ETV Bharat / sports

লক্ষ্যও নিজে নিৰ্ধাৰণ কৰে, অভিলেখ ভঙা-গঢ়াৰো তেৱেঁই অধিকাৰী: ভাৰতীয় ক্ৰিকেটৰ নতুন 'বৈভৱ' অধ্যায়

ফাইনেলৰ বঁটা বিতৰণী অনুষ্ঠানত ৰবি শাস্ত্ৰীয়ে সুধিছিল, "তুমি কেইবাৰ গাখীৰ খোৱা ?" বিস্ময় বালকৰ লাজকুৰীয়া উত্তৰ, "ছাৰ এতিয়া মই গাখীৰ নাখাওঁ ।"

Vaibhav Suryavanshi
লাভ কৰা বঁটাৰ সৈতে বৈভৱ সূৰ্যবংশী (X@SportsStar)
author img

By ETV Bharat Assamese Team

Published : June 2, 2026 at 5:42 PM IST

13 Min Read
Choose ETV Bharat

আজিজুৰ ৰহমান হাজৰিকা

গুৱাহাটী: বিভিন্ন উত্থান-পতন, ঘটনা-পৰিঘটনা, অভিলেখ সৃষ্টি-ভংগৰে দেওবাৰে সামৰণি পৰে ২০২৬ বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ আইপিএল । এইবাৰৰ আইপিএলত ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে খিতাপ দখল কৰি অভিলেখ ৰচে । ইয়াৰ পূৰ্বে একেৰাহে দুবাৰ আইপিএলৰ খিতাপ জয়ৰ ৰেকৰ্ড আছিল মুম্বাই আৰু চেন্নাইৰ নামত ।

কিন্তু দেওবাৰে আইপিএলৰ ট্ৰফী বিৰাট কোহলী তথা আৰচিবিয়ে জয় কৰিলেও কোটি কোটি ক্ৰিকেটপ্ৰেমীৰ হৃদয় জয় কৰে ভাৰতীয় ক্ৰিকেটৰ নৱতম আশ্চৰ্য, বিস্ময় বালক বৈভৱ সূৰ্যবংশীয়ে । বিশ্ব ক্ৰিকেটৰ আটাইতকৈ ৰাজকীয় প্ৰতিযোগিতা আইপিএলৰ ১৯ সংখ্যক সংস্কৰণ আছিল সম্পূৰ্ণভাৱে বৈভৱৰ নামত । ছিজনৰ ১৬ খন মেচত ৪৮.৫০ গড় আৰু ২৩৭.৩০ অবিশ্বাস্য ষ্ট্ৰাইক ৰেটেৰে তেওঁ ৭৭৬ ৰাণ সংগ্ৰহ কৰি সৰ্বাধিক ৰাণ সংগ্ৰহকাৰী হিচাপে পৰিগণিত হয় । এই ৰাণ সংখ্যাত আছে এটা দৰ্শনীয় শতক আৰু পাঁচটা অৰ্ধশতক । অৱশ্যে ইয়াৰে তিনিবাৰে তেওঁ 'নাৰ্ভাছ নাইনটি'ৰ চিকাৰ হয় (৯৩, ৯৭ আৰু ৯৬) ।

অভিলেখৰ পাহাৰ

এইবাৰৰ আইপিএল ছিজনত বৈভৱে কেইবাটাও অভিলেখ আঁজুৰি আনিবলৈ সক্ষম হয় । ইয়াৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ ৰেকৰ্ডটো হৈছে ৱেষ্টইণ্ডিজৰ মাৰমুখী বেটছমেন এটা ছিজনত সৰ্বাধিক ছয় (৫৯) কোবোৱা আইপিএলৰ ৰেকৰ্ড নিজৰ নামত খোদিত কৰা । এইবাৰৰ আইপিএলত বৈভৱে মুঠ ৭২টা গগনচুম্বী ছয় কোবাই ক্ৰীড়ানুৰাগীৰ হৃদয় বীণাত ঝংকাৰ তোলে । এই দৰ্শনীয় প্ৰদৰ্শনৰ বাবেই বৈভৱে পাঁচটাকৈ বঁটা লাভ কৰিবলৈ সক্ষম হয় । ইয়াৰ ভিতৰত আছে অৰেঞ্জ কেপ, ম'ষ্ট ভেলুৱেবল প্লেয়াৰ, ইমাৰ্জিং প্লেয়াৰ অব দ্য ছিজন, ছুপাৰ ষ্ট্ৰাইকাৰ অব দ্য ছিজন আৰু ছুপাৰ ছিক্সেছ অব দ্য ছিজন ।

