অষ্ট্ৰেলিয়াক পৰাস্ত কৰি বিশ্বকাপৰ ফাইনেলত ভাৰত; জেমিমাৰ শতকীয় ইংনিছ
মহিলা বিশ্বকাপৰ ছেমি ফাইনেলত অষ্ট্ৰেলিয়াক ৫ উইকেটত পৰাস্ত কৰি ফাইনেলত ভাৰত । ফাইনেলত দক্ষিণ আফ্ৰিকাৰে হ’ব মুখামুখি

Published : October 30, 2025 at 4:17 PM IST
|Updated : October 31, 2025 at 1:02 AM IST
হায়দৰাবাদ : আই চি চি মহিলা এদিনীয়া বিশ্বকাপ ২০২৫ৰ ছেমি ফাইনেলত অষ্ট্ৰেলিয়াক ৫ উইকেটত পৰাস্ত কৰি ভাৰতে ফাইনেলত প্ৰৱেশ কৰে । এতিয়া ভাৰতে তৃতীয়খন এদিনীয়া বিশ্বকাপৰ ফাইনেল খেলিব আৰু ২ নৱেম্বৰত চূড়ান্ত খিতাপৰ বাবে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ।
নৱী মুম্বাইৰ ডি ৱাই পাটিল ক্ৰিকেট ষ্টেডিয়াম অষ্ট্ৰেলিয়াই নিৰ্ধাৰণ কৰি দিয়া ৩৩৯ ৰাণৰ লক্ষ্য খেদি খেদি ভাৰতে ৪৮.৩ অভাৰত ৫টা উইকেট হেৰুৱাই ৩৪১ ৰাণ সংগ্ৰহ কৰি মেচখনত জয়লাভ কৰে । ভাৰতৰ জয়ৰ তাৰকা জেমিমা ৰড্ৰিগেছে অপৰাজিত ১২৭ ৰাণ সংগ্ৰহ কৰে ।
India will meet South Africa in the #CWC25 Final 🤩🇮🇳 pic.twitter.com/Q0SALrqKgX
— ICC (@ICC) October 30, 2025
সোনকালে পেভেলিয়লৈ উভতিল শেফালী আৰু মান্ধনা
অষ্ট্ৰেলিয়াৰ ৩৩৯ ৰাণৰ লক্ষ্য খেদি স্মৃতি মান্ধনা আৰু শ্বেফালী বাৰ্মাই ইনিংছৰ আৰম্ভণি কৰে । কিম গাৰ্থে দ্বিতীয় অভাৰত দুটা চাৰিৰে ১০ ৰাণ সংগ্ৰহ কৰা শ্বেফালিক আউট কৰে । ইয়াৰ পিছতে মান্ধনাক ব্যক্তিগত ২৪ ৰাণত কিম গাৰ্থে এলিছা হিলীৰ হাতত উইকেটৰ পিছফালে আউট কৰে । মান্ধনাক পেভেলিয়নলৈ উভতি অহা সময়ত অসন্তুষ্ট যেন দেখা যায় । এটা সময়ত ভাৰতে ৯.২ অভাৰত ৫৯ ৰাণত ২ উইকেট হেৰুৱাইছিল ।
জেমিমা ৰড্ৰিগেছৰ শতকে দিলে জয়ৰ সোৱাদ
ইয়াৰ পিছতে জেমিমা ৰড্ৰিগেছ আৰু হৰমনপ্ৰীত কৌৰে ইনিংছটো স্থিৰ কৰি স্ক’ৰ ২২৬ লৈ বৃদ্ধি কৰে । হৰমনপ্ৰীত কৌৰৰ ৰূপত ভাৰতে তৃতীয়টো আঘাতৰ সন্মুখীন হয় । ৮৮টা বলত ১০টা চাৰি আৰু ২টা ছয়ৰ সহায়ত ৮৯ ৰাণ সংগ্ৰহ কৰা হৰমন এনাবেল চাথাৰলেণ্ডৰ হাতত আউট হয় । ইয়াৰ পিছতে দলৰ হৈ দীপ্তি শৰ্মাই ২৪ ৰাণ আৰু ৰিচা ঘোষে ২৬ ৰাণ সংগ্ৰহ কৰে । এই সময়ছোৱাত জেমিমাই দলটোৰ হৈ শতক সম্পূৰ্ণ কৰে । তেওঁ ১০টা চাৰিৰ সহায়ত ১১৫টা বলত ১০০ ৰাণ সংগ্ৰহ কৰে ।
Jemimah Rodrigues stands tall as India beat Australia to book #CWC25 final berth in a historic chase 🔥#INDvAUS 📝: https://t.co/9KxaD9Y7AI pic.twitter.com/BW2MqEM91v
— ICC (@ICC) October 30, 2025
ভাৰতৰ হৈ জেমিমাহ ৰড্ৰিগেছে ১৩৪টা বলত ১৪টা চাৰিৰ সহায়ত ১২৭ ৰাণৰ অপৰাজিত ইনিংছ খেলে । তেওঁৰ লগতে অমনজোৎ কৌৰে অপৰাজিত ১৫ ৰাণ সংগ্ৰহ কৰি ভাৰতক জয় সোৱাদ দি ফাইনেলত স্থান দখল কৰে । ইংলেণ্ডৰ হৈ কিম গাৰ্থ আৰু এনাবেল চাথাৰলেণ্ডে দুটাকৈ উইকেট দখল কৰে ।
A knock to remember!
