ETV Bharat / sports

নতুন অধিনায়কৰে আজিৰ পৰা আৰম্ভ ৱমেনছ প্ৰিমিয়াৰ লীগ

চলিত বৰ্ষৰ ৯ জানুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ অনুষ্ঠিত হ’ব ৱমেনছ প্ৰিমিয়াৰ লীগৰ চতুৰ্থ সংস্কৰণ ।

WPL 2026
আজিৰে পৰা আৰম্ভ ৱমেনছ প্ৰিমিয়াৰ লীগ (IANS)
author img

By ANI

Published : January 9, 2026 at 8:10 PM IST

7 Min Read
Choose ETV Bharat

মুম্বাই: আজিৰে পৰা আৰম্ভ হৈছে মহিলা ক্ৰিকেটৰ বৃহত্তম টি-২০ প্ৰতিযোগিতা ‘ৱমেনছ প্ৰিমিয়াৰ লীগ’ৰ চতুৰ্থ সংস্কৰণ । নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত সম্প্ৰতি চলি আছে ডিফেণ্ডিং চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ মাজৰ প্ৰথমখন খেল ।

পাঁচটা দলে অংশগ্ৰহণ কৰিবলগীয়া ডব্লিউ পি এলত চলিত বৰ্ষত মুঠ ২২ খন মেচ অনুষ্ঠিত হ’ব ৷ প্ৰতিযোগিতাৰ অন্তিমখন মেচ ৫ ফেব্ৰুৱাৰীত বডোদৰাত অনুষ্ঠিত হ’ব ।

এতিয়ালৈকে প্ৰতিযোগিতাৰ তিনিটা সংস্কৰণ অনুষ্ঠিত হৈছে ৷ মুম্বাইয়ে দুবাৰ আৰু আৰ চি বিয়ে এবাৰকৈ দখল কৰিছে খিতাপ । দিল্লীয়ে প্ৰতিবাৰেই ফাইনেলত প্ৰৱেশ কৰিছে যদিও খিতাপ দখল কৰিবলৈ সক্ষম হোৱা নাই ৷ আনহাতে, ইউ পি ৱাৰিয়ৰ্ছ আৰু গুজৰাট জায়েণ্টছে আশা সজীৱ কৰি ৰাখিছে যদিও ট্ৰফী জয় কৰিবলৈ সক্ষম হোৱা নাই ৷

কেতিয়া উপভোগ কৰিবলৈ পাব ৱমেনছ প্ৰিমিয়াৰ লীগ ২০২৬ ?

মহিলা প্ৰিমিয়াৰ লীগৰ দিনৰ মেচসমূহ ৩.৩০ বজাৰ পৰা আৰম্ভ হ’ব ৷ বিপৰীতে নিশাৰ মেচসমূহ ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব ।

ক’ত উপভোগ কৰিব ৱমেনছ প্ৰিমিয়াৰ লীগ ২০২৬ ?

WPL 2026 ৰ আটাইবোৰ খেল ষ্টাৰ স্প’ৰ্টছ নেটৱৰ্কত সম্প্ৰচাৰ কৰা হ’ব । জিঅ’ হটষ্টাৰ এপতো উপলব্ধ হ’ব ৱমেনছ প্ৰিমিয়াৰ লীগৰ খেলসমূহৰ পোনপটীয়া সম্প্ৰচাৰ ৷

ৱমেনছ প্ৰিমিয়াৰ লীগ ২০২৬ ৰ দল আৰু খেলুৱৈসমূহ

দিল্লী কেপিটেলছ

এইবাৰ নতুন কৌশলেৰে খেলত নামিব দিল্লী কেপিটেলছে । বিগত তিনিটাকৈ সংস্কৰণৰ অধিনায়ক হিচাপে মেগ লেনিঙৰ বিদায়ৰ পিছত ভাৰতীয় তাৰকা ক্ৰিকেটাৰ জেমিমাহ ৰড্ৰিগেছে গ্ৰহণ কৰিছে দলটোৰ অধিনায়কৰ দায়িত্ব ।

