ছেমি ফাইনেলৰ পূৰ্বে ছফী এক্লেষ্টোনৰ প্ৰত্যাৱৰ্তনক লৈ আশাবাদী ইংলেণ্ড
আজি বৰ্ষাপাৰাত আই চি চি মহিলা বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেল ৷ সমুখ সমৰত নামিব দক্ষিণ আফ্ৰিকা আৰু ইংলেণ্ড ৷

By ANI
Published : October 29, 2025 at 12:11 PM IST
গুৱাহাটী: আই চি চি মহিলা বিশ্বকাপৰ অন্তিম চাৰিৰ যুঁজত মুখামুখি হ’ব দক্ষিণ আফ্ৰিকা আৰু ইংলেণ্ড ৷ বুধবাৰে গুৱাহাটী মহানগৰীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মহিলা বিশ্বকাপৰ প্ৰথমখন ছেমি ফাইনেল ৷
মেচত অংশগ্ৰহণৰ পূৰ্বে ইংলেণ্ড দললৈ প্ৰত্যাৱৰ্তন ঘটোৱাৰ সম্ভাৱনা আছে দলটোৰ ষ্টাৰ স্পিনাৰ ছফী এক্লেষ্টোন ৷
দেওবাৰে গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত ইংলেণ্ডে নিউজিলেণ্ডৰ বিৰুদ্ধে ৮ উইকেটত জয়লাভ কৰিছিল ৷ ৬ খন মেচত ১২ টা উইকেট দখল কৰি পঞ্চম সৰ্বাধিক উইকেট দখল কৰাৰ কৃতিত্ব অৰ্জন কৰা এক্লেষ্টোনে দেওবাৰে গ্ৰুপ পৰ্যায়ৰ অন্তিমখন খেলত অংশগ্ৰহণ কৰে । প্ৰতিপক্ষই এটা বাউণ্ডেৰী কোবাওতে বলটোক বাধা দিবলৈ চেষ্টা কৰাৰ সময়তে ক্ৰিকেটাৰগৰাকীয়ে পৰি বাওঁখন কান্ধত আঘাত পায় ৷
শীৰ্ষ ৰেংকিঙৰ মহিলা বলাৰগৰাকীয়ে চিকিৎসাৰ বাবে আধাতে খেলপথাৰ পৰিত্যাগ কৰে । স্কাই স্প’ৰ্টছৰ প্ৰতিবেদন অনুসৰি, এক্লেষ্টোনে ষ্টেৰন’ক্লেভিকুলাৰ গাঁঠিত আঘাত পাইছে । গ্ৰুপ পৰ্যায়ৰ অন্তিমখন মেচ আৰু ছেমি ফাইনেলৰ মাজত মাত্ৰ তিনিদিন বাকী থকাৰ সময়তে এক্লেষ্টোনৰ দলত অংশগ্ৰহণক লৈ সন্দেহৰ অৱতাৰণা হৈছিল ৷ অৱশ্যে অন্তিম চাৰিৰ যুঁজত বলাৰগৰাকীয়ে ল’ব পৰা ভূমিকাক লৈ দলৰ আন আন খেলুৱৈসকলে উৎসাহিত হৈ আছে ৷
ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডৰ এগৰাকী মুখপাত্ৰৰ উদ্ধৃতিৰে স্কাই স্প’ৰ্টছে কয়, ‘‘ছফী এক্লেষ্টোনৰ বাওঁকান্ধৰ এম আৰ আই স্কেনৰ ৰিপ’ৰ্টত খেলুৱৈগৰাকীৰ কলাৰব’নৰ ওচৰৰ গাঁঠিটোত সামান্য আঘাত পোৱা দেখা গৈছে । বুধবাৰে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া আই চি চি মহিলা বিশ্বকাপৰ ছেমি ফাইনেলৰ পূৰ্বে প্ৰত্যাৱৰ্তনৰ সম্ভাৱনা আছে ৷’’
ইংলেণ্ডৰ সৰ্বাধিক উইকেট দখলকাৰী এক্লেষ্টোনে স্পিন দক্ষতাৰে খেলপথাৰত বিধ্বংসী ৰূপ ধাৰণ কৰিব বুলিও অধিনায়ক নেট স্কাইভাৰ ব্ৰাণ্টে বিশ্বাস কৰে ।
এক সংবাদমেলত ছাইভাৰ ব্ৰাণ্টে সাংবাদিকৰ আগত কয়, ‘‘আমি আত্মবিশ্বাসী যে তেওঁ সাজু হৈ উঠিব । অৱশ্যে ১০০ শতাংশ সুস্থ নহ’বও পাৰে যদিও তেওঁ এগৰাকী খেলুৱৈ ৷ গতিকে তেওঁৰ শাৰিৰীক অৱস্থা যেনেকুৱাই নহওক কিয়, তেওঁ মেচত অংশগ্ৰহণ কৰিব বিচাৰিবই ৷’’
ইংলেণ্ডৰ প্ৰাক্তন অধিনায়ক নাছেৰ হুছেইনে বিশ্বাস কৰে যে এক্লেষ্টোনে এই প্ৰতিযোগিতাৰ বাবে সুস্থ হোৱাটো ইংলেণ্ডৰ বাবে এক বৃহৎ কৃতিত্ব ৷ তেওঁ কয়, ‘‘এয়া বহুত ভাল খবৰ যে এক্লেষ্টোন ঠিকেই আছে ৷ কিয়নো তেওঁ পূৰ্বেও কান্ধৰ সমস্যাত ভূগিছিল আৰু ভিজাগত অনুষ্ঠিত শেষৰখন মেচত পুনৰ আঘাতপ্ৰাপ্ত হৈছিল ৷’’
‘‘কিন্তু আমি তেওঁক দলৰ আন আন সদস্যৰ সৈতে হোটেলত থকা দেখিছো, যি বহু ভাল কথা ৷ সেয়া অতি গুৰুত্বপূৰ্ণ, অতি আকৰ্ষণীয় । যোৱা নিশা যেতিয়া ইংলেণ্ডৰ দলটো গুৱাহাটীলৈ আহিছিল, তেতিয়া তেওঁ নেটত বলিং অনুশীলন কৰা দেখা গৈছিল ৷ মেচৰ মিডল অভাৰবোৰত এক্লেষ্টোনৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ বিবেচিত হ’ব ৷’’ - হুছেইনে কয় ৷
লগতে পঢ়ক: বৰষুণৰ বাবে ভাৰত-অষ্ট্ৰেলিয়াৰ ছেমি ফাইনেল মেচখন বাতিল হ’লে কি হ’ব ? কোনটো দলে ফাইনেলত প্ৰৱেশ কৰিব ?