Vaibhav Suryavanshi
বঁটা গ্ৰহণৰ সময়ত বৈভৱ (IANS)

এই ছিজনৰ পৰা বৈভৱে কি শিকিলে ?

এই বঁটাসমূহ গ্ৰহণ কৰিবলৈ বৈভৱ সূৰ্যবংশী আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত উপস্থিত আছিল । আইচিচিৰ অধ্যক্ষ জয় শ্বাহৰ সৈতে একেলগে বহি তেওঁ খেল উপভোগ কৰে । আনহাতে, বঁটা গ্ৰহণৰ সময়ত ৰবি শাস্ত্ৰীয়ে যেতিয়া তেওঁক সুধিছিল যে এইটো ছিজনৰ পৰা তুমি কি শিকিলা, তেতিয়া বৈভৱৰ উত্তৰ আছিল, "এই ছিজনৰ পৰা মই এইটো শিকিলোঁ যে চাপমূলক মেচত কেনেদৰে খেলিব লাগে আৰু নিজৰ খেলক পৰিস্থিতি অনুযায়ী কেনেদৰে সলনি কৰিব লাগে ।"

বৈভৱে কয়, "আপুনি প্ৰতিখন মেচ একে শৈলীৰে খেলিব নোৱাৰে । প্ৰথমে খেলৰ পৰিস্থিতি বুজিব লাগিব তাৰ পিছত দলৰ প্ৰয়োজন অনুসৰি খেলিব লাগিব । প্লে'অফ মেচতো মই বহুত কথা শিকিব পাৰিলোঁ ।"

তেওঁ লগতে কয়, "মই কেৱল মোৰ খেলৰ ওপৰত ভৰসা কৰিবলৈ চেষ্টা কৰোঁ আৰু যেতিয়াই মোৰ অনুভৱ হয় যে এইটো বলত মই শ্বট খেলিব পাৰোঁ তেতিয়া মই সৰ্বশক্তিৰে প্ৰহাৰ কৰোঁ আৰু তেনেদৰেই খেলিবলৈ চেষ্টা কৰোঁ ।"

বৈভৱে লগতে এইটোও কয় যে তেওঁ দীৰ্ঘ সময় ধৰি ক্ৰীজত থাকিব বিচাৰে আৰু তাৰবাবে তেওঁ ফিটনেছৰ ওপৰত গুৰুত্ব দিব লাগিব আৰু এই ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব ।

বৈভৱ সূৰ্যবংশীৰ নামত পাঁচটা বঁটা

  • অৰেঞ্জ কেপ (৭৭৬ ৰাণ)
  • ম'ষ্ট ভেলুৱেবল প্লেয়াৰ
  • ইমাৰ্জিং প্লেয়াৰ অব দ্য ছিজন
  • ছুপাৰ ষ্ট্ৰাইকাৰ অব দ্য ছিজন (২৩৭.৩১)
  • ছুপাৰ ছিক্সেছ অব দ্য ছিজন (৭২)

