ETV Bharat / state

চুলি খুৰাই দহা পাতিলে ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰীয়ে: ফাটি পৰিছে খং-দুখ-ক্ষোভত

অভিভাৱকহীন হোৱা কৰ্মচাৰীসকলৰ মুণ্ডন কাৰ্যসূচীৰে প্ৰতীকী দহা । দাবী পূৰণ নকৰা পৰ্যন্ত ধৰ্মঘট অব্যাহত ৰখাৰ সিদ্ধান্ত ।

108 SERVICE EMPLOYEES PROTEST
সমূহীয়া মুণ্ডনেৰে প্ৰতিবাদ ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰীৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 10, 2025 at 7:44 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী : চাকৰি নিয়মীয়াকৰণ আৰু প্ৰাপ্য আদায়ৰ দাবীত গুৱাহাটীৰ চচলত আৰম্ভ কৰা সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ অনিৰ্দিষ্টকালীন কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচীয়ে বুধবাৰে দশম দিন অতিক্ৰম কৰিলে । বিগত নটা দিন ধৰি চচলৰ ধৰ্ণাস্থলীত প্ৰাপ্য আদায়ৰ দাবীৰে ধৰ্মঘট আৰম্ভ কৰা কৰ্মচাৰীসকলৰ অনির্দিষ্টকালীন কৰ্মবিৰতি আজিও অব্যাহত আছে ।

বুধবাৰে দশম দিনাখন কৰ্মচাৰী সন্থাৰ সদস্যসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । কৰ্মচাৰী সন্থাৰ উদ্যোগত জি ভি কে ই এম আৰ আই গ্ৰীণ হেল্থ ছাৰ্ভিচ, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন আৰু শ্ৰম বিভাগৰ ১০ দিনীয়া প্ৰতীকী দহা কাৰ্যসূচীৰূপে ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰীসকলে সমূহীয়া মুণ্ডন কাৰ্যসূচী কৰি প্ৰতিবাদ সাব্যস্ত কৰে ।

চুলি খুৰাই দহা পাতিলে ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰীয়ে (ETV Bharat Assam)

সমূহীয়া মুণ্ডন কাৰ্যসূচীৰ লগতে সহস্ৰাধিক ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰীয়ে NHM হায় হায়, GVK গ' বেক, এই জুই জ্বলিছে জ্বলিবই, we want justice, আমি চাকৰি লৈহে যাম, আমি আমাৰ লক্ষ্যত উপনীত হ'মেই আদি বিভিন্ন শ্লোগানেৰ উত্তাল কৰে প্ৰতিবাদস্থলী ।

আনহাতে, কৰ্মচাৰী সন্থাৰ তৰফৰ প্ৰতিবাদী কৰ্মচাৰীয়ে এই সন্দৰ্ভত কয়, "পোন প্ৰথমে এই প্ৰতিবাদস্থলীৰ পৰা সন্থাৰ তৰফৰ পৰা শ্বহীদ দিৱসৰ দিনা দেশৰ কাৰণে প্ৰাণ আহুতি দিয়া শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ । এইটো অতি দুৰ্ভাগ্যজনক কথা, আজি আমি জীয়াই থকাৰ বাবে যি মৌলিক অধিকাৰৰ বাবে প্ৰতিবাদ আৰম্ভ হৈছিল, আজি দহটা দিন হ'ল । যাক আমি অভিভাৱক হিচাপে পৰিচয় দিওঁ NHM, শ্ৰম বিভাগ, GVK, সেইসকলৰ পৰা কোনো সুদুত্তৰ নাপালোঁ । তেওঁলোকৰ সমস্যা সমাধান কৰাৰ কোনো পৰিকল্পনা নাই আৰু সমাধান নহ'ল । যাৰবাবে আমি আজি অভিভাৱকহীন হৈ পৰিলোঁ আৰু অভিভাৱকহীন বুলি ক'বলৈ বাধ্য হ'লোঁ । সেইবাবে আজি দহ দিনত হিন্দু ৰীতি-নীতি মতে আজি সমূহীয়া মুণ্ডন কাৰ্যসূচী সম্পাদন কৰোঁ ।"

