ETV Bharat / sports

তিনিবাৰ স্বপ্নভংগ হোৱাৰ পিছত এইবাৰ বাস্তৱায়িত হ’বনে দিল্লীৰ সপোন ! আজি WPL খিতাপৰ যুঁজ

দিল্লী কেপিটেলছৰ এইখন চতুৰ্থখন ফাইনেল মেচ আনহাতে আৰ চি বি দ্বিতীয়বাৰৰ বাবে ফাইনেলত অৱতীৰ্ণ হৈছে ৷

WPL 2026
দিল্লী কেপিটেলছ বনাম ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (IANS PHOTO)
author img

By ETV Bharat Assamese Team

Published : February 5, 2026 at 1:05 PM IST

4 Min Read
Choose ETV Bharat

হায়দৰাবাদ : মহিলা প্ৰিমিয়াৰ লীগৰ চতুৰ্থ ছিজনৰ চূড়ান্ত খেলখন আজি (৫ ফেব্ৰুৱাৰী) দিল্লী কেপিটেলছ (ডি চি) আৰু ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (আৰ চি বি)ৰ মাজত অনুষ্ঠিত হ’ব ৷ বদোদৰাৰ কোটাম্বি ষ্টেডিয়ামত সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ’ব খিতাপ দখলৰ খেলখন ৷ আৰ চি বিয়ে টেবুলত শীৰ্ষস্থান দখল কৰি ফাইনেলত প্ৰৱেশ কৰাৰ বিপৰীতে দিল্লীয়ে এলিমিনেটৰত গুজৰাট জায়েন্টছক পৰাস্ত কৰি নিজৰ স্থান নিশ্চিত কৰে ৷

দিল্লী কেপিটেলছৰ ওচৰত ডব্লিউ পি এলৰ ফাইনেলত প্ৰৱেশ আৰু ইয়াৰ পৰা সন্মুখীন হ’বলগীয়া প্ৰত্যাহ্বানৰ যথেষ্ট অভিজ্ঞতা আছে ৷ কাৰণ তেওঁলোকৰ একেৰাহে চতুৰ্থবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিছে ৷ অৱশ্যে তেওঁলোকে বৰ্তমানলৈ খিতাপ জয় কৰিব পৰা নাই ৷ এতিয়া এই চূড়ান্ত অভিশাপ ভাঙিবলৈ তেওঁলোকৰ ওচৰত আকৌ এবাৰ সোণালী সুযোগ আছে ৷

WPL ২০২৪ ফাইনেলৰ পুনৰাবৃত্তি

২০২৪ চনৰ আৰ চি বি আৰু ডি চিৰ মাজত অনুষ্ঠিত হোৱা ফাইনেলখন যদি মনত আছে তেন্তে ডব্লিউ পি এল ২০২৬ৰ ফাইনেলখনক ২০২৪ চনৰ ফাইনেলৰ পুনৰাবৃত্তি বুলি কোৱাটো ভুল নহ’ব৷ ২০২৪ চনৰ ফাইনেলত প্ৰথম বেটিং কৰি ডি চিয়ে শ্বেফালি বাৰ্মা আৰু মেগ লেনিঙৰ উজ্জ্বল বেটিঙৰ সহায়ত ৭.১ অভাৰত ৬৪ ৰাণ সংগ্ৰহ কৰিছিল ৷ অৱশ্যে আৰ চি বিয়ে পুনৰ ফৰ্মত আহি ১১৩ ৰাণত ডি চিক অল আউট কৰে আৰু মাত্ৰ দুটা উইকেট হেৰুৱাই সহজেই খিতাপ মেচখন জয় কৰিবলৈ সক্ষম হয় ৷ ইয়াৰ ঘটনাক্ৰমৰ দুবছৰৰ পাছত দিল্লী কেপিটেলছৰ ওচৰত উচিত প্ৰত্যুত্তৰ দিয়াৰ সুযোগ আছে ৷

WPL 2026
জেমিমা ৰড্ৰিগেছ আৰু স্মৃতি মান্ধনা (IANS PHOTO)

আকৌ জয়ী হ’বনে আৰ চি বি ?