৭০০ ৰাণ কৰিবই লাগিব: এইবাৰ আইপিএল আৰম্ভ হোৱাৰ পূৰ্বেই লিখি ৰাখিছিল বৈভৱে

সাধাৰণতে ছাত্ৰ-ছাত্ৰীয়ে হওক বা খেলুৱৈ, পৰীক্ষা বা প্ৰতিযোগিতাৰ পূৰ্বে নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰে । এইবাৰ আইপিএলৰ পূৰ্বে বৈভৱেও নিজৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল । ১৬ খন মেচত ৭৭৬ ৰাণ সংগ্ৰহ কৰি অৰেঞ্জ কেপ জয় কৰাৰ পিছত বৈভৱে কয় যে তেওঁৰ উক্ত লক্ষ্য ছিজন আৰম্ভ হোৱাৰ পূৰ্বতেই নিৰ্ধাৰণ কৰিছিল । তেওঁ কয়, "মই ছিজন আৰম্ভ হোৱাৰ পূৰ্বেই মোৰ ফোনত লিখি থৈছিলোঁ যে আইপিএলত মই ৭০০ ৰাণ কৰিব লাগিব । মই প্ৰতিখন মেচৰ পিছত সেই কথা নিজকে সোঁৱৰাই দিছিলোঁ ।"

ফাইনেল নেখেলাকৈও আটাইতকৈ মূল্যৱান ক্ৰিকেটাৰ কেনেদৰে হ'ল বৈভৱ সূৰ্যবংশী

ফাইনেল খেলিবলৈ যোগ্যতা অৰ্জন নকৰিলেও এইবাৰৰ আইপিএলত সৰ্বাধিক মূল্যৱান ক্ৰিকেটাৰ হিচাপে নিৰ্বাচিত হৈছে বৈভৱ সূৰ্যবংশী । কিন্তু আইপিএলৰ সৰ্বাধিক মূল্যৱান ক্ৰিকেটাৰ কেনেদৰে নিৰ্বাচন কৰা হয় ?

পৰিসংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি আইপিএলৰ কিছুমান বঁটা নিৰ্বাচন কৰা হয় । আনহাতে, ব’ৰ্ডে নিযুক্তি দিয়া কমিটীয়ে কিছুমান বঁটাৰ বাবে খেলুৱৈ বাছনি কৰে । সকলোতকৈ বিশেষ ক্ৰিকেটাৰগৰাকীক একেধৰণৰ নিয়ম অনুসৰি বাছনি কৰা হয় । প্ৰতিটো বাউণ্ডেৰী, উইকেট, ডট বল, কেছৰ বাবে নিৰ্দিষ্ট পইণ্ট থাকে ।

প্ৰতিটো চাৰিৰ বিপৰীতে ২.৫ পইণ্ট, প্ৰতিটো ছয়ৰ বিপৰীতে ৩.৫ পইণ্ট, প্ৰতিটো উইকেটৰ বিপৰীতে ৩.৫ পইণ্ট, ডট বলৰ বাবে ১ পইণ্ট, প্ৰতিটো কেছৰ বাবে ২.৫ পইণ্ট আৰু ষ্টাম্পিঙৰ বাবে ২.৫ পইণ্টকৈ দিয়া হয় । ২০১৩ চনৰ পৰা এই নিয়ম প্ৰৱৰ্তন কৰা হৈছে ।

বৈভৱে এইবাৰৰ আইপিএলত ৬৩টা চাৰি আৰু ৭২টা ছয় কোবায় । তাৰ পৰা বৈভৱে (৬৩ x ২.৫ = ১৫৭.৫) + (৭২ x ৩.৫ = ২৫২) ৪০৯.৫ পইণ্ট লাভ কৰে । মুঠতে তেওঁ লাভ কৰে ৪৩৬.৫ পইণ্ট । দ্বিতীয় স্থানত থকা কাগিছ’ ৰাবাডাৰ পইণ্ট ৪২৭ ।

আৰচিবিৰ ওপৰত টকা, বৈভৱৰ ওপৰত বঁটাৰ বৰষুণ

গুজৰাট টাইটানছক পাঁচ উইকেটত পৰাস্ত কৰি আইপিএল খিতাপ জয়ৰ পিছত আৰচিবিয়ে লাভ কৰে ২০ কোটি নগদ ধন । আনহাতে, ১৫ বছৰীয়া বৈভৱে লাভ কৰে পাঁচটাকৈ বঁটা ।