লগতে কয়, "অসম চৰকাৰলৈ অনুৰোধ কৰিছোঁ, আমাৰ দাবীখিনি সমাধান কৰক । মুখ্যমন্ত্ৰী মহোদয়ৰ হস্তক্ষেপ বিচাৰিছোঁ, যাতে অতি শীঘ্ৰে নাকী লগায় এই কোম্পানীটোক । আমাৰ নিচিনা একেই GVK কোম্পানীৰ অধীনত একেটা কাম কৰিয়েই মেঘালয় আৰু তেলেংগনাৰ কৰ্মীয়ে বজাৰ মূল্যৰ লগত খাপ খোৱাকৈ ৩০ হাজাৰ দৰমহা পাব পাৰে । আমাৰো দক্ষতা কম নহয় । আজি আমাৰ লগত এনে কিয় হৈছে । আমাক কিয় অন্যায় কৰা হ'ল । আজি এইখিনিয়ে প্ৰশ্ন অসম চৰকাৰক উত্থাপন কৰিব বিচাৰিছোঁ । আমাৰ সমস্যা সমাধান নোহোৱাকৈ GVK কোম্পানীয়ে আমাৰ এক হাজাৰ কৰ্মীক চাকৰিৰ পৰা অব্যাহতি দিছে । আমাৰ দাবীখিনি সমাধান কৰিব লাগিব । যদি আমাৰ সমস্যাৰ সমাধান নহয় আমি অনির্দিষ্টকাললৈ প্ৰতিবাদ কৰি যাম ।"

উল্লেখ্য যে বিগত ৯ টা দিন ধৰি কেইবাশ প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰাৰ পিছতো অকণো গা লৰা নাই ১০৮ মৃত্যুঞ্জয় সেৱা কৰ্তৃপক্ষৰ । কৰ্মচাৰীৰ প্ৰতিবাদক গুৰুত্ব নিদিয়াকৈ প্ৰতিষ্ঠানটোৱে শেহতীয়াকৈ ৮ শতাধিক চালকক অস্থায়ী ভিত্তিত নিয়োগ কৰাৰ লগতে ৮ শতাধিক ই এম টি, চালক আৰু জৰুৰীকালীন সঁহাৰি বিষয়াৰূপে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিযুক্তি দি প্ৰশিক্ষণো দিছে ।

প্ৰতিবাদী কৰ্মচাৰীৰ দাবীক গুৰুত্ব নিদিয়া প্ৰতিষ্ঠানটোৰ ভূমিকাক লৈ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে । ইপিনে কৰ্মচাৰীসকলে গণতান্ত্ৰিক প্ৰতিবাদ অব্যাহত ৰাখিছে যদিও তেওঁলোকৰ দাবী পূৰণ হ'ব নে নাই ইয়াকে লৈ প্ৰশ্ন উত্থাপন হৈছে ।

উল্লেখ্য যে সম-কামৰ সম-অধিকাৰ, চাকৰিৰ নিশ্চয়তা, দৰমহা বৃদ্ধি, বীমাৰ সুবিধা, অ'ভাৰ টাইমৰ ভাট্টা নিশ্চিয়তাকে ধৰি কেইবাটাও দাবীৰে এই অনিৰ্দিষ্টকালীন প্ৰতিবাদ কৰিছে ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই ।

লগতে পঢ়ক :ব্যাহত ১০৮ মৃত্যুঞ্জয় সেৱা : কৰ্মচাৰীৰ আন্দোলনৰ মাজতে নতুন নিযুক্তি প্ৰক্ৰিয়া, ৮০০ নতুন নিযুক্তি
লগতে পঢ়ক :১০৮ মৃত্যুঞ্জয় সেৱাৰ কৰ্মচাৰীৰ আন্দোলনৰ মাজতে নতুনকৈ ৭০০ নিযুক্তি : কঠোৰ ই এম আৰ আই গ্রীণ হেল্থ চাৰ্ভিচেছ কৰ্তৃপক্ষ