আহি আছে ফিফা বিশ্বকাপ ২০২৬, ভাৰতত এই খেল ক’ত কি দৰে উপভোগ কৰিব আপুনি ?
ভাৰতীয় দৰ্শকেও উপভোগ কৰিব পাৰিব ফিফা বিশ্বকাপ ২০২৬ । ইতিমধ্যে এটা সম্প্ৰচাৰকৰ সৈতে চুক্তিবদ্ধ হৈছে ফিফা কৰ্তৃপক্ষ ।

Published : June 2, 2026 at 2:43 PM IST
মুম্বাই: মাজত মাত্ৰ কেইটামান দিন বাকী ৷ আৰম্ভ হ’ব এমাহজোৰা বিশ্ব ফুটবলৰ মহাৰণ ‘ফিফা বিশ্বকাপ ২০২৬’ ৷ অহা ১৯ জুনৰ পৰা ১৯ জুলাই পৰ্যন্ত চলিব ফিফা বিশ্বকাপ । ভাৰতত এই বিশ্বকাপৰ সম্প্ৰচাৰকলৈ এক অনিশ্চয়তা আছিল, যিয়ে ফুটবলপ্ৰেমীক নিৰাশ কৰিছিল । কিন্তু শেহতীয়াকৈ ভাৰতীয় ফুটবল প্ৰেমীৰ বাবে আহিছে এক ভালখবৰ ।
ভাৰতীয় দৰ্শকেও উপভোগ কৰিব পাৰিব ফিফা বিশ্বকাপ ২০২৬ । ইতিমধ্যে এটা সম্প্ৰচাৰকৰ সৈতে চুক্তিবদ্ধ হৈছে ফিফা কৰ্তৃপক্ষ । সেই চুক্তি অনুসৰি ২০২৬ চনৰ পৰা ২০৩৪ চনলৈকে ফিফা বিশ্বকাপৰ খেল সম্প্ৰচাৰ কৰিব এই কোম্পানীটোৱে ।
FIFA and ‘Z’ announce agreement to bring FIFA World Cup 2026™ and major FIFA tournaments to audiences in India until 2034
— FIFA Media (@fifamedia) June 1, 2026
👉 https://t.co/dbBmNav8pJ pic.twitter.com/e8FNKsncYY
২০২৬ চনৰ ফুটবল বিশ্বকাপৰ উপৰিও ২০৩০ চনৰ ফুটবল বিশ্বকাপ আৰু ২০২৭ চনৰ ফিফা মহিলা বিশ্বকাপো সম্প্ৰচাৰ কৰিব কোম্পানীটোৱে । ইয়াৰ উপৰিও আন কেবাখনো ফুটবল টুৰ্ণামেণ্ট সম্প্ৰচাৰৰ বাবে ফিফাৰ সৈতে চুক্তিবদ্ধ হৈছে কোম্পানীটো ।
এতিয়া নিশ্চয় আপোনাৰ জানিবলৈ মন গৈছে যে কোনটো কোম্পানীয়ে এই চুক্তি কৰিছে আৰু ভাৰতত আপুনি কোন চেলেনত ফিফা বিশ্বকাপৰ খেল চাব পাৰিব । আপোনাক বেছি উৎকণ্ঠিত নকৰি সেই কোম্পানীৰ নামটো জনাই দিওঁ ৰব ।
FIFA and ‘Z’ announce agreement to bring FIFA World Cup 2026™ and major FIFA tournaments to audiences in India until 2034! pic.twitter.com/BqUuoxZ7xI
— FIFA World Cup HQ (@FIFAWCHQ) June 1, 2026
