বঙাইগাঁৱত ৰে'ল আৰক্ষীৰ হাতত ধৃত শিশু-মহিলাসহ ১১ সন্দেহযুক্ত বাংলাদেশী
বাংলাদেশীৰ চৰণীয়া পথাৰত পৰিণত ভাৰতৰ বিভিন্ন প্ৰান্ত । বঙাইগাঁৱত ৰে'লযাত্ৰা কৰা শিশু-মহিলাসহ ১১ জন সন্দেহযুক্ত বাংলাদেশী নাগৰিক কৰায়ত্ত ৰে'ল আৰক্ষীৰ ।

Published : October 16, 2025 at 7:45 PM IST
বঙাইগাঁও: জাকে জাকে বাংলাদেশী নাগৰিকৰে ভৰি পৰিছে ভাৰতৰ বিভিন্ন ৰাজ্য । কাম কৰাৰ অজুহাতত বিভিন্ন ৰাজ্যত বাহৰ পাতিছে শ শ বাংলাদেশী নাগৰিকে । বঙাইগাঁৱত ৰে'ল আৰক্ষীয়ে কৰায়ত্ত কৰিলে শিশু-মহিলাসহ ১১ জন সন্দেহযুক্ত বাংলাদেশী নাগৰিকক ।
বৃহস্পতিবাৰে বঙাইগাঁৱত পুনৰ অবৈধ বাংলাদেশীক আটক কৰে ৰে'ল আৰক্ষীয়ে । ১১ গৰাকী অবৈধ বাংলাদেশী নাগৰিকক আটক কৰে নিউ বঙাইগাঁও জি আৰ পিয়ে । নিশা আগৰতলা অফিচিয়েল ৰে'লৰ পৰা আটক কৰে সন্দেহযুক্ত বাংলাদেশীকেইগৰাকীক ।
ধৃত সন্দেহযুক্ত বাংলাদেশী নাগৰিকসকল হৈছে ক্ৰমে
- ইছমাইল আজাদ
- আব্দুল্লা
- মহম্মদ নুৰ
- আছল্যা বেগম
- মহম্মদ আনাছ
- নুৰ আলম
- নুৰ কালিমা
- মহম্মদ আনিছ
- চাফা
- ৰীমা
- নুৰ চাহিদা
উল্লেখ্য যে দুমাহমানৰ পুৰ্বে সংবাদ মাধ্যমত জাকে জাকে বাংলাদেশী নাগৰিক অসমত প্ৰৱেশ কৰাৰ এক বাতৰি প্ৰচাৰ হোৱাৰ পিছতে বঙাইগাঁও জিলা প্ৰশাসনে তৎপৰতাৰে অভিযান চলাই কেইবাগৰাকীও বাংলাদেশী লোকক কৰায়ত্ত কৰিবলৈ সক্ষম হৈছিল ।
আৰক্ষীৰ উক্ত অভিযান দুদিনমান চলাৰ পিছতেই গেঠেলা মৰাত পুনৰ ৰে'লযোগে সন্দেহযুক্ত বাংলাদেশী নাগৰিকে অসমত প্ৰৱেশ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । ৰে'ল আৰক্ষীয়ে আগৰতলা অফিচিয়েল ৰে'লখনত তালাচী চলাই আটক কৰা সন্দেহযুক্ত বাংলাদেশী নাগৰিককেইজনৰ লগত নাই কোনোধৰণৰ বৈধ নথিপত্ৰ ।
ইতিমধ্যে আটকাধীন লোককেইজনক অধিক তথ্যৰ বাবে সোধা-পোছা অব্যাহত ৰাখিছে ৰে'ল আৰক্ষীয়ে ।
উল্লেখ্য যে ইছমাইল আজাদ নামৰ ধৃত লোকজনে নিজকে বাংলাদেশীৰ পৰিৱৰ্তে ৰোহিংগীয়া বুলিহে উল্লেখ কৰে । সংবাদ মাধ্যমক তেওঁ জনোৱা অনুসৰি, ২০১৩ চনৰ পৰাই হায়দৰাবাদত শ্ৰমিক হিচাপে কাম কৰি আহিছিল । নিজকে ম্যানমাৰৰ ৰোহিংগীয়া বুলি উল্লেখ কৰা তেওঁ ত্ৰিপুৰাৰ আগৰতলা হৈ ৰে'লযোগে অহা বুলি জানিবলৈ দিয়ে । আনহাতে, বৰ্তমানেও বহু বাংলাদেশী নাগৰিক হায়দৰাবাদত শ্ৰমিক হিচাপে কৰ্মৰত হৈ থকা বুলিও প্ৰকাশ কৰে ।
ধৃত সন্দেহযুক্ত বাংলাদেশীজনে কয়, "ম্যানমাৰৰ পৰা আহিছোঁ । বাংলাদেশী নহয়, ৰোহিংগীয়া । বাংলাদেশত গৈ আছোঁ । আমি ১১ জন আছোঁ । বাংলাদেশৰ কাৰ্ড নাই । ২০১৩ত আহিছোঁ । এতিয়া হায়দৰাবাদৰ পৰা চিধা বাংলাদেশলৈ গৈ আছোঁ ।"