দলটোৰ খেলুৱৈসকল

জেমিমাহ ৰড্ৰিগেছ(অধিনায়ক), তানিয়া ভাটিয়া(উইকেটকীপাৰ), এম মমতা(উইকেটকীপাৰ), ল’ৰা বোল্বাডৰ্ট, শ্বেফালী বাৰ্মা, মাৰিজেন কপ্প, চিনেলে হেনৰী, লিজেল লী, আলানা কিং, লুচি হেমিল্টন, স্নেহ ৰাণা, মিন্নু মণি, শ্ৰী চৰণী, দিয়া যাদৱ, নিকি প্ৰসাদ আৰু নন্দনী শৰ্মা ।

ইউ পিৰ বাবে মেগ মেজিকে ফল দিবনে ?

ইউ পি ৱাৰিয়ৰ্ছে এই সংস্কৰণৰ বাবে তেওঁলোকৰ দলৰ অধিনায়ক হিচাপে নিযুক্তি দিছে দিল্লীৰ প্ৰাক্তন অধিনায়ক মেগ লেনিঙক । তেওঁৰ অভিজ্ঞতাই ইউ পি ৱাৰিয়ৰ্ছৰ চিন্তাধাৰাক ধনাত্মক ফল প্ৰদান কৰিব বুলি দল পৰিচালনা সমিতি আত্মবিশ্বাসী । মেগ লেনিঙৰ লগতে টীম ইণ্ডিয়াৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ দীপ্তি শৰ্মা এই দলৰ এক প্ৰধান শক্তি ।

দলটোৰ খেলুৱৈসকল

মেগ লেনিং(অধিনায়ক), শ্বেতা ছেহৰাৱত(উইকেটকীপাৰ), শিপ্ৰা গিৰি(উইকেটকীপাৰ), কিৰণ নৱগিৰে, হৰলিন দেওল, ফ’এবে লিচফিল্ড, দীপ্তি শৰ্মা, ডিএণ্ড্ৰা ড’টিন, ছ’ফী এক্লেষ্টোন, আশা শ্বোভানা জয়, শিখা পাণ্ডে, ক্ৰান্তি গৌড়, প্ৰতিকা ৰাৱাল, ছিমৰণ শ্বেখ, ক্ল’ ট্ৰায়োন, জি তৃষা, সুমন মীনা আৰু চাৰ্লি নট ৷

মুম্বাই ইণ্ডিয়ানছ

মুম্বাই ইণ্ডিয়ানছক সদায় এটা স্থায়ী দল যেন অনুভৱ হয় ৷ হৰমনপ্ৰীত কৌৰৰ অধিনায়কত্বত নেট চেৱাৰ্ড ব্ৰুণ্ট আৰু আমেলিয়া কেৰৰ দৰে খেলুৱৈয়ে দলটোক শক্তিশালী কৰি তুলিছে ।

দলটোৰ খেলুৱৈসকল

হৰমনপ্ৰীত কৌৰ(অধিনায়ক), জি কমলিনী(উইকেটকীপাৰ), ৰাহিলা ফিৰদৌছ(উইকেটকীপাৰ), হেলে মেথিউছ, অমনজোৎ কৌৰ, অমেলিয়া কেৰ, নট সাইবৰ-ব্ৰুণ্ট, নিকোলা কেৰী, শ্ববনম ইছমাইল, পুনম খেমনাৰ, মিলি ইলিংৱৰ্থ, এছ সাজনা, সংস্কৃতি গুপ্তা, সৈকা ইশাক, ক্ৰান্তি ৰেড্ডী আৰু ত্ৰিবেণী বশিষ্ঠ

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু

আৰ চি বিৰ কথা ক’বলৈ গ’লে স্মৃতি মন্ধানাৰ অধিনায়কত্বত তেওঁলোকে এই ছিজনত নিজকে ডিফেণ্ডিং চেম্পিয়ন বুলি প্ৰমাণ কৰিবলৈ বিচাৰিব । অৱশ্যে এই ছিজনত এলিছ পেৰীৰ অনুপস্থিতি দলটোৰ বাবে এক মোক্ষম আঘাত ।

