ETV Bharat / sports

আপুনি সদায় মোৰ প্ৰেৰণা হৈ থাকিব: ৰোনাল্ডোলৈ মহম্মদ চিৰাজৰ আৱেগিক বাৰ্তা

ফিফা বিশ্বকাপ ২০২৬ৰ পৰা পৰ্তুগালে বাহিৰ হোৱাৰ পিছত ক্রিষ্টিয়ানো ৰোনাল্ডোৰ বাবে ইনষ্টাগ্ৰামত মহম্মদ চিৰাজে এক আৱেগিক পোষ্ট লিখে ।

Md Siraj tributes Ronaldo
বিশ্বকাপৰ পৰা আৱেগিক বিদায় ৰোনাল্ডোৰ (AP)
author img

By ETV Bharat Assamese Team

Published : July 9, 2026 at 3:31 PM IST

5 Min Read
Choose ETV Bharat

হায়দৰাবাদ : ক্ৰিষ্টিয়ানো ৰোনাল্ডো । এইগৰাকী ফুটবল বিশ্বৰ মহানায়কৰ দেশে-বিদেশে আছে অগণন অনুৰাগী । ৰোনাল্ডোৰ দুভৰিৰ যাদু, তীব্ৰ গতিসম্পন্ন খেল, মগজু আৰু ভৰিৰ দ্ৰুত সঞ্চালন, সকলো সময়তে শান্ত-সমাহিত ৰূপ, গ'লৰ ক্ষুধা আৰু দলৰ বাবে এশ শতাংশ সমৰ্পণৰ স্বভাৱৰ বাবে ফুটবল বিশ্বত ৰোনাল্ডোৱে এক সুকীয়া পৰিচয় গঢ়ি তোলাৰ লগতে অনুৰাগীৰ সংখ্যা অগণিত ৰূপত লাভ কৰিছে ।

এইবাৰৰ ফিফা বিশ্বকাপ আছিল এইগৰাকী পৰ্তুগীজ ফুটবল কিংবদন্তিৰ বাবে অন্তিম বিশ্বকাপ । কিন্তু এই বিশ্বকাপত নিজৰ ছন্দ বিচাৰি পোৱা নাছিল ৰোনাল্ডোৱে । বহু চেষ্টা কৰিও তেওঁ যেন স্বাভাৱিক গতিশীলতা লাভ কৰিব পৰা নাছিল । যাৰ বাবে ৰোনাল্ডোৰ দৰে মহানায়ক এইবাৰ বিশ্বকাপত ব্যৰ্থ নায়কলৈহে ৰূপান্তৰিত হয় । ফলত তেওঁৰ অসংখ্য অনুৰাগী হতাশ হ'বলগীয়া হয় ।

বিশ্বৰ অগণন ৰোনাল্ডো অনুৰাগীৰ ভিতৰত এগৰাকী অন্যতম অনুৰাগী হৈছে ভাৰতীয় ক্ৰিকেটৰ তাৰকা বলাৰ মহম্মদ চিৰাজ । ইতিমধ্যে বিভিন্ন সময়ত চিৰাজে এই কথা অকপটে স্বীকাৰ কৰি আহিছে । আনকি নিজৰ খেলুৱৈ জীৱনত ৰোনাল্ডো হৈছে চিৰাজৰ 'ৰোল মডেল' । ইয়াৰ প্ৰমাণ তেওঁৰ প্ৰতিটো কৃতিত্বত দেখিবলৈ পোৱা যায় । প্ৰতিটো উইকেট দখলৰ পিছত চিৰাজৰ যি বিজয় উল্লাসৰ অভিব্যক্তি সেয়াও ৰোনাল্ডোৰ সৈতে একেই । কিন্তু এইবাৰ বিশ্বকাপত ৰোনাল্ডোৰ আগতীয়া প্ৰস্থানে চিৰাজকো ব্যথিত কৰি তুলিছে ।

স্পেইনৰ হাতত ৰাউণ্ড অৱ ১৬ৰ মেচত পৰাজয়ৰ পিছত পৰ্তুগালে প্ৰতিযোগিতাখনৰ পৰা প্ৰস্থান কৰে । ইয়াৰ পিছতে ভাৰতীয় পেচাৰ মহম্মদ চিৰাজে ক্রিষ্টিয়ানো ৰোনাল্ডোলৈ আৱেগিক শ্ৰদ্ধা জনায় । চিৰাজ হৈছে ৰোনাল্ডোৰ এগৰাকী দীৰ্ঘকালীন প্ৰশংসক । লগতে ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম বেগী বলাৰগৰাকীয়ে ৰোনাল্ডোক তেওঁৰ প্ৰেৰণাৰ উৎস বুলিও প্ৰকাশ কৰে ।

স্পেইনৰ বিৰুদ্ধে মেচখনত পৰাজয়ৰ পিছত চিৰাজে নিজৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীত লিখিছে, "আজি যিয়েই নহওক কিয়, আপুনি সদায় মোৰ প্ৰেৰণা হৈ থাকিব ক্রিষ্টিয়ানো । কেৱল এখন খেলে আপোনাৰ মহানতাক কেতিয়াও সংজ্ঞায়িত কৰিব নোৱাৰে । বিশ্বৰ লাখ লাখ লোকক অনুপ্ৰাণিত কৰাৰ বাবে ধন্যবাদ ।"

