ETV Bharat / sports

অভিলেখ গঢ়ি সপ্তমবাৰলৈ মহিলা টি-২০ বিশ্বকাপৰ খিতাপ দখল অষ্ট্ৰেলিয়াৰ

ইংলেণ্ডে নিৰ্ধাৰণ কৰি দিয়া ১৫১ ৰাণৰ লক্ষ্য অনুসৰণ কৰি অষ্ট্ৰেলিয়াই মাত্ৰ ১৭.১ অভাৰতে লক্ষ্যত উপনীত হৈ অভিলেখসংখ্যক সপ্তমবাৰলৈ মহিলা টি-২০ বিশ্বকাপ খিতাপ দখল কৰে ।

Womens T20 World Cup
মহিলা টি-২০ বিশ্বকাপৰ খিতাপ দখল অষ্ট্ৰেলিয়াৰ (X@ICC)
author img

By ETV Bharat Assamese Team

Published : July 6, 2026 at 9:53 AM IST

3 Min Read
Choose ETV Bharat

লণ্ডন : মহিলা ক্ৰিকেটত অষ্ট্ৰেলিয়াই পুনৰবাৰ নিজৰ আধিপত্য প্ৰমাণ কৰিলে । দেওবাৰে লৰ্ডছ ক্ৰিকেট খেলপথাৰত অনুষ্ঠিত হোৱা মহিলা টি-২০ বিশ্বকাপ ২০২৬ৰ ফাইনেলত ছবাৰৰ চেম্পিয়ন অষ্ট্ৰেলিয়াই আয়োজক ইংলেণ্ডক ৭ উইকেটত পৰাস্ত কৰে ৷ অ’পেনাৰ বেথ মুনী আৰু যুৱ খেলুৱৈ ফিবি লিচফিল্ডে ১০০ ৰাণৰ অংশীদাৰিত্বই অষ্ট্ৰেলিয়াৰ জয় নিশ্চিত কৰাত সহায় কৰিছিল ।

বেথ মুনীৰ ৪৯ বলত ৬৪ ৰাণ আৰু ফিবি লিচফিল্ডৰ ৩৫ বলত ৪৮ ৰাণৰ অংশীদাৰিত্বৰ সহায়ত অষ্ট্ৰেলিয়াই ১৭.১ অভাৰত মাত্ৰ তিনিটা উইকেট হেৰুৱাই ১৫১ ৰাণৰ লক্ষ্য সহজেই অৰ্জন কৰে ৷ জৰ্জিয়া ৱালে ৬ বলত ৯ ৰাণ সংগ্ৰহ কৰি আউট হোৱাৰ বিপৰীতে এলিছা পেৰীয়ে ১২ বলত ১৩ ৰাণ আৰু গাৰ্ডনাৰে দুটা বলত তিনিটা ৰাণ সংগ্ৰহ কৰি অপৰাজিত হৈ থাকে ৷

ইয়াৰ লগতে অষ্ট্ৰেলিয়াই অভিলেখসংখ্যক সপ্তমবাৰলৈ টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰে ৷ প্ৰতিযোগিতাখনৰ দহটা সংস্কৰণৰ ভিতৰত তেওঁলোকে আঠবাৰ ফাইনেলত প্ৰৱেশ কৰে আৰু মাত্ৰ এবাৰহে ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে পৰাস্ত হয় ৷

ইয়াৰ পূৰ্বে ইংলেণ্ডে প্ৰথমে বেটিং কৰি অধিনায়ক নেট স্কাইভাৰ ব্ৰুণ্টৰ অৰ্ধশতকৰ সহায়ত চাৰি উইকেট হেৰুৱাই ১৫০ ৰাণ সংগ্ৰহ কৰে ৷

নেট স্কাইভাৰ ব্ৰুণ্টে নিজৰ ইনিংছত ৫৩টা বলৰ মুখামুখি হৈ ৫টা চাৰিৰ সহায়ত ৫৮ ৰাণ কৰে ৷ তেওঁ ফ্ৰেয়া কেম্পৰ সৈতে পঞ্চম উইকেটৰ বাবে ৮০ ৰাণৰ অংশীদাৰিত্ব ভাগ-বতৰা কৰিছিল ৷ ৫৫ বলৰ এই অংশীদাৰিত্বৰ সময়ছোৱাত কেম্পে আক্ৰমণাত্মকভাৱে বেটিং কৰিছিল ৷

অষ্ট্ৰেলিয়াই টছত জয়লাভ কৰি ইংলেণ্ডক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায় ৷ অষ্ট্ৰেলিয়াৰ বলাৰসকলে ভাল আৰম্ভণি কৰে আৰু দ্বিতীয় অভাৰত লুচি হেমিল্টনে এমি জ’নছ (০৬)ক আউট কৰে৷

ইয়াৰ পিছত এনাবেল চাথাৰলেণ্ডে ফৰ্মত থকা ডেনি ডব্লিউ হজক (০৮) আউট কৰি অষ্ট্ৰেলিয়াক অগ্ৰগতি প্ৰদান কৰে ৷ এলিছ কেপছ (২৩ ৰাণ, ২০ বল, দুটা চাৰি, এটা ছয়)ক ভাল ফৰ্মত দেখা গৈছিল ৷ তেওঁ ইনিংছৰ প্ৰথমটো ছয় মাৰে যদিও অষ্ট্ৰেলিয়াৰ অধিনায়ক ছফী মলিনেক্সে তেওঁক বল্ড কৰি ইংলেণ্ডক তৃতীয়টো উইকেট দিছিল ৷

হিদাৰ নাইটে মাত্ৰ ছটা বল খেলিবলৈ সক্ষম হয় আৰু কিম গাৰ্থৰ হাতত উইকেট হেৰুৱায় ৷ ইয়াৰ পাছত ইংলেণ্ডৰ অধিনায়ক নেট স্কাইভাৰ ব্ৰুণ্টৰ লগত ফ্ৰেয়া কেম্পে আক্ৰমণাত্মক বেটিং কৰি ২৮ বলৰ চাৰিটা চাৰি আৰু এটা ছয়ৰ সহায়ত অপৰাজিত ৪৪ ৰাণ সংগ্ৰহ কৰি দলটোক ১৫০ ৰাণ সংগ্ৰহ কৰাত সহায় কৰে ৷

লগতে পঢ়ক : ভাৰতৰ ইতিহাস ৰচনা, একেৰাহে দ্বিতীয়বাৰলৈ মহিলাৰ ১৯ বছৰ অনুৰ্ধ টি-২০ বিশ্বকাপৰ খিতাপ দখল