এই পাঁচটা বঁটাৰ বাবে তেওঁ পাঁচটা পৃথক ট্ৰফী আৰু নগদ ৫০ লাখ টকা লাভ কৰে । এইগৰাকী যুৱ ক্ৰিকেটাৰে একাধিক বঁটা লাভ কৰিছে আৰু তেওঁ প্ৰায় ৫০ লাখ টকা ঘৰলৈ লৈ যাব । অৰেঞ্জ কেপ, ছিজনৰ সৰ্বাধিক মূল্যৱান খেলুৱৈ, ছিজনৰ ছুপাৰ ষ্ট্ৰাইকাৰ আৰু ছিজনৰ ছুপাৰ ছয় সন্মান লাভ কৰাৰ বাবে তেওঁক ১০ লাখকৈ পুৰস্কৃত কৰা হয় । আনহাতে, সূৰ্যবংশী আছিল এইবাৰ ছিজনৰ উদীয়মান খেলুৱৈ আৰু সেয়েহে তেওঁ ইয়াৰ বাবেও আৰু ১০ লাখ টকা লাভ কৰে । গতিকে মুঠতে সূৰ্যবংশীয়ে ঘৰলৈ লৈ যাব ৫০ লাখ টকা ।

আইপিএল ২০২৬ : কোনে কি জয় কৰিলে

  • ছিজনৰ সৰ্বাধিক মূল্যৱান খেলুৱৈ (Most Valuable Player of the Season) : বৈভৱ সূৰ্যবংশী (৪৩৬.৫ এমভিপি পইণ্ট)
  • অৰেঞ্জ কেপ বিজয়ী (Orange Cap Winner) : বৈভৱ সূৰ্যবংশী (৭৭৬ ৰাণ)
  • পাৰ্পল কেপ বিজয়ী (Purple Cap Winner) : কাগিছ’ ৰাবাডা (২৯ উইকেট)
  • ফেয়াৰ প্লে বঁটা (Fair Play Award) : পঞ্জাব কিংছ
  • কেচ অব দ্য ছিজনৰ বঁটা (Catch of the Season Award) : মণীষ পাণ্ডে
  • ছিজনৰ সৰ্বাধিক ডট বল (Most Dots in the Season) : মহম্মদ চিৰাজ (১৭২)
  • ছিজনৰ সৰ্বাধিক চাৰি (Most Fours of the Season) : বি সাই সুদৰ্শন (৭৫)
  • ছিজনৰ ছুপাৰ ছয় (Super Sixes of the Season) : বৈভৱ সূৰ্যবংশী (৭২)
  • ছিজনৰ ছুপাৰ ষ্ট্ৰাইকাৰ (Super Striker of the Season) : বৈভৱ সূৰ্যবংশী
  • ছিজনৰ উদীয়মান খেলুৱৈ (Emerging Player of the Season) : বৈভৱ সূৰ্যবংশী
  • গ্ৰীণ ডট বল বঁটা (Green Dot Ball Award) : মহম্মদ ছিৰাজ (গুজৰাট টাইটানছ, ১৭২ ডট বল)
  • শ্ৰেষ্ঠ পিটচ আৰু খেলপথাৰ : ইডেন গাৰ্ডেন, কলকাতা (পাঁচখন বা ততোধিক মেচ আয়োজন কৰা)
  • শ্ৰেষ্ঠ পিটচ আৰু খেলপথাৰ : এইচপিচিএ ষ্টেডিয়াম, ধৰ্মশালা (পাঁচখন বা ততোধিক মেচ আয়োজন কৰা)

আইপিএল ২০২৬ৰ প্ৰাইজমানী

  • চেম্পিয়ন : ২০ কোটি (আৰচিবি)
  • ৰাণাৰ্ছ-আপ : ১৩ কোটি (জিটি)
  • কোৱালিফায়াৰ ২৩ পৰাজিত দল : ৭ কোটি (আৰআৰ)
  • এলিমিনেটৰত পৰাজিত দল : ৬.৫ কোটি (এছআৰএইচ)

