ডব্লিউ পি এল ২০২৬: গুজৰাটক পৰাস্ত কৰি তালিকাৰ শীৰ্ষত আৰ চি বি; উজলিল ৰাধা-শ্ৰেয়ংকা
মেচখনত শ্ৰেয়ংকা পাটিলে ৫ উইকেট দখল কৰাৰ বিপৰীতে ৰাধা যাদৱে ৬৬ ৰাণৰ এক উল্লেখ যোগ্য ইনিংছ উপহাৰ দিয়ে ।

Published : January 17, 2026 at 9:32 AM IST
নৱী মুম্বাই : চলিত উইমেনছ প্ৰিমিয়াৰ লীগত (ডব্লিউ পি এল) ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে (আৰ চি বি) দলৰ সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখি শুকুৰবাৰে আন এক বিজয় নিজৰ নামত কৰে । নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত আৰ চি বিয়ে গুজৰাট জায়েণ্টছক (জি জি) ৩২ ৰাণত পৰাস্ত কৰে । মেচখনত আৰ চি বিৰ অফ স্পিনাৰ শ্ৰেয়ংকা পাটিলে সুন্দৰ প্ৰদৰ্শন কৰি ৫ উইকেট দখল কৰে । বৰ্তমান পইণ্ট তালিকাৰ শীৰ্ষত আছে স্মৃতি মান্ধানাৰ দলটো ।
পাৱাৰ প্লেত চাৰিটা উইকেট হেৰুৱাই এটা সময়ত বিপদত পৰিছিল আৰ চি বি । কিন্তু সেই সময়ত ৰাধা যাদৱ আৰু ঋষা ঘোষৰ যুটিয়ে দলটোক উদ্ধাৰ কৰায়ে নহয় এক বিশাল স্ক'ৰৰ দিশে আগবঢ়াই লৈ যায় । ৰাধা যাদৱে ৪২ বলত ৬৬ ৰাণ কৰি আই পি এল ইতিহাসত প্ৰথমটো অৰ্ধশতক অৰ্জন কৰে । ৰাধা আৰু ঋষাই পঞ্চম উইকেটৰ যুটিত শতকীয় পাৰ্টনাৰশ্বিপ গঢ়ি ১০৫ ৰাণ সংগ্ৰহ কৰে । ঋষা ঘোষে ২৮ বলত ৪৪ ৰাণ কৰাৰ বিপৰীতে নাডিন ডি ক্লাৰ্কে ১২ বলত মাৰমুখী ২৬ ৰাণ সংগ্ৰহ কৰে । নিৰ্ধাৰিত ২০ অভাৰত আৰ চি বিয়ে ৭ উইকেটৰ বিনিময়ত ১৮২ ৰাণ সংগ্ৰহ কৰে ।
গুজৰাটৰ হৈ ছোফি ডাভাইন আৰু কাশ্বী গৌতম আটাইতকৈ সফল বলাৰ হিচাপে পৰিগণিত হয় । ছোফিয়ে ৩১ ৰাণত ৩ উইকেট আৰু গৌতমে ৪২ ৰাণৰ বিনিময়ত দুটা উইকেট দখল কৰে । নিজৰ সুন্দৰ প্ৰদৰ্শনৰ বাবে ৰাধা যাদৱক প্লেয়াৰ অব দ্য মেচ সন্মান প্ৰদান কৰা হয় ।
আনহাতে আৰ চি বিৰ ১৮২ বিশাল ৰাণৰ প্ৰত্যুত্তৰত গুজৰাট জায়েণ্টছেও সুন্দৰ আৰম্ভণি কৰি প্ৰথম তিনি অভাৰত ৩২ ৰাণ সংগ্ৰহ কৰে । কিন্তু পৰৱৰ্তী ৮ অভাৰত পাঁচটাকৈ উইকেট বিসৰ্জন দিয়ে । ভাৰতী ফুলমালি আৰি কাশ্বী গৌতমে ডাঙৰ ডাঙৰ শ্বট খেলি লক্ষ্য অনুসৰণৰ চেষ্টা কৰে যদিও শেষ হাঁহি মাৰে আৰ চি বিয়ে । জি জিৰ সম্পূৰ্ণ বেটাৰ ১৮.৫ অভাৰতে পেভিলিয়নলৈ উভতি যায় । দলটোৰ হৈ ভাৰতী ফুলমালিয়ে ৩৯ আৰু বেথ মুনীয়ে ২৭ সৰ্বাধিক ৰাণ সংগ্ৰহ কৰে ।
এই জয়েৰে এতিয়া শেহতীয়া পইণ্ট তালিকাত আৰ চি বিয়ে শীৰ্ষস্থান দখল কৰিছে । দলটোৱে এতিয়ালৈকে খেলা তিনিখন মেচৰ ভিতৰত তিনিওখনতে জয়লাভ কৰি ৬ পইণ্ট সংগ্ৰহ কৰিছে । আনহাতে, চাৰিখন মেচৰ ভিতৰত দুখনত জয় আৰু দুখনত পৰাজয়ৰ পিছত মুম্বাই ইণ্ডিয়ানছ ৪ পইণ্টেৰে তালিকাৰ দ্বিতীয় স্থানত আছে । সমান সংখ্যক পইণ্টেৰে গুজৰাট তৃতীয় স্থানত আছে । নেট ৰাণ ৰেট মুম্বাইতকৈ কম হোৱা বাবে গুজৰাট মুম্বাইতকৈ পিছত আছে । আনহাতে, চতুৰ্থ আৰু পঞ্চম স্থানত আছে ক্ৰমে দিল্লী আৰু ইউ পি ।
আৰ চি বি বনাম জি জি সংক্ষিপ্ত স্ক'ৰ
আৰ চি বি : ১৮২/৭ (২০ অভাৰ)
জি জি : ১৫০/১০ (১৮.৫ অভাৰ)