— ICC (@ICC) October 30, 2025
Jemimah Rodrigues' stunning hundred guides India into the #CWC25 final 👏🎉
She wins the @aramco POTM award for her stellar performance 👌 pic.twitter.com/3t8NHci1yE
৩৩৮ ৰাণত অল আউট হৈছিল অষ্ট্ৰেলিয়া
অষ্ট্ৰেলিয়াৰ হৈ ইনিংছৰ আৰম্ভণি কৰে ফিবি লিচফিল্ড আৰু এলিছা হিলীয়ে । দুয়োৱে ৫.১ অভাৰত প্ৰথম উইকেটৰ বাবে ২৫ ৰাণ সংযোজন কৰে । ক্ৰাণ্তি গৌড়ে এলিছা হিলীক ৫ ৰাণত আউট কৰি ভাৰতৰ হৈ প্ৰথমটো উইকেট লয় । ইয়াৰ পিছত লিচফিল্ডৰ সৈতে এলিছ পেৰীয়ে দলটোৰ স্ক’ৰ ১৮০ লৈ বৃদ্ধি কৰে ।
ফিবি লিচফিল্ডৰ উজ্জ্বল শতক
ফিবি লিচফিল্ডে এক উজ্জ্বল ইনিংছ খেলিছিল । তেওঁ প্ৰথমে ৪৫টা বলত ১০টা চাৰিৰ সহায়ত ৫০ ৰাণ সংগ্ৰহ কৰে আৰু তাৰ পিছত ১৭টা চাৰি আৰু ১টা ছয়ৰে ৭৭টা বলত ১০০ ৰাণ সংগ্ৰহ কৰে । ইয়াৰ জৰিয়তে লিচফিল্ডৰ তৃতীয়টো এদিনীয়া শতক কৰে । ২৮ নং অভাৰৰ দ্বিতীয় বলত অমনজোৎ কৌৰে তেওঁক ক্লীন বল কৰে । তেওঁ দলটোলৈ ১১৯ ৰাণৰ বৰঙণি আগবঢ়ায় ।
Phoebe Litchfield brings up her third ODI ton in the #CWC25 semi-final against India 👏
— ICC (@ICC) October 30, 2025
Watch #INDvAUS LIVE in your region, broadcast details here ➡️ https://t.co/ULC9AuHQ4P pic.twitter.com/Yy4Ju8WDkO
পেৰী আৰু গাৰ্ডনাৰৰ অৰ্ধশতক
অষ্ট্ৰেলিয়াৰ হৈ এলিছ পেৰীয়ে ৬৬টা বলত ৫টা চাৰি আৰু ১টা ছয়ৰে ৫০ ৰাণ সংগ্ৰহ কৰে । পেৰীক ৰাধা যাদৱে ৭৭ ৰাণত আউট কৰে । অষ্ট্ৰেলিয়াৰ হৈ বেথ মুনীয়ে ২৪ ৰাণ কৰাৰ বিপৰীতে কিম গাৰ্থে ১৬ ৰাণ সংগ্ৰহ কৰে । এছলি গাৰ্ডনাৰে অন্তিম অভাৰত অৰ্ধশতক অৰ্জন কৰে । ৪৫টা বলত গাৰ্ডনাৰে ৪টা চাৰি আৰু ৪টা ছয়ৰে ৬৫ ৰাণ সংগ্ৰহ কৰে । তেওঁ ৰাণ আউট হৈ পেভেলিয়নলৈ উভতি আহে । ভাৰতৰ হৈ দীপ্তি শৰ্মাই সৰ্বাধিক তিনিটা উইকেট দখল কৰে । শ্ৰীচৰণীয়ে দুটা, ৰাধা যাদৱ, ক্ৰাণ্তি গৌড় আৰু অমনজোৎ কৌৰে এটাকৈ উইকেট দখল কৰে ।
টছত জয়ী হৈ বেটিং কৰাৰ সিদ্ধান্ত অষ্ট্ৰেলিয়াৰ
ইয়াৰ পূৰ্বে খেলখনত ভাৰতৰ অধিনায়ক হৰমনপ্ৰীত কৌৰ আৰু অষ্ট্ৰেলিয়াৰ অধিনায়ক এলিছা হিলীয়ে টছৰ বাবে খেলপথাৰত নামিছিল । অষ্ট্ৰেলিয়াই টছত জয়লাভ কৰি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় আৰু ভাৰতক প্ৰথমে বলিং কৰিবলৈ আমন্ত্ৰণ জনায় ।
𝗦𝘁𝘂𝗺𝗽𝘀 𝗦𝗵𝗮𝘁𝘁𝗲𝗿𝗲𝗱 \|/
— BCCI Women (@BCCIWomen) October 30, 2025
Kranti Gaud gets the huge wicket of Australian captain Alyssa Healy 🎯
After a brief rain interruption, play to resume at 3:40 PM IST.
