ETV Bharat / sports

মহিলা এছিয়া কাপ ২০২৬ : বিজয়েৰে অভিযান আৰম্ভ ভাৰতৰ, দীপ্তি শৰ্মাইও ৰচিলে ইতিহাস

থাইলেণ্ডৰ বিৰুদ্ধে ভাৰতীয় মহিলা দলৰ বৃহৎ জয় । ভাৰতে ৩ ছেপ্টেম্বৰত হংকং আৰু ৫ ছেপ্টেম্বৰত পাকিস্তানৰ বিৰুদ্ধে খেলিব ।

India Women's team
মহিলা এছিয়া কাপ ২০২৬ত ভাৰতৰ প্ৰথমটো বিজয় (ANI)
author img

By ANI

Published : August 31, 2026 at 11:40 AM IST

2 Min Read
Choose ETV Bharat

ডুবাই : এক আকৰ্ষণীয় বিজয়েৰে ভাৰতৰ মহিলা ক্ৰিকেট দলে এছিয়া কাপ ২০২৬ৰ অভিযান আৰম্ভ কৰিলে । দেওবাৰে ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত মহিলা এছিয়া কাপৰ মেচত থাইলেণ্ডক ৯৪ ৰাণৰ বৃহৎ ব্যৱধানত ভাৰতীয় মহিলা দলে পৰাস্ত কৰে । এই মেচখনত ভাৰতীয় দলৰ অন্যতম অলৰাউণ্ডাৰ দীপ্তি শৰ্মাই ৰচিলে এক গুৰুত্বপূৰ্ণ অভিলেখ । দীপ্তি শৰ্মা মহিলা টি২০ আন্তঃৰাষ্ট্ৰীয় মেচত সৰ্বাধিক উইকেট দখল কৰা বলাৰ হিচাপে পৰিগণিত হ'ল ।

মেচখনত থাইলেণ্ডে টছত জয়ী হৈ প্ৰথমে বলিং কৰে । আনহাতে ভাৰতে প্ৰথমে বেটিং কৰি ২০ অভাৰত ৯ টা উইকেট হেৰুৱাই ১৫৯ ৰাণ সংগ্ৰহ কৰে । ভাৰতৰ হৈ শ্বেফালী বাৰ্মাই সৰ্ধাধিক ৩৬ টা বলত ৬৪ ৰাণৰ এক আকৰ্ষণীয় ইনিংছ খেলে । আনহাতে ভাৰতীয় দলত টি২০ত অভিষেক ঘটা প্ৰতিকা ৰাৱালে ২২ ৰাণ সংগ্ৰহ কৰে । ভাৰতৰ হৈ অভিজ্ঞ স্মৃতি মান্ধানাইও অতি সংগ্ৰামৰ অন্তত ১৯ ৰাণৰ ইনিংছ খেলে । থাইলেণ্ডৰ হৈ ছুলীপৰ্ণ লাওমিয়ে সৰ্বাধিক ৪ অভাৰত ৩ টা উইকেট লাভ কৰে ।

থাইলেণ্ডৰ সন্মুখত খেলখনত জয়ী হ'বলৈ ১৬০ ৰাণৰ লক্ষ্য আছিল যদিও ভাৰতীয় বলাৰসকলে তীব্ৰ প্ৰত্যাহ্বান হিচাপে দেখা দিয়ে । দীপ্তি শৰ্মাই সৰ্বাধিক প্ৰদৰ্শনেৰে ১ অভাৰ ১ টা বলত এক ৰাণো নিদিয়াকৈ ৩ টা উইকেট দখল কৰে । ইয়াৰ লগে লগে দীপ্তি শৰ্মাই টি২০ আন্তঃৰাষ্ট্ৰীয় মেচত সৰ্বাধিক উইকেট দখলকাৰী হিচাপে পৰিগণিত হয় । দীপ্তি শৰ্মাই ১৫০ খন মেচত এই সফলতা অৰ্জন কৰে । এই সময়ত তেওঁ লাভ কৰিছে ১৭১ টা উইকেট । মেচখনত নন্দনি শৰ্মাই ৪ অভাৰত মাত্ৰ ১৮ ৰাণ দি ৩ টা উইকেট দখল কৰে । শ্ৰীচৰণীয়েও ৩ অভাৰত মাত্ৰ ১০ ৰাণ দি ২ টা উইকেট দখল কৰে ।

ইয়াৰ পিছত ভাৰতে ৩ ছেপ্টেম্বৰত গ্ৰুপ পৰ্যায়ত হংকঙৰ বিৰুদ্ধে খেলিব । আনহাতে ৫ ছেপ্টেম্বৰত ভাৰতীয় মহিলা দলে চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে খেলিব ।

লগতে পঢ়ক :

ভাৰতে ডব্লিউটিচি ফাইনেললৈ যোগ্যতা অৰ্জনৰ সম্ভাৱনা আছে: ৰাহুল দ্ৰাবিড়