দলটোৰ খেলুৱৈসকল

স্মৃতি মন্ধানা(অধিনায়ক), ৰিচা ঘোষ(উইকেটকীপাৰ), জৰ্জিয়া বোল, গৌতমী নাইক, গ্ৰেছ হেৰিছ, নাদিন ডি ক্লাৰ্ক, পূজা বস্ত্ৰকাৰ, ৰাধা যাদৱ, শ্ৰেয়ংকা পাটিল, অৰুন্ধতী ৰেড্ডী, লৰেন বেল, ডি হেমলতা, সয়ালী সতঘৰে, প্ৰেমা ৰাৱট, লিন্সে স্মিথ আৰু কুমাৰ প্ৰথ্যোশা ।

গুজৰাট জায়েণ্টছ

ৱমেনছ প্ৰিমিয়াৰ লীগৰ বিগত তিনিটা সংস্কৰণত গুজৰাট জায়েণ্টছৰ বিশেষ প্ৰভাৱ পৰা নাই যদিও এইবাৰ নতুন কৌশল লৈ খেলপথাৰত নামিব দলটো ৷ এছলি গাৰ্ডনাৰৰ অধিনায়কত্বত তেওঁলোকে ছফী ডিভাইনৰ দৰে অভিজ্ঞ খেলুৱৈক দলত অন্তৰ্ভুক্ত কৰিছে ।

দলটোৰ খেলুৱৈসকল

এছ গাৰ্ডনাৰ(অধিনায়ক), বেথ মুনী(উইকেটকীপাৰ), য়াষ্টিকা ভাটিয়া(উইকেটকীপাৰ), শিবানী সিং(উইকেটকীপাৰ), ডেনি ব্য়াট-হজ, ছ’ফী ডিভাইন, জৰ্জিয়া বেয়ৰহেম, কিম গাৰ্থ, ৰেণুকা সিং ঠাকুৰ, তিতাছ সাধু, তনুজা কানৱাৰ, কাশৱী গৌতম, কণিকা আহুজা, ৰাজেশ্বৰী গাইকোৱাড়, ভাৰতী ফুলমালী, হেপ্পী কুমাৰ, অনুষ্কা শৰ্মা আৰু আয়ুষী ছোনী ৷

প্ৰতিটো দলে নিজৰ দুৰ্বলতাসমূহ পৰীক্ষা কৰি এইবাৰ বৃহৎ যুঁজৰ বাবে সাজু হৈছে । মুঠতে দেখা গৈছে যে WPL 2026 বিশেষ হ’ব । দিল্লীৰ নতুন অধিনায়কৰ আগমন আৰু মেগ লেনিঙৰ দৰে খেলুৱৈৰ ইউ পিত অন্তৰ্ভুক্তিয়ে প্ৰতিযোগিতাখনক আৰু অধিক আকৰ্ষণীয় কৰি তুলিছে । এতিয়া এই চতুৰ্থ ছিজনত নতুন চেম্পিয়নৰ উন্মেষ ঘটিব নে মুম্বাই আৰু আৰ চি বিয়ে পুনৰ ট্ৰফী নিজৰ দখললৈ নিব, সেয়া হ’ব লক্ষণীয় ৷

WPL ২০২৬ ৰ সূচী

নৱী মুম্বাইৰ ডাঃ ডি ৱাই পাটিল স্প’ৰ্টছ একাডেমীত ৯ জানুৱাৰীৰ পৰা ১৭ জানুৱাৰীলৈ ৱমেনছ প্ৰিমিয়াৰ লীগৰ সকলো খেল অনুষ্ঠিত হ’ব ।

