ETV Bharat / state

১০০ শতাংশ উত্তীৰ্ণৰে উজলি উঠিল সত্ৰনগৰী মাজুলী

১০০ শতাংশ উত্তীৰ্ণৰে ৰাজ্যৰ ভিতৰতে জিলিকি উঠিল মাজুলী জিলা । দুখনকৈ শিক্ষানুষ্ঠানে উজলালে নাম ।

100 percent pass rate in the Higher Secondary Examination in Majuli
১০০ শতাংশ উত্তীৰ্ণৰে উজলি উঠিল সত্ৰনগৰী মাজুলী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 28, 2026 at 3:02 PM IST

2 Min Read
Choose ETV Bharat

মাজুলী: সদ্যঘোষিত হোৱা উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ ফলাফলত মাজুলীলৈ গৌৰৱ কঢ়িয়াই আনিলে দুখনকৈ শিক্ষানুষ্ঠানে । বাণিজ্য শাখাত ১০০ শতাংশ উত্তীৰ্ণৰ হাৰেৰে ৰাজ্যৰ ভিতৰতে জিলিকি উঠিল মাজুলী জিলা । এইবাৰ জিলাখনৰ পৰা বাণিজ্য শাখাত অৱতীৰ্ণ হৈছিল মুঠ ২৩ গৰাকী পৰীক্ষাৰ্থী । ইয়াৰে ১৩ গৰাকীয়ে প্ৰথম স্থান, ৯ গৰাকীয়ে দ্বিতীয় স্থান আৰু এগৰাকীয়ে তৃতীয় স্থান দখল কৰি জিলাখনলৈ এশ শতাংশ সফলতা অৰ্জন কৰি গৌৰৱ কঢ়িয়াই আনিছে ।

এই চমকপ্ৰদ ফলাফলৰ আঁৰত আছে চামগুৰি সত্ৰ ৰাৱণাপাৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু পীতাম্বৰ দেৱ গোস্বামী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ ঐকান্তিক প্ৰচেষ্টা । এই সাফল্যৰ পাছতেই এতিয়া চামগুৰি সত্ৰ ৰাৱণাপাৰ আদৰ্শ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত বিৰাজ কৰিছে এক উৎসৱমুখৰ পৰিৱেশে ।

১০০ শতাংশ উত্তীৰ্ণৰে উজলি উঠিল সত্ৰনগৰী মাজুলী (ETV Bharat Assam)

শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলে আনন্দ উল্লাস কৰা পৰিলক্ষিত হৈছে । বাণিজ্য শাখাৰ লগতে কলা আৰু বিজ্ঞান শাখাতো বিদ্যালয়খনে সুন্দৰ ফলাফল দেখুৱাবলৈ সক্ষম হৈছে । এই সফলতাৰ আনন্দৰ মাজতো বিদ্যালয়খনত আছে আন্তঃগাঁথনি আৰু শিক্ষকৰ তীব্ৰ নাটনি ।

বিজ্ঞান আৰু কলা শাখাৰ লগতে বাণিজ্য শাখাতো সুন্দৰ ফলাফল দেখুওৱা বিদ্যালয়খনত নাই পৰ্যাপ্ত শ্ৰেণীকোঠা, নাই পদাৰ্থ বিজ্ঞান, গণিত আৰু অসমীয়া বিষয়ৰ শিক্ষক । নিজৰ সীমাবদ্ধতাৰ মাজতো ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ অহোপুৰুষাৰ্থৰ ফলতেই আজি বিদ্যালয়খনে এই সফলতা লাভ কৰা বুলি মন্তব্য কৰে বিদ্যালয়খনৰ অধ্যক্ষাগৰাকীয়ে ।

অধ্যক্ষাগৰাকীয়ে কয়,"যিহেতু বিদ্যালয়খনত উচ্চতৰ শাখাত বহুকেইজন শিক্ষাগুৰু নাই, আমি বাহিৰৰ পৰাও কেইজনমান শিক্ষাগুৰু আনি পাঠদান কৰাইছোঁ । আমি যিমান পাৰোঁ, চেষ্টা কৰিছিলোঁ আৰু ছাত্ৰ-ছাত্ৰীসকলেও সঁহাৰি দিছিল । যাৰ ফলত আজি বিদ্যালয়খনে এই ফলাফল পাবলৈ সক্ষম হৈছে ।"

লগতে চৰকাৰলৈ বিদ্যালয়খনৰ আন্তঃগাঁথনিৰ সমস্যা দূৰ কৰিবলৈ আহ্বান জনাইছে অধ্যক্ষাগৰাকীয়ে । চৰকাৰলৈ আহ্বান জনাই কয় আমাৰ বিদ্যালয়ৰ আন্তঃগাঁথনিৰ অভাৱ আৰু খালী হৈ থকা শিক্ষকৰ পদসমূহ অতি সোনকালে পূৰণ কৰাৰ ব্যৱস্থা কৰক ।

এই সীমাবদ্ধতাৰ মাজতো ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকৰ এই প্ৰচেষ্টা সঁচাকৈয়ে প্ৰশংসনীয় । চৰকাৰে বিদ্যালয়খনৰ অভাৱ-অভিযোগসমূহ দূৰ কৰিলে ভৱিষ্যতে মাজুলীৰ শিক্ষাখণ্ডই আৰু অধিক সফলতা লাভ কৰিব বুলি আশা কৰিব পাৰি ।

লগতে পঢ়ক: উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা: মুঠ উত্তীৰ্ণৰ হাৰ ৮১.৫৪ শতাংশ, কোন শাখাত কিমান উত্তীৰ্ণ হ’ল চাওক সবিশেষ