কৰ্মচাৰীৰ আন্দোলনৰ মাজতে ৰাজ্যজুৰি সূচল ১০৮ মৃত্যুঞ্জয় সেৱা
চাকৰিৰ নিয়মীয়াকৰণ আৰু প্ৰাপ্য আদায়ৰ দাবীত চচলত আৰম্ভ কৰা সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ অনিৰ্দিষ্টকালীন কৰ্মবিৰতি-অৱস্থান ধৰ্মঘট কাৰ্যসূচীয়ে বুধবাৰে দশমটো দিন অতিক্ৰম কৰে ।

Published : December 10, 2025 at 10:52 PM IST
গুৱাহাটী: কৰ্মচাৰীৰ আন্দোলনৰ পাছতো ৰাজ্যত ১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা সম্পূৰ্ণৰূপে পুনৰ আৰম্ভ কৰা হৈছে আৰু সম্পূর্ণ স্বাভাৱিক কার্যকলাপ দ্রুতগতিত হৈ আছে । এই কথা সদৰি কৰিছে ১০৮ সেৱা পৰিচালনা কৰা ই এম আৰ আই গ্ৰীণ হেল্থ চাৰ্ভিচেছ কৰ্তৃপক্ষই ।
বুধবাৰে ই এম আৰ আই গ্ৰীণ হেল্থ চাৰ্ভিচেছৰ মানৱ সম্পদ বিভাগৰ মুৰব্বী সিদ্ধাৰ্থ লস্কৰে কয়, ‘‘সমগ্ৰ ৰাজ্যখনত ১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা সম্পূৰ্ণৰূপে পুনৰ আৰম্ভ কৰা হৈছে আৰু সম্পূর্ণ স্বাভাৱিক কার্যকলাপ দ্রুতগতিত হৈ আছে । অসমৰ জনসাধাৰণৰ বাবে নিৰৱচ্ছিন্ন জৰুৰীকালীন সঁহাৰি নিশ্চিত কৰিবলৈ ই এম আৰ আয়ে সফলতাৰে সকলো জিলাত প্ৰায় ১২৭০ জন কৰ্মচাৰীক বাছনি, প্ৰশিক্ষণ আৰু নিয়োজিত কৰিছে । ৯০ জন ই আৰ অ'ক ২৪ ঘণ্টাই কাম-কাজৰ বাবে কল চেণ্টাৰত বাছনি, প্ৰশিক্ষণ আৰু মোতায়েন কৰা হৈছে ৷ ইয়াৰোপৰি জিলা প্ৰশাসনে ক্ষেত্ৰীয় কাৰ্যকলাপ অধিক শক্তিশালী কৰিবলৈ প্ৰায় ৩০০ জন কৰ্মচাৰী প্ৰদান কৰি গুৰুত্বপূৰ্ণ সমর্থন আগবঢ়াই আহিছে । তদুপৰি ৭০০ৰো অধিক চালকে দৈনিক মজুৰিৰ আধাৰত এম্বুলেন্স পৰিচালনা কৰি আছে । যি দিন আৰু ৰাতি দুয়োটা সময়ৰ কভাৰেজ নিশ্চিত কৰে ।’’

তেওঁ লগতে কয়, ‘‘মুঠ ১,৬০০ জন চালক আৰু ৭০০ জন ই এম টিয়ে ৰাজ্যব্যাপী কাম-কাজত সহায় আগবঢ়াই আছে । মেনেজমেণ্টে যিকোনো বাকী থকা কৰ্মচাৰীৰ ব্যৱধান পূৰণ কৰিবলৈ ই এম টি আৰু এ এন এম নাৰ্চকে ধৰি দক্ষ জনশক্তি নিৰন্তৰভাৱে নিয়োগ কৰি আছে । ১০৮ কল চেণ্টাৰটো সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাৰ বাবে সকলো জৰুৰীকালীন কলৰ সময়মতে সঁহাৰি নিশ্চিত কৰিবলৈ নতুনকৈ নিয়োগ কৰা হৈছে । ১০৮ সেৱাৰ ওপৰত জনসাধাৰণৰ আস্থা পুনৰুদ্ধাৰ কৰা হৈছে । ই এম আৰ আই গ্রীণ হেল্থ চাৰ্ভিচেছে অসমৰ জনসাধাৰণক আগৰ দৰে মৃত্যুঞ্জয় ১০৮ এম্বুলেন্স সেৱাত ফোন কৰি সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে । কিয়নো সমগ্ৰ ৰাজ্যতে এম্বুলেন্স সম্পূৰ্ণৰূপে উপলব্ধ আৰু কাৰ্যক্ষম । ই এম আৰ আই সেউজ স্বাস্থ্য সেৱা, অসম প্রতিদিনে প্রতি মিনিটত জীৱন ৰক্ষা কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ ।’’
উল্লেখ্য যে চাকৰিৰ নিয়মীয়াকৰণ আৰু প্ৰাপ্য আদায়ৰ দাবীত গুৱাহাটীৰ চচলত আৰম্ভ কৰা সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাৰ অনিৰ্দিষ্টকালীন কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘট কাৰ্যসূচীয়ে বুধবাৰে দশমটো দিন অতিক্ৰম কৰে । বিগত দহদিন ধৰি চচলৰ ধৰ্ণাস্থলীত প্ৰাপ্য আদায়ৰ দাবীৰে ধৰ্মঘট আৰম্ভ কৰা কৰ্মচাৰীসকলৰ অনির্দিষ্টকালীন কৰ্মবিৰতি অব্যাহত আছে ।
বুধবাৰে পুনৰ কৰ্মচাৰী সন্থাৰ সদস্যসকলে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । কৰ্মচাৰী সন্থাৰ উদ্যোগত জি ভি কে ই এম আৰ আই গ্ৰীণ হেল্থ ছাৰ্ভিচ, ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন আৰু শ্ৰম বিভাগৰ ১০ দিনীয়া প্ৰতীকী দহা কাৰ্যসূচীৰূপে ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰীসকলে সমূহীয়া মুণ্ডন কৰি প্ৰতিবাদ সাব্যস্ত কৰে । কৰ্মচাৰীৰ প্ৰতিবাদৰ মাজতে কৰ্তৃপক্ষই ১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰিছে ।
লগতে পঢ়ক: ব্যাহত ১০৮ মৃত্যুঞ্জয় সেৱা : কৰ্মচাৰীৰ আন্দোলনৰ মাজতে নতুন নিযুক্তি প্ৰক্ৰিয়া, ৮০০ নতুন নিযুক্তি