আইপিএল ২০২৬ত বৈভৱ সূৰ্যবংশীৰ ৰেকৰ্ডসমূহ

  • অৰেঞ্জ কেপ আৰু ম'ষ্ট ভেলুৱেবল প্লেয়াৰ : আইপিএলৰ ইতিহাসত এটা ছিজনত পাঁচটাকৈ মুখ্য ব্যক্তিগত বঁটা লাভ কৰা প্ৰথমগৰাকী খেলুৱৈ হিচাপে পৰিগণিত হয় বৈভৱ সূৰ্যবংশী ।
  • এটা ছিজনত সৰ্বাধিক ছয় : ক্ৰিছ গেইলৰ অভিলেখ ভংগকাৰী মুঠ ৭২টা ছয়েৰে বৈভৱ এটা আইপিএল ছিজনত সৰ্বাধিক ছয় কোবোৱা খেলুৱৈ হিচাপে পৰিগণিত হয় ।
  • পাৱাৰ-প্লে'ত সৰ্বাধিক ৰাণ : প্ৰথম ছয় অভাৰত ৫২১ ৰাণ সংগ্ৰহ কৰি ডেভিদ ৱাৰ্ণাৰৰ পূৰ্বৰ ৪৬৭ ৰাণৰ অভিলেখ বৈভৱে ভংগ কৰে ।
  • দ্ৰুততম আইপিএল ১০০০ ৰাণ : আইপিএলত দ্ৰুততম ১০০০ ৰাণ সংগ্ৰহ কৰাৰ অভিলেখ এতিয়া বৈভৱৰ নামত । তেওঁ এই মাইলৰ খুঁটিত উপনীত হ'বলৈ ৪৪০টা বল খেলে, যিটো পূৰ্বৰ ৰেকৰ্ডতকৈ ১০৫টা কম ।
  • প্লে'-অফৰ সফলতা : আইপিএল প্লে-অ'ফত দ্ৰুততম অৰ্ধশতকৰ (১৬টা বল) অভিলেখত এতিয়া তেওঁ যুটীয়াভাৱে আছে । আনহাতে, এলিমিনেটৰত এছআৰএইচৰ বিৰুদ্ধে মাত্ৰ ২৯টা বলত ৯৭ ৰাণ সংগ্ৰহ কৰে ।

অভিষেক বৰ্ষ ২০২৫ত বৈভৱৰ মাইলৰ খুঁটি

  • এতিয়ালৈকে হোৱা নিলামত সৰ্বকনিষ্ঠ ক্ৰিকেটাৰ : মাত্ৰ ১৩ বছৰ বয়সতে ২০২৫ বৰ্ষৰ আইপিএলত ৰাজস্থান ৰয়েলছে বৈভৱ সূৰ্যবংশীক ১.১ কোটি টকাত ক্ৰয় কৰিছিল ।
  • সৰ্বকনিষ্ঠ খেলুৱৈ হিচাপে অভিষেক আৰু শতক অৰ্জন : ১৪ বছৰ ২৩ দিনত বৈভৱৰ আইপিএলত অভিষেক ঘটে । আনহাতে, গুজৰাট টাইটানছৰ বিৰুদ্ধে ৩৮ বলত ১০১ ৰাণ সংগ্ৰহ কৰি বিশ্ব টি-২০ ক্ৰিকেটত সৰ্বকনিষ্ঠ শতক অৰ্জনকাৰী হিচাপে পৰিগণিত হয় ।

৫ বছৰীয়া শিশুৰ পৰা আৰম্ভ কৰি আইপিএল নায়কলৈ: বৈভৱৰ প্ৰশিক্ষকে প্ৰকাশ কৰিলে তেওঁৰ নায়কোচিত যাত্ৰা

স্মৰণীয় প্ৰদৰ্শনেৰে বিহাৰৰ বৈভৱে আইপিএল লীগৰ অন্যতম আকৰ্ষণীয় খেলুৱৈ হিচাপে আত্মপ্ৰকাশ কৰিছে । বাওঁহতীয়া বেটছমেনগৰাকীয়ে ক্ৰিকেট অনুৰাগীৰ পৰা ছ’চিয়েল মিডিয়ালৈ যথেষ্ট প্ৰশংসা বুটলিছে । তেওঁৰ বিস্ফোৰক বেটিঙক ক্ৰিকেটপ্ৰেমীসকলে প্ৰশংসা কৰিছে । এইগৰাকী বিস্ময় বালকৰ ক্ৰিকেট যাত্ৰা আৰম্ভ হৈছিল পাঁচ বছৰ বয়সৰ পৰা । বৰ্তমান তেওঁ সেই যাত্ৰৰ কথা প্ৰকাশ কৰিছে তেওঁৰ শৈশৱৰ প্ৰশিক্ষকে ।

