ডব্লিউ পি এল ২০২৬: জয়েৰে অভিযান আৰম্ভ বৰ্তমানৰ চেম্পিয়ন মান্ধানাৰ আৰ চি বিৰ
জয়ত মুখ্য ভূমিকা লোৱা নাডিন ডি ক্লাৰ্কে অলৰাউণ্ড প্ৰদৰ্শনেৰে অৰ্ধশতক অৰ্জন কৰাৰ লগতে চাৰিটা উইকেট দখল কৰে ।

Published : January 10, 2026 at 2:16 PM IST
হায়দৰাবাদ : জয়েৰে চলিত সংস্কৰণৰ উইমেনছ প্ৰিমিয়াৰ লীগৰ অভিযান আৰম্ভ কৰিছে বৰ্তমানৰ চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে । শুকুৰবাৰে নৱি মুম্বাইৰ ডি ৱাই পাটিল স্প’ৰ্টছ একাডেমীত অনুষ্ঠিত প্ৰথমখন মেচত মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে তিনি উইকেটত জয়লাভ কৰে স্মৃতি মান্ধানাৰ আৰ চি বিয়ে। খেলখনৰ মধ্যৱৰ্তী সময়ছোৱা আছিল নাডিন ডি ক্লাৰ্ক শ্ব’ । কাৰণ প্ৰথম বলটোৰ পৰায়ে জিলিকি উঠা নাডিনে অৰ্ধশতক অৰ্জনৰ লগতে চাৰিটা উইকেট দখল কৰে । আনহাতে, তেওঁ দলটোক কঠিন অৱস্থাৰ পৰা উদ্ধাৰ কৰি মেচখনৰ সফল সমাপ্তিৰ দিশে লৈ যায় । এটা সময়ত থৰকবৰক হোৱা আৰ চি বিৰ বেটিং লাইনআপক এক কঠিন অৱস্থাৰ পৰা উদ্ধাৰ কৰি ৪৪ টা বলত ৬৩ ৰাণ সংগ্ৰহেৰে দলটোক ৰোমাঞ্চকৰ জয় সাব্যস্ত কৰাত তেওঁ সহায় কৰে ।
ডি ক্লাৰ্কৰ বেটিং বিক্ৰমেৰে তিনি উইকেটত জয় আৰ চি বিৰ
স্মৃতি মান্ধানা, গ্ৰেচ হেৰিছ, ৰিচা ঘোষ আৰু নাডিন ডি ক্লাৰ্কৰ দৰে বেটিং শক্তিৰে শক্তিশালী আৰ চি বিৰ বেটিং ইউনিটৰ বাবে ১৫৫ ৰাণৰ বিজয় লক্ষ্য অতি সহজ হ’ব বুলি আশা কৰা হৈছিল । অৱশ্যে এম আইৰ বলাৰসকলে ৭.৪ অ'ভাৰত ৬৫ ৰাণৰ ভিতৰতে আৰ চি বিৰ ৫ টাকৈ উইকেটৰ পতন ঘটোৱাত দলটো বিপদত পৰে । কিন্তু অৰুন্ধতী ৰেড্ডী (২০) আৰু ডি ক্লাৰ্কে ষষ্ঠ উইকেটত ৫২ ৰাণৰ পাৰ্টনাৰশ্বিপ গঢ়ি দলটোক ভাৰসাম্য প্ৰদান কৰে । দক্ষিণ আফ্ৰিকাৰ বেটাৰগৰাকীয়ে যুঁজাৰু মানসিকতাৰে খেলি জয়ৰ বাবে প্ৰয়োজনীয় ৰাণৰ ব্যৱধান হ্ৰাস কৰি অন্তিম দুই অ'ভাৰত ২৯ ৰাণলৈ নমাই আনে ।
A #TATAWPL classic in the season opener! 🔥
— Women's Premier League (WPL) (@wplt20) January 9, 2026
And we have just begun 😎
What a finish that from Nadine de Klerk! 🤯
Scorecard ▶️ https://t.co/IWU1URl1fr#KhelEmotionKa | #MIvRCB pic.twitter.com/FKyZhLwbto
