১৫ বছৰীয়া বিৰতিৰ পিছত বিজয় হাজাৰে ট্ৰফীত বিৰাট কোহলীৰ অংশগ্ৰহণ
২০১০ চনৰ ফেব্ৰুৱাৰী মাহত ছাৰ্ভিচেছৰ বিৰুদ্ধে এই প্ৰতিযোগিতাত শেষবাৰৰ বাবে খেলিছিল কোহলীয়ে ৷

Published : December 4, 2025 at 10:15 AM IST
হায়দৰাবাদ: বি চি চি আইয়ে ভাৰতীয় তাৰকা ক্ৰিকেটাৰ যুটি বিৰাট কোহলী আৰু ৰোহিত শৰ্মাক ঘৰুৱা ক্ৰিকেট খেলিবলৈ পৰামৰ্শ দিছিল ৷ এই পৰামৰ্শ লাভৰ পিছত চলিত বৰ্ষৰ বিজয় হাজাৰে ট্ৰফীত বিৰাট কোহলীয়ে অংশগ্ৰহণ কৰাটো একপ্ৰকাৰ নিশ্চিত হৈছে ৷
পি টি আইৰ এক প্ৰতিবেদন অনুসৰি কোহলীয়ে ডি ডি চি এৰ সভাপতি ৰোহন জেটলীক জনাইছে যে ২৪ ডিচেম্বৰৰ পৰা আৰম্ভ হ’বলগীয়া প্ৰতিযোগিতাখনৰ বাবে তেওঁ উপলব্ধ হ’ব ।
সুদীৰ্ঘ ১৫ বছৰৰ ব্যৱধানৰ অন্তত কোহলীয়ে পুনৰ ঘৰুৱা ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন ঘটাব ৷ ২০১০ চনৰ ফেব্ৰুৱাৰী মাহত ছাৰ্ভিচেছৰ বিৰুদ্ধে শেষবাৰৰ বাবে খেলাৰ পিছত এইবাৰেই কোহলীৰ বাবে হ’ব প্ৰথমটো বিজয় হাজাৰে ট্ৰফী ।
৩৭ বছৰীয়া কোহলীয়ে বৰ্তমান দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে চলি থকা এদিনীয়া শৃংখলাত খেলি আছে ৷ শৃংখলাটোৰ দ্বিতীয়খন মেচত ৫৩ সংখ্যক এদিনীয়া শতক অৰ্জন কৰে ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে ৷ ইতিমধ্যে টেষ্ট আৰু টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা কোহলীয়ে বৰ্তমান এদিনীয়া ক্ৰিকেটহে খেলা দেখিবলৈ পোৱা গৈছে ৷
পি টি আইৰ সৈতে হোৱা এক সাক্ষাৎকাৰত জেটলীয়ে কয়, ‘‘কোহলীয়ে বিজয় হাজাৰে ট্ৰফীত খেলাৰ নিশ্চয়তা প্ৰদান কৰিছে । কিমান মেচ খেলিব, সেয়া এতিয়াও স্পষ্ট হোৱা নাই । নিশ্চিতভাৱে তেওঁ দলত থকাটো দিল্লীৰ ড্ৰেছিং ৰুমৰ বাবে হ’ব এক ডাঙৰ সকাহ ৷’’
২৪ ডিচেম্বৰত বেংগালুৰুত অনুষ্ঠিত হ’বলগীয়া বিজয় হাজাৰে ট্ৰফীৰ প্ৰথমখন খেলত দিল্লীয়ে অন্ধ্ৰপ্ৰদেশৰ মুখামুখি হ’ব ৷
যদিহে দিল্লীয়ে প্ৰতিযোগিতাখনত অগ্ৰগতি লাভ কৰে, তেন্তে আগন্তুক বৰ্ষৰ ১১-১৮ জানুৱাৰীত নিউজীলেণ্ডৰ বিৰুদ্ধে ভাৰতে খেলিবলগীয়া তিনিখন মেচৰ এদিনীয়া শৃংখলাত কোহলী নকআউটৰ অংশ নহ’ব । দিল্লীক অন্ধ্ৰ, গুজৰাট, সৌৰাষ্ট্ৰ, ওড়িশা, ছাৰ্ভিচেছ, ৰে’লৱে আৰু হাৰিয়ানাৰ লগতে গ্ৰুপ ডি-ত স্থান দিয়া হৈছে । ফাইনেলকে ধৰি নকআউট মেচসমূহ বি চি চি আইৰ চেণ্টাৰ অৱ এক্সেলেন্স খেলপথাৰত অনুষ্ঠিত হ’ব ।
সম্প্ৰতি দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে ভাৰতে খেলি থকা এদিনীয়া শৃংখলাটোৰ প্ৰথমখন মেচত ভাৰতে জয়লাভ কৰিলেও দ্বিতীয় এদিনীয়াত পৰাজয়ৰ পোতক তুলি দলটোক ৪ উইকেটত পৰাস্ত কৰে দক্ষিণ আফ্ৰিকাই ৷
লগতে পঢ়ক: বিৰাট-ৰুতুৰাজৰ শতকেও বচাব নোৱাৰিলে দলক, প্ৰথম এদিনীয়াৰ পৰাজয়ৰ পোতক দক্ষিণ আফ্ৰিকাৰ

