হাতত নাহৰ, বুকুত বিৰহ, প্ৰাণৰ শিল্পীৰ গীতেৰে এটি প্ৰহৰ
জুবিনময় প্ৰজ্ঞাৰ নগৰী নলবাৰী । কান্দি কান্দি কণমানিয়েও গালে প্ৰাণৰ শিল্পীগৰাকীৰ গীত । ১০ হাজাৰ লোকে একেলগে গালে ২০ টাকৈ কালজয়ী গীত ।

Published : November 7, 2025 at 12:26 PM IST
নলবাৰী: নলবাৰীৰ ঐতিহাসিক শ্ৰীশ্ৰী হৰিমন্দিৰৰ ৰাস মহোৎসৱ উপলক্ষ্যত জুবিন গাৰ্গলৈ বিশেষ শ্ৰদ্ধাঞ্জলিৰ অনুষ্ঠান । গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত প্ৰায় দহ হাজাৰ লোকে সমস্বৰে গালে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ২০টাকৈ কালজয়ী গীত । গীতিকাৰ দিগন্ত ভাৰতী, কণ্ঠশিল্পী দীপক দাসৰ নেতৃত্বত পৰিৱেশিত এই ব্যতিক্ৰমী শ্ৰদ্ধাঞ্জলিৰ সংগীত অনুষ্ঠানত সকলোৰে চকুত চকুলো । মহিলাৰ পৰা পুৰুষলৈ, কণমানিৰ পৰা জ্যেষ্ঠজনলৈ সকলোৱে চকুলো বোৱাই প্ৰাণৰ শিল্পীৰ কালজয়ী গীতবোৰ গাই গাই জনালে শ্ৰদ্ধাঞ্জলি ।
আনহাতে আজিৰ এই বিশাল শ্ৰদ্ধাঞ্জলি সংগীত পৰিৱেশন কাৰ্যসূচীত অংশগ্ৰহণ কৰা সকলোকে দিয়া হয় একোটাকৈ নাহৰ গছৰ পুলি । এই সংগীত পৰিৱেশন অনুষ্ঠানত উপস্থিত থাকি আৱেগিক হৈ পৰে বি টি চি চীফ হাগ্ৰামা মহিলাৰী ।
মহিলাৰীয়ে জুবিন গাৰ্গক স্মৰণ কৰি মৃত্যুৰ দিনা তেখেতৰ ব্যস্ততা ভাষণত ব্যক্ত কৰে । প্ৰাণৰ শিল্পীগৰাকীক হেৰুৱাই গীত পৰিৱেশনতো চকু সেমেকে হাগ্ৰামা মহিলাৰীৰ । আনহাতে এই অনুষ্ঠানত হাগ্ৰামা মহিলাৰীৰ উপৰিও উপস্থিত থাকে মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, চৰণ বড়ো, জিলা আয়ুক্ত নিবেদন দাস পাটোৱাৰী, জিলা আৰক্ষী অধীক্ষক বিবেকানন্দ দাস আৰু দিগন্ত ভাৰতীকে আদি কৰি কেইবাজনো বিশিষ্ট শিল্পী ।
এই অনুষ্ঠানত উপস্থিত থাকি জুবিন গাৰ্গৰ সহপাঠী জোনমণি গগৈ দাসেও শ্ৰদ্ধা জনাই জুবিন গাৰ্গক । শেষত প্ৰাৰ্থনা হৈ পৰা প্ৰাণৰ শিল্পীগৰাকীৰ কালজয়ী গীত 'মায়াবিনী ৰাতিৰ বুকুত'ৰে অনুষ্ঠান সামৰণি পৰে ।
অনুষ্ঠানৰ শেষত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই কয়, "১০ সহস্ৰাধিক নলবাৰীবাসীয়ে একেলগে জুবিন গাৰ্গ ডাঙৰীয়াক গানেৰে শ্ৰদ্ধাঞ্জলি জনালে । তেখেতৰ সহকৰ্মী দিগন্ত ভাৰতী ডাঙৰীয়াই সুন্দৰভাৱে ২০ টা গানৰ একেলগ কৰি প্ৰায় আধাঘণ্টা ধৰি গানৰ মাজেৰে জুবিন গাৰ্গ ডাঙৰীয়াক যি শ্ৰদ্ধাঞ্জলি জনালে সেয়া সঁচাকৈ অনন্য । আমি সকলোৱে আবেগিক হৈ গৈছোঁ । ইয়াত ১০ হাজাৰ ব্যক্তিৰ প্ৰতিটো গানেই সকলোৰে হৃদয় চুই গৈছে ।"

