ETV Bharat / sports

মহিলা বিশ্বকাপত ছেমি ফাইনেলত প্ৰৱেশ কৰিব পাৰিব ভাৰতে, জানি লওক কেনেকৈ ?

একেৰাহে তিনিখন বিশ্বকাপ মেচত পৰাস্ত হোৱাৰ পাছতো ভাৰতীয় মহিলা দলটোৱে এতিয়াও ছেমি ফাইনেলৰ দৌৰ অব্যাহত ৰাখিছে ।

WOMENS WORLD CUP 2025
ভাৰতীয় মহিলা ক্ৰিকেট দল (IANS PHOTO)
author img

By ETV Bharat Assamese Team

Published : October 20, 2025 at 2:24 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : ২০২৫ চনৰ মহিলা বিশ্বকাপত একেৰাহে তিনিখন খেলত পৰাস্ত হৈছে ভাৰতীয় মহিলা দল । ১৯ অক্টোবৰ দেওবাৰে ইংলেণ্ডৰ হাতত ৪ ৰাণত পৰাস্ত হয় ভাৰত । ইয়াৰ পূৰ্বে অষ্ট্ৰেলিয়া আৰু দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধেও টীম ইণ্ডিয়া পৰাস্ত হৈছিল ।

মহিলা বিশ্বকাপৰ পঞ্চমখন খেলত ভাৰতে টছত পৰাস্ত হৈ ইংলেণ্ডক ৮ উইকেটত ২৮৮ ৰাণত সীমাবদ্ধ কৰিবলৈ সক্ষম হয় । কিন্তু বেটছমেনসকলে লক্ষ্যত উপনীত হ’বলৈ ব্যৰ্থ হোৱাৰ ফলত চাৰি ৰাণৰ পৰাজিত হয় । শেষৰ অভাৰত ভাৰতক ১৪ ৰাণৰ প্ৰয়োজন আছিল যদিও লিনচি স্মিথৰ উজ্জ্বল বলিঙৰ বাবে অমনজোৎ কৌৰ আৰু স্নেহ ৰাণাই মাত্ৰ ৯ ৰাণহে কৰিবলৈ সক্ষম হৈছিল ।

ইংলেণ্ডৰ হৈ হিদাৰ নাইটে ৮৬ বলত উজ্জ্বল শতক অৰ্জন কৰি ৯১ বলত ১০৯ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে এমি জ’নে ৫৬ ৰাণ সংগ্ৰহ কৰি অৰ্ধশতক সংযোজন কৰে । ভাৰতৰ হৈ দিপ্তী শৰ্মাই চাৰিটা উইকেট দখল কৰি উজ্জ্বল প্ৰদৰ্শন আগবঢ়ায় । ভাৰতৰ হৈ মান্ধনা (৮৮), হৰমনপ্ৰীত কৌৰে (৭০) আৰু দীপ্তি শৰ্মাই (৫০) ৰাণ সংগ্ৰহ কৰিও নিজৰ দলটোক জয়ৰ দিশে আগুৱাই নিব নোৱাৰিলে ।

ভাৰতে এতিয়াও ছেমি ফাইনেলত প্ৰৱেশ কৰিব পাৰে

এই পৰাজয়ৰ মাজতো ভাৰতৰ ছেমি ফাইনেলত প্ৰৱেশৰ সম্ভাৱনা জীয়াই আছে । ৫ খন খেলৰ অন্তত ভাৰতে ৪ পইণ্ট লাভ কৰাৰ বিপৰীতে নিউজীলেণ্ডেও একে সংখ্যক খেলৰ অন্তত ৪ পইণ্ট লাভ কৰিছে । অৱশ্যে নেট ৰাণ ৰেটত ভাৰতৰ পিছ পৰি আছে, পঞ্চম স্থানত আছে ভাৰত । এতিয়া আৰু দুখন মেচ বাকী আছে ভাৰতৰ । তেওঁলোকৰ পৰৱৰ্তী মেচ ২৩ অক্টোবৰত নৱী মুম্বাইত নিউজীলেণ্ডৰ বিৰুদ্ধে আৰু দ্বিতীয়খন মেচ ২৬ অক্টোবৰত বাংলাদেশৰ বিৰুদ্ধে আছে ।

ছেমিফাইনেলত প্ৰৱেশৰ সমীকৰণ

  • ভাৰতে পোনপটীয়াকৈ ছেমিফাইনেললৈ যাবলৈ বাকী থকা দুয়োখন মেচতে জয়লাভ কৰিব লাগিব ।
  • যদি ভাৰতে এখনত পৰাস্ত হয় আৰু বাকী দুখন মেচৰ ভিতৰত এখনত জয়ী হয় তেন্তে পুনৰ নেট ৰাণ ৰেটৰ ওপৰত নিৰ্ভৰ কৰিব লাগিব আৰু নিউজীলেণ্ড, বাংলাদেশ, শ্ৰীলংকা আৰু পাকিস্তানে যাতে নেট ৰাণ ৰেটত ইয়াক অতিক্ৰম নকৰে তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব ।
  • যদিহে ভাৰতে দুয়োখন মেচত পৰাস্ত হয় তেন্তে প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হ’ব ।

লগতে পঢ়ক : বিশ্বকাপত একেৰাহে তৃতীয়টো পৰাজয় ভাৰতৰ, ছেমি ফাইনেলত ইংলেণ্ড

ক্ৰিকেটৰ খেলপথাৰত আজি অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব টীম ইণ্ডিয়া

আই চি চি মহিলা বিশ্বকাপ: হিলীৰ শতকৰে ছেমি ফাইনেলত প্ৰৱেশ অষ্ট্ৰেলিয়াৰ