মহিলা টি-২০ বিশ্বকাপ: পাকিস্তানৰ বিৰুদ্ধে অভিযান আৰম্ভ ভাৰতৰ, নকৰিলে কৰমৰ্দন
ভাৰতীয় খেলুৱৈসকলে পুৰুষৰ এছিয়া কাপ ২০২৫ ৰ পৰা আৰম্ভ কৰি পাকিস্তানৰ খেলুৱৈৰ সৈতে কৰমৰ্দন নকৰাৰ স্থিতি অব্যাহত ৰাখিছে ৷

Published : June 14, 2026 at 6:59 PM IST
|Updated : June 14, 2026 at 8:32 PM IST
হায়দৰাবাদ: বিগত সংস্কৰণত টি-২০ বিশ্বকাপ জয়ৰ পাছত এইবাৰ পুনৰ বিশ্বকাপ জয়ৰ লক্ষ্যৰে যুঁজত নামিছে ভাৰতীয় মহিলা ক্ৰিকেট দল ৷ দেওবাৰে পাকিস্তানৰ বিৰুদ্ধে নিজৰ প্ৰথমখন মেচত অৱতীৰ্ণ হ’ব হৰমনপ্ৰীত কৌৰ বাহিনী ৷ ইতিমধ্যে টচত জিকি প্ৰথমে বেটিঙৰ সিদ্ধান্ত লৈছে ভাৰতে ৷
পাকিস্তানৰ বিৰুদ্ধে মহিলা টি-২০ বিশ্বকাপৰ খেলখনত ভাৰতৰ অধিনায়ক হৰমনপ্ৰীত কৌৰে কৰমৰৰ্দন নকৰা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰ দিয়ে । ভাৰতীয় খেলুৱৈসকলে পুৰুষৰ এছিয়া কাপ ২০২৫ ৰ পৰা আৰম্ভ কৰি পাকিস্তানৰ খেলুৱৈৰ সৈতে কৰমৰ্দন নকৰাৰ স্থিতি অব্যাহত ৰাখিছে৷
ৰাইজিং ষ্টাৰ্ছ এছিয়া কাপ আৰু ১৯ বছৰ অনুৰ্ধ এছিয়া কাপতো এই ধাৰা অব্যাহত আছিল । লগতে, যোৱা বছৰ মহিলা টি-20 বিশ্বকাপৰ সময়তো হৰমনপ্ৰীতে ফাতিমা ছানাৰ সৈতে হাত মিলোৱা নাছিল । পাকিস্তানৰ বিৰুদ্ধে মেচৰ পূৰ্বে সংবাদমেলত হৰমনপ্ৰীতক ‘ন’ হেণ্ডশ্বেক’ সন্দৰ্ভত প্ৰশ্ন কৰা হয় ।
ভাৰতীয় দলটোৱে কেৱল খেলখনৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে বুলিও কয় খেলুৱৈগৰাকীয়ে ৷ তেওঁ লগতে কয় যে আন একোৱেই গুৰুত্বপূৰ্ণ নহয় । পাকিস্তানৰ বিৰুদ্ধে ১৬খন খেলৰ ভিতৰত ১৩খনত জয়লাভ কৰি ভাৰতে আধিপত্য বিস্তাৰ কৰিছে । মেচসমূহৰ ভিতৰত মাত্ৰ তিনিখনকৈ মেচত পৰাজয়ৰ সন্মুখীন হৈছে ভাৰত ।
হৰমনপ্ৰীতে কয়, ‘‘মই সমৰ্থক হিচাপে ক্ৰিকেট চাবলৈ আৰম্ভ কৰাৰ পৰাই সেই চাপ অনুভৱ কৰি আহিছো, আৰু এতিয়া যিহেতু মই নিজেও খেলি আছোঁ, সেয়ে চাপ অধিক হৈছে । কিন্তু আমি ইজনে সিজনক কওঁ যে এই খেলসমূহ সদায় উপভোগ কৰাটো ভাল । ই কেৱল এখন খেল ।’’ কৌৰে লগতে কয় যে তেওঁলোকে জয়ৰে প্ৰতিযোগিতাখন আৰম্ভ কৰাৰ লক্ষ্য লৈছে আৰু যোৱা বছৰৰ ফলাফলৰ ঠাই লোৱাৰ লক্ষ্য ৰাখিব । তেওঁ লগতে কয়, ‘সেই প্ৰথমখন খেলখনে সদায় আপোনাৰ বাবে সুৰ নিৰ্ধাৰণ কৰে, আৰু আমি সকলোৱে মেচখনৰ বাবে আগ্ৰহী।
ভাৰত-পাকিস্তানৰ মেচৰ তথ্য
মুখামুখি খেলত ভাৰতে পাকিস্তানক অধিক পৰাস্ত কৰিছে । ভাৰত আৰু পাকিস্তানে এই পৰ্যন্ত মহিলাৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ১৬ বাৰ মুখামুখি হৈছে । ইয়াৰে ভাৰতে ১৩ খন খেলত জয়লাভ কৰাৰ বিপৰীতে পাকিস্তানে মাত্ৰ তিনিখন খেলত জয়লাভ কৰিবলৈ সক্ষম হৈছে । এনে পৰিস্থিতিত হৰমনপ্ৰীত কৌৰ নেতৃত্বাধীন দল ভাৰতীয় দলটোৱে জয়েৰে প্ৰতিযোগিতাখন আৰম্ভ কৰাৰ চেষ্টা কৰিব ।
ভাৰতীয় দল: স্মৃতি মান্ধনা, শ্বেফালি বাৰ্মা, জেমিমাহ ৰড্ৰিগছ, হৰমনপ্ৰীত কৌৰ(অধিনায়ক), ভাৰতী ফুলমালি, ৰিচা ঘোষ(w), দীপ্তি শৰ্মা, অৰুন্ধতী ৰেড্ডী, শ্ৰেয়ংকা পাটিল, শ্ৰী চৰানি, ক্ৰান্তি গৌড়