Vaibhav Suryavanshi
বৈভৱ সূৰ্যবংশীৰ প্ৰশিক্ষক অতুল প্ৰিয়ংকৰ আৰু মনীষ ওঝা (ETV Bharat)

সূৰ্যবংশীৰ যাত্ৰা কোনো ডাঙৰ চহৰ বা কোনো প্ৰখ্যাত ক্ৰিকেট একাডেমীৰ পৰা আৰম্ভ হোৱা নাছিল । তেওঁৰ এই ক্ৰীড়া সাধনাৰ পাঠশালা আছিল মুখাৰ্জী চেমিনাৰীৰ খেলপথাৰ । তেওঁৰ প্ৰথম প্ৰশিক্ষক অতুল প্ৰিয়ংকাৰে কয় যে সূৰ্যবংশীয়ে পাঁচ বছৰ বয়সত ক্ৰিকেট শিকিবলৈ তেওঁৰ ওচৰলৈ আহিছিল ।

সূৰ্যবংশীয়ে তেওঁৰ একাডেমীত তিনি বছৰ ধৰি শিকিছিল আৰু তাৰ পিছত তেওঁ জ্যেষ্ঠ খেলুৱৈৰ সৈতে খেলাৰ অভিজ্ঞতা আৰু উন্নত খেলৰ সুবিধা লাভ কৰিবলৈ তাজপুৰলৈ গৈছিল । তাত তেওঁ প্ৰশিক্ষক মনীষ ওঝাৰ অধীনত প্ৰশিক্ষণ লৈছিল আৰু নিজৰ খেলক উচ্চ পৰ্যায়লৈ লৈ গৈছিল ।

"বৈভৱে বলাৰৰ ফালে নাচায়; বৰঞ্চ বলৰ যোগ্যতা অনুসৰি খেলে । তেওঁ কেতিয়াও আউট হোৱাৰ ভয় কৰা নাছিল আৰু তেওঁ সন্মুখীন হোৱা বলাৰৰ সুনামৰ কথাও গুৰুত্ব নিদিয়ে ।" ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত অতুলে এনেদৰে কয় ।

প্ৰিয়ংকাৰে লগতে কয় যে সূৰ্যবংশীয়ে আৰম্ভণিৰে পৰাই ডাঙৰ ডাঙৰ শ্বট খেলিছিল আৰু শতক অৰ্জন ওঁৰ খেলৰ অংশ হৈ আহিছে । প্ৰিয়ংকাৰে লগতে কয় যে সঠিক গাইডেন্স পালে টেষ্ট ক্ৰিকেটতো তেওঁ বেটেৰে আপ্লুত কৰিব পাৰিব ।

"সঠিক গাইডেন্স পালে বৈভৱে টেষ্ট ক্ৰিকেটত সফল হ’ব । টি-২০ দল আৰু এদিনীয়া দলত সুযোগ পালে সেয়া এক বৃহৎ ইতিবাচক দিশ হ’ব ।" অতুলে কয় ।

আনহাতে, আৰম্ভণিৰ দিনত বৈভৱক প্ৰশিক্ষণ প্ৰদান কৰা মনীষ ওঝাই কয় যে বছৰ বছৰ ধৰি কঠোৰ পৰিশ্ৰম, অনুশাসন আৰু অবিৰত মেচ অনুশীলনে বৈভৱক নিজৰ খেলক এই পৰ্যায়লৈ উন্নীত কৰাত সহায় কৰিছে ।