ছিৰাজে প্ৰায়ে ভাৰতীয় পেচ বলিঙৰ প্ৰতি থকা নিজৰ দায়িত্বৰ কথা প্ৰকাশ কৰে আৰু প্ৰায়ে ৰোনাল্ডোৰ 'ছিউউউ' উদযাপন অনুকৰণ কৰে । ফুটবল বিশ্বৰ শ্ৰেষ্ঠ খেলুৱৈগৰাকীৰ দৰে একে নিচিনাকৈ তেওঁ জাঁপ মাৰি উল্লাস প্ৰদৰ্শন কৰে । তেওঁৰ এই শেহতীয়া শ্ৰদ্ধা নিবেদনত বিশ্বকাপৰ ইতিহাসত ৰাষ্ট্ৰীয় দললৈ আগবঢ়োৱা অৱদানৰ পিছত ৰোনাল্ডোক প্ৰশংসা কৰা অগণন অনুৰাগীৰ প্ৰশংসাও প্ৰতিফলিত হয় ।

ইয়াৰ উপৰি ২০২৫ চনত অ’ভেলত ইংলেণ্ডৰ বিৰুদ্ধে ভাৰতে ছয় ৰানত নাটকীয় জয়লাভ কৰি এণ্ডাৰছন-টেণ্ডুলকাৰ ট্ৰফীত ২-২ ব্যৱধানত সমতা স্থাপন কৰাৰ পিছত চিৰাজে প্ৰকাশ কৰিছিল যে তেওঁ পৰ্তুগালৰ মহানায়কগৰাকীৰ এখন ছবি ‘বিলিভ’ কেপচনৰ সৈতে নিজৰ ফোনৰ ৱালপেপাৰ কৰি লৈছিল ।

উল্লেখ্য যে পৰ্তুগালৰ হৈ ৰোনাল্ডোৰ অন্তিমখন বিশ্বকাপ এক হতাশাজনক ৰূপত সমাপ্ত হয় । কিয়নো ৯১ মিনিটত মাইকেল মেৰিনোৱে দিয়া গ’লত পৰ্তুগাল ১-০ ব্যৱধানত পৰাস্ত হৈছিল । পাঁচবাৰৰ বেলন ডিঅ’ৰ বিজয়ীগৰাকীয়ে নিজৰ বিশ্বকাপ যাত্ৰাত এৰি থৈ গৈছে এনে এক উত্তৰাধিকাৰী, যাৰ তুলনা কৰাটো কঠিন । তেওঁ বৰ্তমানো ছখন বিভিন্ন বিশ্বকাপ সংস্কৰণত গ’ল দিয়া একমাত্ৰ খেলুৱৈ হৈয়েই আছে ।

আনহাতে, ক্লাব আৰু আন্তঃৰাষ্ট্ৰীয় ফুটবলত তেওঁৰ নামত আছে উল্লেখযোগ্য সন্মানৰ সম্ভাৰ । পৰ্তুগালৰ এইগৰাকী তাৰকা ফুটবলাৰে পৰ্তুগাল (স্প’ৰ্টিং লিছবন), ইংলেণ্ড (মানচেষ্টাৰ ইউনাইটেড), ইটালী (জুভেণ্টাছ), স্পেইন (ৰিয়েল মাদ্রিদ) আৰু চৌদি আৰবত (আল নাছৰ) ক্লাব ফুটবল খেলিছে ৷ ইয়াৰ উপৰি তেওঁ দুবাৰকৈ ইউএফএ নেচনছ লীগ আৰু পৰ্তুগালৰ হৈ ইউৰোপীয় চেম্পিয়নশ্বিপত জয়লাভ কৰিছে ।

ৰোনাল্ডোৱে নিজৰ কেৰিয়াৰত বিশ্বকাপৰ ছটা সংস্কৰণত ২৭ খন মেচত অংশগ্ৰহণ কৰি মুঠ ১১টা গ’ল দিয়ে । লগতে ছখন ভিন্ন বিশ্বকাপত গ’ল দিয়া তেৱেঁই হৈছে একমাত্ৰ খেলুৱৈ ।

  • ২০০৬ (জাৰ্মানী) : ৬ খন মেচ, ১টা গ’ল । পৰ্তুগালে চতুৰ্থ স্থান লাভত সহায় কৰিছিল ।
  • ২০১০ (দক্ষিণ আফ্ৰিকা) : ৪ খন মেচ, ১টা গ’ল । ৰাউণ্ড অব ১৬ত পৰ্তুগালৰ প্ৰস্থান ।
  • ২০১৪ (ব্ৰাজিল) : ৩ খন মেচ, ১টা গ’ল । গ্ৰুপ পৰ্যায়ত পৰ্তুগাল বাহিৰ হয় ।
  • ২০১৮ (ৰাছিয়া) : ৪ খন মেচ, ৪টা গ’ল । ৰাউণ্ড অব ১৬ত পৰ্তুগালৰ প্ৰৱেশ ।
  • ২০২২ (কাটাৰ) : ৫ খন মেচ, ১টা গ’ল । কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ।
  • ২০২৬ (আমেৰিকা, মেক্সিকো, কানাডা) : ৫ খন মেচ, ৩টা গ'ল । ৰাউণ্ড অব ১৬ৰ পৰা পৰ্তুগালৰ প্ৰস্থান ।
লগতে পঢ়ক :বিশ্বকাপ জয়ৰ অপূৰ্ণ আশা বুকুত বান্ধি কেৰিয়াৰৰ অন্ত পেলালে ৰোণাল্ডোৱে, স্পেইনৰ হাতত পৰাস্ত পৰ্তুগাল
লগতে পঢ়ক :বিনামূলীয়াকৈ ফিফা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেল কেনেকৈ আৰু ক'ত চাব ?