly gallery
সৰুপথাৰ মহাবিদ্যালয়ত অসমৰ প্ৰথমখন পখিলা বীথিকা (ETV Bharat Assam)

তেওঁ লগতে কয়,"অসমত যিখিনি পখিলা পায় তাৰে ১১০ বিধৰ আমি এটা কলা বীথিকা তৈয়াৰ কৰিলো । যাতে পখিলাৰ বিষয়েও মানুহে গম পাওক বা ছাত্র-ছাত্রীসকলে পখিলাৰ বিষয়ে জানক । অসমত কিমান পখিলা আছে আৰু সেই পখিলাবোৰৰ বৈশিষ্ট্য কি ? সেই উদ্দেশ্যৰেই সাৰংগপাণি নেওগৰ সহযোগত এই বীথিকা তৈয়াৰ কৰা হ'ল । ১১০ বিধ পখিলাৰ অসমীয়া নাম দিয়া হৈছে । ইয়াত এটা কিউ আৰ ক'ড ৰখা হৈছে আৰু আমাৰ আর্ট গেলেৰীৰ লগত সংযুক্ত কৰা হৈ আছে ৱেবচাইট । গতিকে কোনোবাই যদি পখিলাটোৰ বিষয়ে জানিব খোজে স্কেন কৰিলে সকলো জানিব পাৰিব ।"

লগতে পঢ়ক:বিশ্ব পৰিৱেশ দিৱস: হাতী-মানুহৰ সংঘাত প্ৰতিৰোধৰ বাবে কি কৰিছে 'হাতীবন্ধু'ৱে ?