ETV Bharat / state

সমস্যা শেষ, হাফলঙবাসীয়ে ২৪ ঘন্টাই পাব বিশুদ্ধ খোৱাপানী !

শীঘ্ৰে দূৰ হ'ব হাফলং চহৰৰ পানীৰ সমস্যা ৷ ২বছৰৰ ভিতৰত ২৪ ঘন্টাই বিশুদ্ধ খোৱাপানীৰ সুবিধা পাব হাফলং চহৰবাসীয়ে ৷

হাফলং চহৰৰ পানীৰ সমস্যা
উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য দনপাইনন থাওচেন (Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : March 16, 2026 at 11:05 AM IST

3 Min Read
Choose ETV Bharat

হাফলং : পানীয়ে প্ৰাণীৰ প্ৰাণ ৷ কিন্তু অসমৰ অন্যতম পাহাৰীয়া জিলা ডিমা হাছাওৰ সদৰ চহৰ হাফলঙত এক দীৰ্ঘদিনীয়া সমস্যা হৈছে বিশুদ্ধ খোৱাপানী ৷ ফলত পানীৰ বাবে হাফলং চহৰৰ ৰাইজ হাহাকাৰ কৰিব লগা হয় প্ৰতিদিনে ৷ কিন্তু এতিয়া আৰু হাফলং চহৰবাসীৰ দীৰ্ঘদিনীয়া পানীৰ সমস্যা সমাধান দিশে গতি কৰিছে ৷ দুবছৰৰ ভিতৰত হাফলং চহৰত পানীৰ সমস্যা দূৰ হ'ব বুলি আশা কৰিছে ৰাইজে ৷

উল্লেখ্য যে, দেওবাৰে হাফলং লাল ফিল্ডত অটল মিছন ফৰ ৰিজুভেনেশ্যন এণ্ড আৰ্বান ট্ৰেন্সফৰ্মেশ্যন চমুকৈ অমৰুট ২.০ৰ অধীনত হাফলং টাউন পানী যোগান আঁচনিৰ বাবে ভূমি পূজন অনুষ্ঠিত হয় ৷ হাফলং চহৰৰ পানী যোগানৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ লগতে হাফলঙবাসীৰ বাবে বিশুদ্ধ খোৱাপানী সুনিশ্চিত কৰাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে পৰিগণিত হৈছে এই প্ৰকল্পটো ৷ অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ উদ্যোগত দেওবাৰে এই আঁচনিৰ ভূমি পূজন কৰা হয় ৷

উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য দনপাইনন থাওচেন (Etv Bharat)

প্ৰতিকূল বতৰৰ বাবে উক্ত প্ৰকল্পৰ ভূমি পূজন অনুষ্ঠানত যদিও মন্ত্ৰী জয়ন্তমল্ল বৰুৱা উপস্থিত হ'ব নোৱাৰিলে, বিপৰীতে ভূমি পূজন অনুষ্ঠানত উপস্থিত আছিল উত্তৰ কাছাৰ পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যনিৰ্বাহক সদস্য দনপাইনন থাওচেন, প্ৰবিতা জহৰি পাৰ্বত্য স্বায়ত্বশাসিত পৰিষদৰ প্ৰধান সচিব পাৰ্থ সাৰথি, জহৰি যুগ্ম সচিব ৰেবেকা চাংচন, আমৰুট আঁচনিৰ মিছন ডিৰেক্টৰ সম্প্ৰীতি গোস্বামী ৷

ভূমি পূজন অনুষ্ঠানৰ পাছত সাংবাদিকৰ আগত দনপাইনন থাওচেনে কয়, "হাফলঙত দীৰ্ঘদিনৰ পৰা পানীৰ সমস্যা হৈ আহিছে ৷ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত এতিয়া হাফলংৰ দীৰ্ঘদিনীয়া এই পানীৰ সমস্যা সমাধানৰ বাবে এই আঁচনি হাতত লোৱা হৈছে ৷ এই নতুন পানী যোগান প্ৰকল্পই হাফলং চহৰত পানী সংকটৰ স্থায়ী সমাধান কৰিব ৷ হাফলংবাসীয়ে সন্মূখীন হোৱা এক স্থায়ী সমস্যা হৈছে বিশুদ্ধ খোৱাপানী ৷ মই নিশ্চিত যে এই প্ৰকল্পই অৱশেষত সমস্যাটো সমাধান কৰিব ৷"

ইপিনে আমৰুত আঁচনিৰ মিছন ডিৰেক্টৰ সম্প্ৰীতি গোস্বামী কয় যে, এই প্ৰকল্পৰ বাবে ব্যয় হ'ব প্ৰায় ১০০ কোটি আৰু ইয়াৰ ফলত দৈনিক ৭০ লাখ লিটাৰ পানী উৎপাদন হ’ব ৷ ফলত চহৰখনৰ পানী যোগানৰ ব্যৱস্থা যথেষ্ট উন্নত হ’ব ৷

তেওঁ লগতে কয়, "অমৰুট ২.০ ৰ অধীনত হাফলং টাউন পানী যোগান প্ৰকল্পটো হাউছ চাৰ্ভিচ কানেকচন (এইচ এছ চি)ৰ জৰিয়তে ১০,০৮৬ পৰিয়ালক উপকৃত কৰিব ৷ প্ৰকল্পটোৱে ২৪ ঘন্টাই বিশুদ্ধ খোৱাপানীৰ সুবিধা নিশ্চিত কৰিব ৷ পানীৰ উৎস পৃষ্ঠৰ উৎসৰ পৰা আহৰণ কৰা হ’ব, যিটো ৭.০ এম এল ডি ক্ষমতাৰ পানী পৰিশোধন প্লাণ্ট (ডব্লিউ টি পি) নিৰ্মাণ কৰা হ’ব ৷"

তেওঁ কয় যে, পানী বিতৰণ নিশ্চিত কৰিবলৈ এই প্ৰকল্পত সমগ্ৰ চহৰখনতে ৭০.২৫ কিল’মিটাৰ পাইপলাইন নেটৱৰ্ক স্থাপন কৰা হৈছে ৷ এই আঁচনিৰ কাম সম্পূৰ্ণ কৰাৰ বাবে ২ বছৰৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছে ৷

লগতে পঢ়ক: বৰপেটাত ভাৰ্চুৱেলী ছুপাৰ স্পেচিয়েলিটি হাস্পতালৰ আধাৰশিলা স্থাপন অমিত শ্বাহৰ