  • ৯ জানুৱাৰী - মুম্বাই ইণ্ডিয়ানছ বনাম ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু, সন্ধিয়া ৭.৩০ বজাত
  • ১০ জানুৱাৰী - (দুখনকৈ খেল) গুজৰাট জায়েণ্টছ বনাম ইউ পি ৱাৰিয়ৰ্ছ, দিনৰ ৩.৩০ বজাত আৰু মুম্বাই ইণ্ডিয়ানছ বনাম দিল্লী কেপিটেলছ, সন্ধিয়া ৭.৩০ বজাত
  • ১১ জানুৱাৰী - দিল্লী কেপিটেলছ বনাম গুজৰাট জায়েণ্টছ, সন্ধিয়া ৭.৩০ বজাত
  • ১২ জানুৱাৰী - ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু বনাম ইউ পি ৱাৰিয়ৰ্ছ, সন্ধিয়া ৭.৩০ বজাত
  • ১৩ জানুৱাৰী - মুম্বাই ইণ্ডিয়ানছ বনাম গুজৰাট জায়েণ্টছ, সন্ধিয়া ৭.৩০ বজাত
  • ১৪ জানুৱাৰী - দিল্লী কেপিটেলছ বনাম ইউ পি ৱাৰিয়ৰ্ছ, সন্ধিয়া ৭.৩০ বজাত
  • ১৫ জানুৱাৰী - মুম্বাই ইণ্ডিয়ানছ বনাম ইউ পি ৱাৰিয়ৰ্ছ, সন্ধিয়া ৭.৩০ বজাত
  • ১৬ জানুৱাৰী - গুজৰাট জায়েণ্টছ বনাম ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু, সন্ধিয়া ৭.৩০ বজাত
  • ১৭ জানুৱাৰী - (দুখনকৈ খেল) মুম্বাই ইণ্ডিয়ানছ বনাম ইউ পি ৱাৰিয়ৰ্ছ, দিনৰ ৩.৩০ বজাত আৰু দিল্লী কেপিটেলছ বনাম ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু, সন্ধিয়া ৭.৩০ বজাত

১৯ জানুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীলৈ বডোদৰাৰ বি চি এ ষ্টেডিয়ামত অনুষ্ঠিত হ’ব সকলো খেল ।

  • ১৯ জানুৱাৰী - গুজৰাট জায়েণ্টছ বনাম ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু, সন্ধিয়া ৭.৩০ বজাত
  • ২০ জানুৱাৰী - দিল্লী কেপিটেলছ বনাম মুম্বাই ইণ্ডিয়ানছ, সন্ধিয়া ৭.৩০ বজাত
  • ২২ জানুৱাৰী - গুজৰাট জায়েণ্টছ বনাম ইউ পি ৱাৰিয়ৰ্ছ, সন্ধিয়া ৭.৩০ বজাত
  • ২৪ জানুৱাৰী - দিল্লী কেপিটেলছ বনাম ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু, সন্ধিয়া ৭.৩০ বজাত
  • ২৬ জানুৱাৰী - মুম্বাই ইণ্ডিয়ানছ বনাম ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু, সন্ধিয়া ৭.৩০ বজাত
  • ২৭ জানুৱাৰী - গুজৰাট জায়েণ্টছ বনাম দিল্লী কেপিটেলছ, সন্ধিয়া ৭.৩০ বজাত
  • ২৯ জানুৱাৰী - ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু বনাম ইউ পি ৱাৰিয়ৰ্ছ, সন্ধিয়া ৭.৩০ বজাত
  • ৩০ জানুৱাৰী - গুজৰাট জায়েণ্টছ বনাম মুম্বাই ইণ্ডিয়ানছ, সন্ধিয়া ৭.৩০ বজাত
  • ১ ফেব্ৰুৱাৰী - দিল্লী কেপিটেলছ বনাম ইউ পি ৱাৰিয়ৰ্ছ, সন্ধিয়া ৭.৩০ বজাত
  • ৩ ফেব্ৰুৱাৰী - এলিমিনেটৰ, সন্ধিয়া ৭.৩০ বজাত
  • ৫ ফেব্ৰুৱাৰী - ফাইনেল, সন্ধিয়া ৭.৩০ বজাত

লগতে পঢ়ক: কি হ’ব আগন্তুক টি-২০ বিশ্বকাপ ? বাংলাদেশে অংশগ্ৰহণ কৰিবনে ?