Updates ▶ https://t.co/ou9H5gNDPT#TeamIndia | #WomenInBlue | #CWC25 | #INDvAUS pic.twitter.com/ve8I8s3KUj
টছৰ সময়ত কি ক’লে অধিনায়কদ্বয়ে
টছত জয়লাভ কৰাৰ পিছত অষ্ট্ৰেলিয়াৰ অধিনায়ক এলিছা হিলীয়ে কয়, "আমি প্ৰথমে বেটিং কৰিম । ইয়াৰ পৰিস্থিতি অতি ভাল আৰু আমাৰ ৰাণ কৰাৰ সুযোগ আছে । ৰিহাবৰ বাবে পোৱা ১০ দিনৰ বিৰতিৰ বাবে মই কৃতজ্ঞ । এইখন ছেমি ফাইনেল আৰু যিটো দলে ভাল খেলিব, সেইটোৱে ফলাফল পাব ।"
🚨 Toss 🚨#TeamIndia have been asked to bowl first.
— BCCI Women (@BCCIWomen) October 30, 2025
Updates ▶️ https://t.co/ou9H5gNDPT#WomenInBlue | #CWC25 | #INDvAUS pic.twitter.com/QTzTo1COah
ভাৰতীয় অধিনায়ক হৰমনপ্ৰীত কৌৰে কয়, "আমি প্ৰথমে বেটিং কৰিব বিচাৰিছিলো; আগতীয়াকৈ উইকেট পোৱাটো বৰ ভাল হ'ব । আমি এই পিটচখন জানো; আমি ইয়াত কেইবাটাও শিবিৰ পাতিছো আৰু শেষৰ দুখন মেচ ইয়াত খেলিছো । আমি যেতিয়াই অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে খেলো, আমি নিৰ্ভয়ে খেলাৰ কথা কওঁ ।"
ভাৰতীয় দলৰ তিনিটা ডাঙৰ পৰিৱৰ্তন
অষ্ট্ৰেলিয়াৰ ক্ৰিকেট দলটোৱে এই মেচৰ বাবে নিজৰ খেলা একাদশত মাত্ৰ দুটা পৰিৱৰ্তনহে কৰিছে । এলিছা হিলি আৰু ছফী মলিনেক্সক অন্তৰ্ভুক্ত কৰাৰ বিপৰীতে জৰ্জিয়া ভল আৰু জৰ্জিয়া বেহৰামক বাদ দিয়া হৈছে । ইয়াৰ উপৰিও ভাৰতীয় দলটোৱে বাংলাদেশৰ বিৰুদ্ধে লীগৰ অন্তিমখন খেলৰ পৰা মূল একাদশৰ তিনিজন খেলুৱৈক বাদ দিছে । হৰমনপ্ৰীত কৌৰে ছেমি ফাইনেলৰ বাবে ৰিচা ঘোষ আৰু ক্ৰান্তি গৌড়ক পুনৰ নিমন্ত্ৰণ কৰাৰ বিপৰীতে আঘাতৰ বাবে প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হোৱা অ’পেনাৰ প্ৰতিকা ৰাৱলৰ ঠাইত শ্বেফালী বাৰ্মাক অন্তৰ্ভুক্ত কৰা হৈছে । উমা ছেত্ৰী আৰু হৰলিন দেওলক বাদ দিয়া হৈছে ।
ভাৰত আৰু অষ্ট্ৰেলিয়াৰ প্লেয়িং ১১
ভাৰত : স্মৃতি মান্ধনা, শ্বেফালি বাৰ্মা, জেমিমা ৰড্ৰিগেছ, হৰমনপ্ৰীত কৌৰ (অধিনায়ক), দীপ্তি শৰ্মা, ৰিচা ঘোষ (উইকেটকীপাৰ), অমনজোৎ কৌৰ, ৰাধা যাদৱ, ক্ৰান্তি গৌড়, শ্ৰী চৰাণী, ৰেনুকা ঠাকুৰ ।
অষ্ট্ৰেলিয়া : ফিবি লিচফিল্ড, এলিছা হিলি (অধিনায়ক/উইকেটকীপাৰ), এলিছ পেৰী, বেথ মুনী, এনাবেল চাথাৰলেণ্ড, এছলি গাৰ্ডনাৰ, টাহলিয়া মেকগ্ৰাথ, ছফী মলিনেক্স, আলানা কিং, কিম গাৰ্থ, মেগান শ্বুট ।

