বেদখলমুক্ত হৈছে ১ লাখ ৪৫ হাজাৰ বিঘা বনাঞ্চলৰ ভূমি; দখল কৰিলে উচ্ছেদ হ'বই- বাৰ্তা বনমন্ত্ৰীৰ
নৱগঠিত টিহু বিধানসভা সমষ্টিত বিজেপিৰ দেৱাল লিখন কাৰ্যসূচীত বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ।

Published : January 6, 2026 at 11:05 AM IST
নলবাৰী : ৰাজ্য় চৰকাৰে বৰ্তমানলৈকে ১ লাখ ৪৫ হাজাৰ বিঘা বনাঞ্চলৰ ভূমি বেদখলমুক্ত কৰিছে । এই তথ্য় সদৰী কৰি বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৷ আগন্তুক দিনতো বেদখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলি থাকিব বুলি সকীয়াই দিয়ে বনমন্ত্ৰী পাটোৱাৰীয়ে ।
ৰাজ্য়ৰ বনাঞ্চলৰ ভূমিত উচ্ছেদ চলি থকা প্ৰসংগত বনমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি কয় যে নিজৰ ঘৰ-মাটি থকাৰ পিচতো একাংশই এইদৰে বনাঞ্চলৰ ভূমি বেদখল কৰিছে ।
সোমবাৰে নৱগঠিত টিহু বিধানসভা সমষ্টিত বিজেপিৰ দেৱাল লিখন কাৰ্যসূচীৰ আৰম্ভ কৰি বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে বেদখল উচ্ছেদ প্ৰসংগত কয়, "যিবিলাক অঞ্চল বনভূমি তাত আচলতে কোনো মানুহে বসতি কৰিব নোৱাৰে । এয়া এখন আইন আৰু তাত আমি অনুমতি দিলেও উচ্চতম ন্যায়ালয়ে সেয়া পৰ্যবেক্ষণ কৰি থাকে । ন্যায়ালয়ৰ কথা আমি মানিবই লাগিব । আমি আহ্বান জনাইছো কোনো লোকে যাতে বনাঞ্চল দখল কৰিব নাযায় । বনাঞ্চল দখল কৰিব নালাগে । বনাঞ্চল দখল কৰিলে সেই ঠাইত উচ্ছেদ হ'বই আৰু যিসকল লোকে তাত বেদখল কৰিছে সেইসকলৰ নিজস্ব ঘৰ-মাটি আছে ।"
"তেওঁলোকে সেইবোৰ এৰি আহি বনাঞ্চলৰ ভূমি দখল কৰি আছে । সেয়া কোনেও কৰিব নালাগে । এতিয়ালৈকে আমি ১ লাখ ৪৫ হাজাৰ বিঘা বনাঞ্চলৰ ভূমি বেদখলমুক্ত কৰিলো । আগন্তুক দিনত যিসকল মানুহে বনাঞ্চলৰ ভূমিত বসতি কৰি আছে সকলোতে উচ্ছেদ চলি থাকিব ।" বনমন্ত্ৰী পাটোৱাৰীয়ে এইদৰে কয় ।
উল্লেখ্য যে, সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে প্ৰথমে সমষ্টিটোৰ বৰক্ষেত্ৰী-পশ্চিম নলবাৰী মণ্ডলৰ কান্ধবাৰীত ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ লক্ষ্য়ৰে বিজেপিৰ দেৱাল লিখনৰ শুভাৰম্ভণি কৰে মন্ত্ৰী পাটোৱাৰীয়ে । সমান্তৰালকৈ মণ্ডলটোৰ কুমাৰীকাটাতো এই কাৰ্যসূচীৰ আৰম্ভ হয় সন্ধিয়াৰ ভাগত ।

উক্ত অনুষ্ঠানৰ অন্তত এখন সভা অনুষ্ঠিত কৰি আগন্তুক নিৰ্বাচন সন্দৰ্ভত ভাষণ আগবঢ়ায় মন্ত্ৰীগৰাকীয়ে । ভাষণত বিভিন্ন চৰকাৰী আঁচনিৰ কথা উল্লেখ কৰে মন্ত্ৰী পাটোৱাৰীয়ে । মন্ত্ৰীগৰাকীয়ে কয়, "অসমৰ ৰাইজে এতিয়া বিজেপিক আদৰি লৈছে । বিজেপি দল নিৰ্বাচনৰ বাবে সদায় প্ৰস্তুত ।"
সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত বৰক্ষেত্ৰী আৰু নলবাৰী সমষ্টিৰ কেইবাখনো গাঁও আৰু পঞ্চায়ত টিহু বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হোৱাত মন্ত্ৰীগৰাকীয়ে কয়, "এইবোৰ অঞ্চল নতুনকৈ অন্তৰ্ভুক্ত হৈছে যদিও ইয়াৰ লোকসকলে ভাৰতীয় জনতা পাৰ্টীৰ সপক্ষেই থাকিব । কিয়নো ২০১৬ চনৰ পৰা আজিলৈকে বিজেপি চৰকাৰে যিমান উন্নয়ন কৰিছে সেয়া ৰাইজে প্ৰত্যক্ষ কৰিছে । ৰাইজৰ ওচৰত চৰকাৰখনে যিদৰে থিয় হৈছে ৰাইজে সেয়া অনুভৱ কৰিছে । আগলৈও যাতে ৰাইজৰ স্বাৰ্থত উন্নয়নৰ যাত্ৰা অব্যাহত থাকে তাৰবাবে ৰাইজে বিজেপি নেতৃত্বাধীন চৰকাৰ গঠন কৰাত সহযোগ কৰিব ।"

