ব্যাহত ১০৮ মৃত্যুঞ্জয় সেৱা : কৰ্মচাৰীৰ আন্দোলনৰ মাজতে নতুন নিযুক্তি প্ৰক্ৰিয়া, ৮০০ নতুন নিযুক্তি
ৰাজ্যজুৰি প্ৰতিবাদৰ মাজতে ই এম আৰ আই গ্রীণ হেল্থ চাৰ্ভিচেছ কৰ্তৃপক্ষই আৰম্ভ কৰিছে নতুনকৈ নিযুক্তি দিয়া প্ৰক্ৰিয়া ।

Published : December 6, 2025 at 10:44 PM IST
গুৱাহাটী : কৰ্মচাৰীৰ আন্দোলনৰ মাজতে ১০৮ মৃত্যুঞ্জয় এম্বুলেন্স সেৱাত নতুনকৈ নিযুক্তি দিয়া প্ৰক্ৰিয়া দ্ৰুতগতিত আৰম্ভ কৰা হৈছে । ইতিমধ্যে ৮০০ৰো অধিক ই এম টি পাইলট আৰু জৰুৰীকালীন সঁহাৰি বিষয়া (ই আৰ অ') নিযুক্তি দিয়া হৈছে আৰু লগতে এই নিযুক্তি অভিযান জৰুৰীভাৱে অব্যাহত ৰাখিছে ।
বিগত ছয়দিন ধৰি কৰ্মবিৰতিৰে আন্দোলন অব্যাহত ৰাখিছে ১০৮ মৃত্যুঞ্জয় এম্বুলেন্স সেৱাৰ কৰ্মচাৰীসকলে । ফলত ৰাজ্যত ব্যাহত হৈ পৰিছে জৰুৰীকালীন ১০৮ সেৱা । সদৌ অসম ১০৮ মৃত্যুঞ্জয় কৰ্মচাৰী সন্থাই নিজৰ দাবীত অটলহৈ অব্যাহত ৰখা আন্দোলনৰ মাজতে এই সেৱা পৰিচালিত কৰা ই এম আৰ আই গ্রীণ হেল্থ চাৰ্ভিচেছ কৰ্তৃপক্ষই নতুনকৈ নিযুক্তি দিয়া প্ৰক্ৰিয়া আৰম্ভ কৰিছে ।

কৰ্তৃপক্ষই ১০৮ সেৱা ব্যাহত নোহোৱাকৈ পৰিচালনা কৰাৰ বাবে ইতিমধ্যে ৰাজ্যজুৰি ৮০০ৰো অধিক স্থানীয় যুৱক-যুৱতীক চালক আৰু জৰুৰীকালীন সঁহাৰি বিষয়া হিচাপে নিযুক্তি দিছে । এই কথা জানিবলৈ দিয়ে ই এম আৰ আই গ্রীণ হেল্থ চাৰ্ভিচেছৰ মানৱ সম্পদ বিভাগৰ মুৰব্বী সিদ্ধার্থ লস্কৰে ।
তেওঁ কয়, "ই এম আৰ আই গ্রীণ হেল্থ চাৰ্ভিচেছে সমগ্ৰ অসমত ১০৮ মৃত্যুঞ্জয় জৰুৰীকালীন এম্বুলেন্স সেৱা ব্যাহত নোহোৱাৰ বাবে দ্রুতগতিত কাম কৰি আছে । আজি সন্ধিয়ালৈ ৰাজ্যজুৰি ৭৫০খন এম্বুলেন্স কার্যক্ষম হৈছে । নাগৰিকসকলৰ বাবে নিৰবিচ্ছিন্ন জৰুৰীকালীন সঁহাৰি সেৱা বজাই ৰাখিবলৈ ই এম আৰ আই কৰ্তৃপক্ষই নিযুক্তিৰ প্ৰচেষ্টা ত্বৰান্বিত কৰিছে ।"

