হায়ুলিয়াঙৰ দুৰ্ঘটনাত নিহত আৰু ১১ টা মৃতদেহ উদ্ধাৰ
বৰ্তমানলৈকে মুঠ ১৭ টা মৃতদেহ উদ্ধাৰ । ৭ টা মৃতদেহৰ মাৰণোত্তৰ পৰীক্ষা সম্পন্ন ।

Published : December 13, 2025 at 9:43 PM IST
তেজপুৰ : হায়ুলিয়াঙৰ ভয়ংকৰ দুৰ্ঘটনাত নিহত শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ । প্ৰত্যাহ্বানৰে চলোৱা এই অভিযানত উদ্ধাৰ কৰা হয় এই মৃতদেহ কেইটা । অৰুণাচল প্ৰদেশৰ আঞ্জাও জিলাৰ হায়ুলিয়াং সাগলাগাম পথত সংঘটিত ট্ৰাক দুৰ্ঘটনাৰ ঘাটনাত নিহত ১১ গৰাকী শ্ৰমিকৰ মৃতদেহ শনিবাৰে উদ্ধাৰ কৰা হয় ।
কঠোৰ পৰিশ্ৰম আৰু কাৰিকৰী কৌশল প্ৰয়োগ কৰি সেনা, এন ডি আৰ এফে মৃতদেহকেইটা ১০০০ ফুট তলৰ পৰা ওপৰলৈ তুলি অনা বুলি জানিব দিয়ে হায়ুলিয়াঙৰ অতিৰিক্ত উপায়ুক্ত জুলিটি মিহুয়ে । বৰ্তমানলৈকে মুঠ ১৭ টা মৃতদেহ উদ্ধাৰ কৰা হৈছে বুলি তেওঁ কয় ।
তলত আৰু তিনিটা মৃতদেহ প্ৰত্যক্ষ কৰা বুলি জানিব দিয়ে মিহুয়ে । সেইকেইটা দেওবাৰে উদ্ধাৰ কৰা হ'ব বুলি তেওঁ জানিব দিয়ে । বাতৰি প্ৰেৰণ কৰাৰ সময়লৈকে ৭ টা মৃতদেহৰ মাৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হৈছে আৰু ৪ টা মৃতদেহৰ মাৰণোত্তৰ দেওবাৰে কৰিব বুলি অতিৰিক্ত উপায়ুক্তই জনাইছে ।
এই উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে সেনা ,এন ডি আৰ এফ আৰু জিলা প্ৰশাসনে । শুকুৰবাৰে প্ৰথম দিনা উদ্ধাৰ কাৰ্য বিয়লি সমাপ্ত কৰে । এই দুৰ্ঘটনাত নিহতৰ ভিতৰত মাত্ৰ ৬ টা মৃতদেহ শুকুৰবাৰে পাহাৰৰ তলৰ পৰা ওপৰলৈ উঠাবলৈ সক্ষম হয় সেনা আৰু এন ডি আৰ এফে ।

মুঠ ১৭ টা মৃতদেহ বৰ্তমানলৈকে উদ্ধাৰ কৰা বুলি জানিবলৈ দিয়ে হায়ুলিয়াঙৰ অতিৰিক্ত উপায়ুক্ত জুলিটি মিহুয়ে । প্ৰায় ২০ জন সেনা, এন ডি আৰ এফে ৰচি বান্ধি অভিযান চলাইছে । পৰৱৰ্তী সময়ত ট্ৰাকখন ওপৰলৈ আনিবলৈ প্ৰচেষ্টা চলোৱাৰ কথা অতিৰিক্ত উপায়ুক্ত জনাইছে ।
উল্লেখ্য় যে, যোৱা সোমবাৰে অসমৰ তিনিচুকীয়া জিলাৰ পৰা ২২ জন শ্ৰমিকক নিৰ্মাণ কাৰ্যৰ বাবে নিয়া হৈছিল এখন ডাম্পাৰত । সেই নিশাই ডাম্পাৰখন দুৰ্ঘটনাগ্ৰস্ত হয় ।