ইফালে ভাগ্যও আছিল ডি ক্লাৰ্কৰ পক্ষত । কিয়নো দুবাৰকৈ তেওঁৰ কেছ পেলোৱা হৈছিল আৰু অন্তিম অ'ভাৰত তেওঁৰ এটা ৰাণ আউটৰ সুবিধাও হেৰুৱাইছিল । ২৫ বছৰীয়া দক্ষিণ আফ্ৰিকান বেটাৰগৰাকীয়ে মেচখনৰ অন্তিম চাৰিটা বলত দুটা বাউণ্ডেৰী আৰু দুটা ছয় মাৰি নিজৰ দলক জয়ৰ সোৱাদ দিয়ে ।
এম আইৰ সংগ্ৰহ ১৫৪/৬, ডি ক্লাৰ্কৰ চাৰিটা উইকেট দখল
ইয়াৰ পূৰ্বে মেচখনৰ আৰম্ভণিতে আৰ চি বিয়ে টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয় । ডব্লিউ পি এলত অভিষেক ঘটোৱা সোঁহতীয়া ছিমাৰ লৰেন বেলে প্ৰথম অ'ভাৰটো মেইডেনেৰে ডব্লিউ পি এলত এক সপোনৰ আৰম্ভণি কৰে । এম আইৰ অ’পেনাৰ এমেলিয়া কাৰ আৰু জি কমলিনীয়ে প্ৰথম অৱস্থাত সংগ্ৰাম কৰিবলগা হয় । কাৰ (৪) আৰু নেট-ছাইভাৰ ব্ৰুণ্ট (৪) ক্ৰিজৰ এফালে আউট হৈ যায় যদিও কমলিনীয়ে আনটো প্ৰান্তত ২৮টা বলত ৩২ ৰাণ সংগ্ৰহ কৰি দৃঢ়তা প্ৰদৰ্শন কৰে । আনহাতে, আউট হোৱাৰ পূৰ্বে অধিনায়ক হৰমনপ্ৰীত কৌৰে ২০ ৰাণ সংগ্ৰহ কৰে । সেই সময়ত এম আইৰ স্ক'ৰ আছিল ১১ অ'ভাৰত ৪ উইকেটৰ বিনিময়ত ৬৭ ৰাণ ।
🚨 Toss 🚨@RCBTweets won the toss against @mipaltan in the season opener and elected to bowl first.
— Women's Premier League (WPL) (@wplt20) January 9, 2026
Updates ▶️ https://t.co/IWU1URl1fr#TATAWPL | #KhelEmotionKa | #MIvRCB pic.twitter.com/2pdEsTzdYV
ইয়াৰ পাছত নিক'লা কেৰী (৪০) আৰু সজীৱন সাজনাই (৪৫) উইকেটৰ দুয়োটা মূৰৰ পৰা ৰাণ সংগ্ৰহ কৰি পঞ্চম উইকেটত ৪৯ বলত ৮২ ৰাণ সংযোজন কৰে । ইনিংছৰ শেষৰ অ'ভাৰত কেৰী আউট হয় যদিও সাজনাৰ সৈতে তেওঁৰ পাৰ্টনাৰশ্বিপৰ বাবেই দলটোৱে ৬ উইকেটৰ বিনিময়ত সন্মানজনক ১৫৪ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ।
আৰ চি বিৰ হৈ সফল বলাৰ হিচাপে পৰিগণিত হোৱা নাডিন ডি ক্লাৰ্কে ৪টা উইকেট দখল কৰাৰ বিপৰীতে বেল আৰু শ্ৰেয়াংকা পাটিলে এটাকৈ উইকেট দখল কৰে ।
মূল একাদশ দুটা
আৰ চি বি : স্মৃতি মান্ধানা (অধিনায়ক), গ্ৰেচ হেৰিছ, দয়ালন হেমালতা, ৰিচা ঘোষ (উইকেটৰক্ষক), ৰাধা যাদৱ, নাডিন ডি ক্লাৰ্ক, অৰুন্ধতী ৰেড্ডী, শ্ৰেয়ংকা পাটিল, প্ৰেমা ৰাৱাত, লিনচি স্মিথ, ল'ৰেন বেল ।
এম আই : নাট স্কাইভাৰ-ব্ৰুণ্ট, জি কমলিনী (উইকেটৰক্ষক), এমেলিয়া কাৰ, হৰমনপ্ৰীত কৌৰ (অধিনায়ক), অমনজোত কৌৰ, নিক'লা কেৰী, পুনম খেমনাৰ, শ্ববনম ইছমাইল, সংস্কৃতি গুপ্তা, সজীৱন সজানা, ছাইকা ইছাক ।