২০২৪ চনত আৰ চি বিয়ে প্ৰথম খিতাপ দখল কৰিছিল যদিও ২০২৫ চনত ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে ৷ এইবাৰ ২০২৬ চনত দলটো টেবুল টপাৰ হিচাপে ফাইনেলত প্ৰৱেশ কৰিছে ৷ অৱশ্যে এইটোও সঁচা যে ডব্লিউ পি এলৰ ইতিহাসত টেবুল টপাৰগৰাকীয়ে কেতিয়াও ফাইনেলত জয়ী হোৱা নাই ৷ ইয়াৰ আটাইতকৈ বিশিষ্ট উদাহৰণ হ’ল দিল্লী কেপিটেলছ, যিয়ে প্ৰতিবাৰেই টেবল টপাৰ হিচাপে ফাইনেলত প্ৰৱেশ কৰে যদিও চূড়ান্ত খেলখনত পৰাস্ত হয় ৷ এইবাৰ আৰ চি বিয়ে ৮খন মেচৰ পৰা মুঠ ১২ পইণ্ট লাভ কৰি ৬খন জয় আৰু দুখন পৰাজয়ৰ সৈতে শীৰ্ষস্থান দখল কৰে ৷ এতিয়া আৰ চি বিয়ে টেবুল টপাৰৰ অভিশাপ ভাঙি প্ৰমাণ কৰাৰ সুযোগ পাইছে যে তেওঁলোকে আধিপত্যক খিতাপলৈ ৰূপান্তৰিত কৰিবলৈ সম্পূৰ্ণৰূপে সক্ষম ৷

ডব্লিউ পি এলত আৰ চি বি বনাম ডি চি হেড টু হেড ৰেকৰ্ড

এতিয়ালৈকে দুয়োটা দলে ৯ বাৰ মুখামুখি হৈছে, দিল্লী কেপিটেলছে নিজৰ অধিপত্য স্থাপন কৰিছে ৷ দিল্লীয়ে ৯খন মেচৰ ৬খনত জয়লাভ কৰাৰ বিপৰীতে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে মাত্ৰ তিনিখন খেলত জয়লাভ কৰিছে ৷ বদোদৰাত দুয়োটা দলৰ মাজত দুখন মেচ অনুষ্ঠিত হৈছে আৰু দুয়োটা দলে এখনকৈ মেচত জয়লাভ কৰিছে ৷

ডব্লিউ পি এল ২০২৬ৰ ফাইনেল: বদোদাৰা পিটচ ৰিপৰ্ট

বদোদৰাৰ পিটচত বেটাৰসকলৰ বাবে ভাল ৷ চলিত ডব্লিউ পি এলত ১০খন মেচত গড়ে ১৫৯ ৰাণ কৰা হৈছে ৷ ইয়াৰ বেছিভাগ দলেই টছত জয়ী হৈ প্ৰথমে বেটিং কৰিবলৈ আহি উচ্চ স্ক’ৰ কৰিবলৈ বিচাৰে ৷

WPL 2026 ফাইনেল লাইভ ষ্ট্ৰীমিং

দিল্লী কেপিটেলছ আৰু আৰ চি বিৰ মাজত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত খেলখন ষ্টাৰ স্প’ৰ্টছ নেটৱৰ্কত সম্প্ৰচাৰিত হ’ব, আনহাতে মেচখনৰ লাইভ ষ্ট্ৰীমিং জিঅ’হটষ্টাৰ এপত উপলব্ধ হ’ব ৷

WPL 2026 ফাইনেল: দুয়োটা দলৰ স্কোৱাড

দিল্লী কেপিটেলছ : লিজেল লি (উইকেটকীপাৰ), শ্বেফালি বাৰ্মা, ল’ৰা উলভাৰ্ড, জেমিমা ৰড্ৰিগেছ (অধিনায়ক), মাৰিজান কাপ, চিনেলে হেনৰী, নিকি প্ৰসাদ, স্নেহ ৰাণা, মিন্নু মণি, শ্ৰী চৰণী, নন্দনী শৰ্মা, আলানা কিং, তনিয়া ভাটিয়া, লুচি হেমিল্টন, প্ৰগতি সিং, এদালা শ্ৰুজানা ৷

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু : গ্ৰেচ হেৰিছ, স্মৃতি মান্ধনা (অধিনায়ক), জৰ্জিয়া ভল, ৰিচা ঘোষ (উইকেটকীপাৰ), ৰাধা যাদৱ, নাদিন ডি ক্লাৰ্ক, পূজা বস্ত্ৰকাৰ, অৰুন্ধতী ৰেড্ডী, সয়ালি সাতঘৰে, শ্ৰেয়ংকা পাটিল, লৰেন বেল, লিন্সি স্মিথ, দয়ালন হেমালাথা, প্ৰথ্যোছা কুমাৰ, গৌতমী নাইক, প্ৰেম ৰাৱট ৷

লগতে পঢ়ক : এলিমিনেটৰত গুজৰাটক ৭ উইকেটত পৰাস্ত কৰি একেৰাহে চতুৰ্থবাৰৰ বাবে ফাইনেলত প্ৰৱেশ দিল্লীৰ

ডব্লিউ পি এলৰ ফাইনেলৰ দিশত এখোজ আগুৱালে জেমিমাৰ দিল্লী, স্বপ্নভংগ হ’ল হৰমনপ্ৰীত এণ্ড কোম্পানীৰ

দ্বিতীয়বাৰৰ বাবে ডব্লিউ পি এল ফাইনেলত প্ৰৱেশ স্মৃতিৰ আৰ চি বি