তেওঁ কয়, "ইতিমধ্যে ৮০০ৰো অধিক ই এম টি পাইলট আৰু জৰুৰীকালীন সঁহাৰি বিষয়া নিযুক্তি দিয়া হৈছে । এই নিযুক্তি অভিযান জৰুৰীভাৱে অব্যাহত আছে । তদুপৰি তাৎক্ষণিক সেৱাৰ ধাৰাবাহিকতা ৰক্ষা কৰিবলৈ প্রায় ৮০০ জন চালকক অস্থায়ী ভিত্তিত নিয়োগ কৰা হৈছে ।"
তেওঁ কয়, "তদুপৰি ৫৬০-৬০০ গৰাকী চালক আৰু এ এন এম নাৰ্ছক জিলা প্রশাসনে ফিল্ড অপাৰেচন শক্তিশালী কৰিবলৈ নিয়োজিত কৰিছে । বর্তমান প্রায় ৫০ শতাংশ এম্বুলেন্স ই এম টি আৰু নাৰ্ছৰ সৈতে চলি আছে আৰু বাকী সোনকালেই কাৰ্যক্ষম কৰি তোলা হ'ব ।"

তেওঁ লগতে কয়, "যথেষ্ট প্ৰত্যাহ্বান স্বত্বেও ই এম আৰ আইয়ে ৰোগীক অনা-নিয়া কৰাৰ ক্ষেত্রত কোনো ধৰণৰ বাধা নোহোৱাকৈ নিজৰ কাৰ্য সম্পাদন কৰিবলৈ সক্ষম হৈছে । আনহাতৰ ই এম টি আৰু নাৰ্ছসকলে পৰিবহণৰ সময়ত ৰোগীসকলক যত্ন প্ৰদান কৰা প্ৰক্ৰিয়া অব্যাহত ৰাখিছে ।"
তেওঁ কয়, "ই এম আৰ আইয়ে বাকী থকা ৫০ শতাংশ ই এম টি মানৱশক্তি অহা কেইদিনমানৰ ভিতৰত নিয়োজিত কৰিব । যাৰ ফলত সেৱাৰ সম্পূৰ্ণ পুনৰুদ্ধাৰ সম্ভৱ হ'ব । ই এম আৰ আইয়ে অসমৰ জনসাধাৰণৰ সেৱা কৰাৰ ক্ষেত্ৰত ইয়াৰ অটল প্ৰতিশ্ৰুতি পুনৰ নিশ্চিত কৰিব বিচাৰে ।"

তেওঁ কয়, "অসম চৰকাৰৰ নিৰ্দেশনা অনুসৰি ই এম আৰ আই কৰ্তৃপক্ষই এই প্ৰত্যাহ্বানৰ সময়ছোৱাত কোনো নাগৰিকে যাতে জৰুৰীকালীন চিকিৎসা সহায়ৰ পৰা বঞ্চিত নহয় সেয়া নিশ্চিত কৰিবলৈ সম্ভৱপৰ সকলো ব্যৱস্থা কৰি আছে । ই এম আৰ আইয়ে এইটো স্পষ্ট কৰিব বিচাৰে যে বৰ্তমান ই এম টি আৰু পাইলটৰ বৃহৎ পৰিমাণৰ নিযুক্তি কেৱল জনস্বাস্থ্য সুৰক্ষিত কৰা আৰু নিৰবিচ্ছিন্ন এম্বুলেন্স সেৱা নিশ্চিত কৰাৰ বাবে কৰা হৈছে । যাৰ ফলত আন্দোলনত থকা ই এম টি আৰু পাইলটৰ পুনৰ যোগদানৰ সুযোগ ক্রমান্বয়ে হ্রাস হ'ব ।"
তেওঁ কয়, "নিযুক্তি প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত পুনৰ নিযুক্তিৰ অনুৰোধ বিবেচনা কৰাটো কঠিন হৈ পৰিব পাৰে । কিয়নো ই এম আৰ
আইয়ে অসমৰ জনসাধাৰণক সহায় কৰিবলৈ আগবাঢ়ি অহা নৱনিযুক্ত কৰ্মচাৰীসকলৰ নিযুক্তি বাতিল কৰিব নোৱাৰে ।"

ইফালে শনিবাৰে ষষ্ঠ দিনাও ১০৮ জৰুৰীকালীন সেৱাৰ কৰ্মচাৰীসকলে চচলত প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰাখিছে । তেওঁলোকে তেওঁলোকৰ দাবীত অটল হৈ অব্যাহত ৰাখিছে প্ৰতিবাদী কাৰ্যসূচী ।

