মিছন বসুন্ধৰাৰ দ্বাৰা উপকৃত হৈছে ৰাজ্যৰ ১০ লাখ লোক : মুখ্যমন্ত্ৰী
ধেমাজিত প্ৰায় ৪৫ হাজাৰ হিতাধিকাৰীক ভূমিপট্টা বিতৰণ মুখ্যমন্ত্ৰীৰ । সংহত জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ো শুভাৰম্ভ ।

Published : February 27, 2026 at 8:37 PM IST
ধেমাজি: মিছন বসুন্ধৰা ৩.০ ৰ অধীনত শুকুৰবাৰে ৰাজ্যৰ বিভিন্ন পৰিয়াল, প্ৰতিষ্ঠান, ধৰ্মীয় অনুষ্ঠানে লাভ কৰিছে ভূমিপট্টা । ধেমাজিত এক অনুষ্ঠানত জিলাখনৰ কেইবা হাজাৰ হিতাধিকাৰীক ভূমিপট্টা প্ৰদান কৰা হয় ।
ধেমাজিত কেন্দ্ৰীয়ভাৱে চৰকাৰে খিলঞ্জীয়াক ভূমিপট্টা প্ৰদানৰ কাৰ্যসূচী অনুষ্ঠিত কৰে । ধেমাজিৰ হাতীগড়ৰ দেউৰীবিলত এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰি জিলাখনৰ ৪৪ হাজাৰ ৬৯৯ গৰাকী খিলঞ্জীয়া লোক তথা অনুষ্ঠান-প্ৰতিষ্ঠানক ভূমিপট্টা বিতৰণ কৰে ।
অনুষ্ঠানত অংশ লৈ মুখ্যমন্ত্ৰীয়ে কয়, "মিছন বসুন্ধৰা ৩.০ ৰ জৰিয়তে ধৰ্মীয় অনুষ্ঠান, স্কুল, কলেজ, ক্লাব, মিউজিক স্কুল এই বিভিন্ন ধৰণৰ অনুষ্ঠানে আজি গোটেই অসমজুৰি মাটিৰ পট্টা লাভ কৰিছে ৷ নন কেডাষ্ট্ৰেল ভিলেজত বাস কৰা লোকসকলৰ গাঁও আমি কেডাষ্ট্ৰেল ভিলেজলৈকে ৰূপান্তৰ কৰি আমি মাটিৰ পট্টা প্ৰদান কৰিছোঁ ৷ প্ৰায় ২ লাখ লোকে আজিৰ দিনটোত ভূমিপট্টা লাভ কৰিবলৈ সক্ষম হ'ব ৷ মিছন বসুন্ধৰা ১,২ আৰু ৩ মিলাই চৰকাৰে ১০ লাখ পৰিয়ালক আমি উপকৃত কৰিব পাৰিছোঁ ৷ অসম চৰকাৰৰ এটা সফলতম আঁচনি আছিল । পৰৱৰ্তী সময়তো বসুন্ধৰা ৪ আমি আৰম্ভ কৰিম । যাতে এইবাৰো বাদ পৰি যোৱা জনসাধাৰণক অহাবাৰ সমাহিত কৰি ল'ব পাৰিম ।"
ইফালে অগপ-বিজেপিৰ মিত্ৰতা প্ৰসংগত কয় যে মিত্ৰজোঁটত নিৰ্বাচন খেলিলে ভাল পায় । কিন্তু যিবিলাক আসন দুয়োটা দলে এৰি দিব নোৱাৰে তাত বন্ধুত্বমূলক অৱতীৰ্ণ হ'ব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
উল্লেখ্য যে অসম চৰকাৰৰ উন্নয়নমূলক কাৰ্যসূচীৰ অংশ হিচাৰে শুকুৰবাৰে ধেমাজিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই দুটাকৈ চৰকাৰী কাৰ্যালয় শুভাৰম্ভ কৰে । ৪৯ কোটি ব্যয় সাপেক্ষে ৫ মহলীয়া সংহত জিলা আয়ুক্ত কাৰ্যালয় উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । একেদৰে ৩.৬৫ কোটি ব্যয় সাপেক্ষে ধেমাজি জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ো মুখ্যমন্ত্ৰীয়ে মুকলি কৰে ৷ এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ লগতে ৰাজহ মন্ত্ৰী কেশৱ মহন্ত, শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু, শক্তি মন্ত্ৰী প্ৰশান্ত ফুকন, সাংসদ প্ৰদান বৰুৱা, বিধায়ক ভূৱন পেগু উপস্থিত থাকে ৷
লগতে পঢ়ক :মিছন বসুন্ধৰাৰ অধীনত সৰুপথাৰত ১০৩১ গৰাকী হিতাধিকাৰীক ভূমিপট্টা বিতৰণ

