পাকিস্তানৰ বিৰুদ্ধে ত্ৰিদলীয় শৃংখলাৰ দল ঘোষণা, কাৰ হাতত থাকিব দলৰ নেতৃত্ব
জিম্বাবুৱেই পাকিস্তান আৰু শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া টি-২০ ত্ৰিদলীয় শৃংখলাৰ বাবে নিজৰ দল ঘোষণা কৰিছে ।

Published : November 11, 2025 at 4:03 PM IST
হায়দৰাবাদ : পাকিস্তান আৰু শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ ত্ৰিদলীয় শৃংখলাৰ দল ঘোষণা কৰিছে জিম্বাবুৱে ক্ৰিকেট দলে ৷ মঙলবাৰে পাকিস্তানত অনুষ্ঠিত হ’বলগীয়া টি-২০ ত্ৰিদলীয় শৃংখলাৰ বাবে জিম্বাবুৱেই ১৫ জনীয়া দল ঘোষণা কৰে ৷ এই প্ৰতিযোগিতাখন আগন্তুক আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপৰ বাবে তেওঁলোকৰ প্ৰস্তুতিৰ অংশ ৷
শেহতীয়াকৈ আফগানিস্তানৰ বিৰুদ্ধে ঘৰুৱা শৃংখলা খেলা দলটোত মাত্ৰ এটা পৰিৱৰ্তনহে দেখা গৈছে ৷ পিঠিৰ আঘাতৰ বাবে দলৰ বাবে বাহিৰ হৈছে ফাষ্ট বলাৰ ব্লেছিং মুজাৰাবানি ৷ তেওঁৰ ঠাইত অনকেপড বেগী বলাৰ নিউমেন ন্যামহুৰীক অন্তৰ্ভুক্ত কৰা হৈছে ৷
Sikandar Raza to lead Zimbabwe in the tri-series in Pakistan as preparations continue for next year's #T20WorldCup 🏏
— ICC (@ICC) November 11, 2025
More 👉 https://t.co/ltP2ninydt pic.twitter.com/ZmvkqndTBj
ছিকন্দাৰ ৰাজা দলটোৰ অধিনায়ক হিচাপে থাকিব ৷ তেওঁ লগত থাকিব ৰিয়ান বাৰ্ল, ৱেলিংটন মাছাকাড্জা আৰু ৰাষ্ট্ৰীয় দললৈ ঘূৰি অহা প্ৰবীণ ব্ৰেণ্ডন টেইলৰৰ দৰে অভিজ্ঞ খেলুৱৈ ৷ ১৭ নৱেম্বৰত ৰাৱলপিণ্ডিত আয়োজক পাকিস্তানৰ বিৰুদ্ধে ত্ৰিদলীয় শৃংখলাৰ প্ৰথমখন খেল খেলিব জিম্বাবুৱেই ৷
কেনিয়াৰ বিৰুদ্ধে আকৰ্ষণীয় জয়লাভ কৰি জিম্বাবুৱেই আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে যোগ্যতা অৰ্জন কৰিছে ৷ জিম্বাবুৱেই নিজৰ আকৰ্ষণীয় প্ৰদৰ্শনৰ পিছত আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৬ আফ্ৰিকা কোৱালিফায়াৰত ২০টা দলৰ ভিতৰত অন্যতম হিচাপে নিজৰ স্থান নিশ্চিত কৰে ৷

টি-২০ ত্ৰিদলীয় শৃংখলাৰ বাবে জিম্বাবুৱেৰ দল :
ছিকন্দাৰ ৰাজা (অধিনায়ক), ব্রায়ান বেনেট, ৰিয়ান বাৰ্ল, গ্ৰেম ক্ৰেমাৰ, ব্ৰেডলি ইভান্স, ক্লাইভ মাডাণ্ডে, টিনোটেণ্ডা মাফোছা, ৱেলিংটন মাছাকাডজা, তাদিৱানাচে মাৰুমানি, টনি মুনয়ংগা, টাছিংগা মুছেকিৱা, ডিয়ন মায়াৰ্ছ, ৰিচাৰ্ড নগাৰবা, নিউমেন ন্যামহুৰি, ব্ৰেণ্ডন টেল ৷
টি-২০ ত্ৰিদলীয় শৃংখলাৰ বাবে জিম্বাবুৱেৰ সূচী :
- বনাম পাকিস্তান - ১৭ নৱেম্বৰ, ৰাৱলপিণ্ডি
- বনাম শ্ৰীলংকা - ১৯ নৱেম্বৰ, ৰাৱলপিণ্ডি
- বনাম পাকিস্তান - ২৩ নৱেম্বৰ, লাহোৰ
- বনাম শ্ৰীলংকা - ২৫ নৱেম্বৰ, লাহোৰ
- ফাইনেল - ২৯ নৱেম্বৰ, লাহোৰ