ভাৰতত ফিফা বিশ্বকাপ সম্প্ৰচাৰৰ বাবে সোমবাৰে ফিফাৰ সৈতে চুক্তিবদ্ধ হৈছে জী এণ্টাৰটেইনমেণ্ট এণ্টাৰপ্ৰাইজ (ZEE)৷ দুয়োপক্ষই এক দীৰ্ঘম্যাদী চুক্তি স্বাক্ষৰ কৰে ৷ এই চুক্তি অনুসৰিয়েই ২০২৬ চনৰ পৰা ২০৩৪ চনলৈ ৩৯ খন ফিফা টুৰ্ণামেণ্ট সম্প্ৰচাৰ কৰিব জীয়ে । ইয়াৰ ভিতৰত অন্তৰ্ভুক্ত আছে ২০২৬ চনৰ ফুটবল বিশ্বকাপ, ২০৩০ চনৰ ফুটবল বিশ্বকাপ আৰু ২০২৭ চনৰ ফিফা মহিলা বিশ্বকাপ ।
‘জী’ৰ সৈতে ফিফাৰ এয়া প্ৰথম অংশীদাৰী চুক্তি আৰু ইয়াৰ লক্ষ্য হৈছে ভাৰতত ফুটবলৰ প্ৰসাৰ যথেষ্ট বৃদ্ধি কৰা ৷ ফিফাই ইয়াক “যুৱ আৰু আবেগিক দৰ্শকৰ দ্বাৰা পৰিচালিত” ক্ৰীড়াৰ অন্যতম গুৰুত্বপূৰ্ণ বিকাশশীল বজাৰ বুলি অভিহিত কৰিছে ৷
🌏 @FIFAcom and @ZEECorporate have partnered up to deliver a broad portfolio of FIFA competitions to India until 2034, including the @FIFAWorldCup and the @FIFAWWC 🏆#IndianFootball pic.twitter.com/JRFa6X3xXq
— Indian Football (@IndianFootball) June 1, 2026
এই অংশীদাৰিত্বৰ অধীনত ‘জী’এ সমগ্ৰ দেশতে অনুৰাগীৰ সংযোগ বৃদ্ধিৰ বাবে ডিজাইন কৰা বহুভাষিক কভাৰেজৰ দ্বাৰা ইয়াৰ Unite8 Sports টেলিভিছন নেটৱৰ্ক আৰু ZEE5 প্লেটফৰ্মত ৩৯ টা ফিফা ইভেণ্ট সম্প্ৰচাৰ কৰিব ।
এই অংশীদাৰিত্বই ভাৰতৰ ফুটবল দৰ্শকক বিশ্বকাপৰ আমেজ দিব ৷ বিশেষকৈ সমগ্ৰ কেৰালা, পশ্চিম বংগ, গোৱা, কৰ্ণাটক, মুম্বাই, দিল্লী, হায়দৰাবাদ, পঞ্জাব, উত্তৰ-পূৰ্বাঞ্চল আৰু তামিলনাডুৰ কিছু অংশৰ যুৱ দৰ্শক আৰু ফিফা বিশ্বকাপৰ অনুগামীসকলৰ মাজত ই জনপ্ৰিয়তা বৃদ্ধি কৰিব ।
কেইবাখনো ৰাজ্যত ফুটবলৰ অনুৰাগী থকাৰ পাছতো অনুমান অনুসৰি ভাৰতৰ সামগ্ৰিক ক্ৰীড়া টেলিভিছনত ফুটবলৰ দৰ্শক তিনি শতাংশতকৈও কম ৷ সম্প্ৰচাৰ আৰু বিজ্ঞাপনৰ পৰিৱেশ তন্ত্ৰত ক্ৰিকেটৰ আধিপত্য অব্যাহত আছে ।
‘Z’ partners with FIFA to bring 39 global football events including FIFA World Cup 2026™, FIFA World Cup 2030™ & FIFA Women’s World Cup™ 2027 for Indian fans!