ইটিভি ভাৰতৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ওঝাই কয়, "১৯ বছৰ অনূৰ্ধ্ব বিশ্বকাপৰ সময়ত বৈভৱৰ দুৰ্বলতা আছিল যে তেওঁ দীৰ্ঘ সময় ধৰি ক্ৰীজত টিকি থাকি এটা ডাঙৰ ইনিংছ খেলিব নোৱাৰে; অৱশ্যে তাৰ পিছৰ পৰাই তেওঁ সেই অভাৱ দূৰ কৰাৰ বাবে ব্যাপক কাম কৰি আহিছে । আইপিএলত তেওঁৰ বেটিং কেৱল তেওঁৰ প্ৰতিভাৰেই নহয়, তেওঁৰ পৰিপক্বতাৰ প্ৰমাণ হিচাপেও আত্মপ্ৰকাশ কৰিছে ।"

'অদভুত সূৰ্য': বৈভৱ সূৰ্যবংশীক প্ৰশংসা অমিতাভ বচ্চনৰ

সূৰ্যবংশীয়ে সমগ্ৰ ভাৰততে কোটি কোটি ক্ৰিকেট অনুৰাগীৰ হৃদয় জয় কৰি আছে । চণ্ডীগড়ত গুজৰাট টাইটানছৰ বিৰুদ্ধে কোৱালিফায়াৰ ২ত দায়িত্বশীল বেটিঙেৰে তেওঁ পুনৰ শিৰোনাম দখল কৰে । চণ্ডীগড়ত অনুষ্ঠিত কোৱালিফায়াৰ ১ত ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধেও তেওঁ এটা শতকৰ পৰা অলপৰ বাবে বঞ্চিত হয় । তেওঁৰ এই খেলৰ শৈলীৰ বাবে অনুৰাগী, ক্ৰিকেট কিংবদন্তি আনকি বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ পৰাও প্ৰশংসা বুটলিছে ।

ৰাজস্থান ৰয়েলছৰ পৰাজয় আৰু প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হোৱাৰ পিছতো সূৰ্যবংশীয়ে মাত্ৰ ৪৭টা বলত ৯৬ ৰাণৰ এক আচৰিত ইনিংছ উপহাৰ দিয়ে । তেওঁৰ এই প্ৰচেষ্টা অৱশ্যে আৰআৰক ফাইনেলত উপনীত কৰাৰ বাবে যথেষ্ট নাছিল ।

মেচখনত পৰাস্ত হোৱাৰ পিছত বৈভৱক ডাগআউটত নিৰৱে বহি থকা দেখা গৈছিল আৰু সতীৰ্থসকলে তেওঁক সান্ত্বনা দিবলৈ চেষ্টা কৰাৰ সময়ত তেওঁ যে আৱেগিক হৈ পৰিছিল সেইটো ধৰা পৰিছিল ।

এইবাৰৰ ছিজনত যুৱ ক্ৰিকেটাৰগৰাকীৰ উল্লেখযোগ্য প্ৰদৰ্শন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অমিতাভ বচ্চনে X পোষ্টত এক আন্তৰিক বাৰ্তা শ্বেয়াৰ কৰে ।

সূৰ্যবংশীক 'অদভুত' প্ৰতিভা বুলি অভিহিত কৰি প্ৰবীণ অভিনেতাগৰাকীয়ে ইমান কম বয়সতে কিশোৰজনে যিখিনি অৰ্জন কৰিছে তাৰ প্ৰশংসা কৰে । তেওঁ লিখিছে, “টি ৫৭৫৬(i) - সূৰ্যবংশী - আচৰিত ১৫ বছৰীয়া সূৰ্য । সেই বয়সত মই মাৰ্বল বা বাটলুগুটিও ভালদৰে খেলিব বা মাৰিব পৰা নাছিলোঁ !!”

লগতে পঢ়ক :আইপিএল নহয় যেন ভিএছএছহে ! ৰাজস্থান ৰয়েলছৰ বিস্ময় বালকে আঁজুৰিলে বঁটাৰ 'বৈভৱ'
লগতে পঢ়ক :আইপিএল ২০২৬ ৰ খিতাপ জয় : ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুলৈ শুভেচ্ছাৰ বৰষুণ