— ZEE (@ZEECorporate) June 1, 2026
Click here to read more: https://t.co/ikr5nUF1Ck#FIFAWorldCup #WorldCup2026 #FIFAonZ pic.twitter.com/jQodlVJh7T
ফিফা আৰু ZEE এ এতিয়া টেলিভিছন আৰু ডিজিটেল সম্প্ৰচাৰৰ জৰিয়তে ফুটবলৰ প্ৰসাৰ বহু পৰিমাণে বৃদ্ধি কৰাৰ লক্ষ্য লৈছে । ২০২৬ আৰু ২০৩০ চনত অনুষ্ঠিত হ’বলগীয়া ফিফা বিশ্বকাপ আৰু ২০২৭ চনৰ ফিফা মহিলা বিশ্বকাপৰ উপৰিও এই পেকেজত ফিফা পুৰুষ আৰু মহিলাৰ ১৭ বছৰ অনুৰ্ধ বিশ্বকাপ, ফিফা ২০ বছৰ অনুৰ্ধ পুৰুষ আৰু মহিলা বিশ্বকাপ, ফিফা ফুটছল পুৰুষ আৰু মহিলা বিশ্বকাপ, আৰু ফিফা আন্তঃমহাদেশীয় কাপৰ জৰিয়তেও অন্তৰ্ভুক্ত কৰা হৈছে ৷ ২০৩০ চনত এই প্ৰতিযোগিতাসমূহৰ সৈতে জড়িত তথ্যচিত্ৰৰ বিষয়বস্তুও এই চুক্তিৰ অংশ ।
কোম্পানীটোৱে জনোৱা মতে, ২০২৬ চনৰ ১১ জুনত ফিফা বিশ্বকাপ ২০২৬ৰ উদ্বোধনী মেচখন নতুনকৈ মুকলি কৰা চেনেল - Unite8 Sports ১, Unite8 Sports১ HD, Unite8 Sports২ আৰু Unite8 Sports ২ HDৰ জৰিয়তে সম্প্ৰচাৰিত হ’ব । অংশীদাৰিত্বৰ সন্দৰ্ভত মন্তব্য কৰি ফিফাৰ মুখ্য ব্যৱসায়িক বিষয়া ৰমী গাই ভাৰতক কৌশলগতভাৱে গুৰুত্বপূৰ্ণ বজাৰ বুলি অভিহিত কৰে য’ত “যুৱ আৰু আবেগিক দৰ্শকৰ দ্বাৰা পৰিচালিত’’ অপৰিসীম সম্ভাৱনা আছে ।
তেওঁ কয়, ‘‘ফিফা বিশ্বকাপ হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ শ্ব’ আৰু ভাৰতত এই শ্ব’ সম্প্ৰচাৰৰ কৰিবলৈ আমি প্ৰথমবাৰৰ বাবে ‘ZEE’ৰ সৈতে অংশীদাৰিত্ব কৰি আনন্দিত হৈছোঁ ।’’
‘ZEE’ৰ মুখ্য পৰিচালন সঞ্চালক পুনিত গোৱেংকাই কয় যে ফুটবল ভাৰতত দীৰ্ঘম্যাদী বিকাশৰ শক্তিশালী সম্ভাৱনাৰ অধিকাৰী । এই অংশীদাৰিত্বই ‘ZEE’ৰ ক্ৰীড়া ব্যৱসায়ৰ এক বৃহৎ কৌশলগত সম্প্ৰসাৰণকো প্ৰতিনিধিত্ব কৰে, য’ত ইতিমধ্যে ক্ৰিকেট, কাবাডী, মল্লযুঁজ, বেডমিণ্টন আদি অন্তৰ্ভুক্ত কৰা হৈছে । কোম্পানীটোৱে কয় যে এই পদক্ষেপৰ লক্ষ্য হৈছে ভাৰতত ''ফুটবল সংস্কৃতিক পুনৰ উজলোৱা'' আৰু নতুন প্ৰজন্মৰ খেলুৱৈ আৰু অনুৰাগীক অনুপ্ৰাণিত কৰা ।
লগতে পঢ়ক: ফিফা বিশ্বকাপ ২০২৬ ৰ বাবে আৰ্জেণ্টিনাৰ দল ঘোষণা, ষষ্ঠবাৰলৈ বিশ্বকাপৰ যুঁজত নামিব মেছি

