যুৱ প্ৰতিভাৰ উন্মেষৰ বাবে মৰিগাঁৱত আন্তঃক্লাব এথলেটিকছ প্ৰতিযোগিতা
মৰিগাঁৱত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত আন্তঃক্লাব এথলেটিকছ প্ৰতিযোগিতাৰ সফল সামৰণি ।

Published : June 15, 2026 at 2:26 PM IST
মৰিগাঁও: মৰিগাঁও জিলাৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে এক অত্যন্ত উৎসাহজনক খবৰ । জিলাখনৰ উদীয়মান ক্ৰীড়া প্ৰতিভাসকলক এক সঠিক আৰু উন্নত মঞ্চ প্ৰদান কৰাৰ উদ্দেশ্যে মৰিগাঁও ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত অনুষ্ঠিত দুদিনীয়া কাৰ্যসূচীৰ 'আন্তঃ ক্লাব এথলেটিকছ প্ৰতিযোগিতা-২০২৬'ৰ (Inter Club Athletics Meet-2026) দেওবাৰে সফল সামৰণি পৰে ।
মৰিগাঁও জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত আৰু অসম এথলেটিকছ সন্থাৰ সহযোগত অনুষ্ঠিত এই ক্ৰীড়া মহোৎসৱে জিলাখনৰ ক্ৰীড়াপ্ৰেমীসকলৰ মাজত ব্যাপক উছাহ-উদ্দীপনাৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে ।
ঐতিহাসিক ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামত ক্ৰীড়াৰ মহাৰণ
যোৱা ১৩ জুনৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতাখনত মৰিগাঁও জিলাৰ বিভিন্ন প্ৰান্তৰ কেইবাটাও আগশাৰীৰ ক্ৰীড়া ক্লাবে অংশগ্ৰহণ কৰে । জিলাখনৰ চুকে-কোণে থকা প্ৰতিভাশালী খেলুৱৈসকলে নিজৰ ক্ৰীড়াশৈলী প্ৰদৰ্শন কৰাৰ বাবে এই প্ৰতিযোগিতাত অৱতীৰ্ণ হয় । ঐতিহাসিক ক্ষীৰোদ বৰুৱা ষ্টেডিয়ামৰ ট্ৰেক এণ্ড ফিল্ড এতিয়া খেলুৱৈ আৰু ক্ৰীড়াপ্ৰেমীৰ উপস্থিতিত মুখৰিত হৈ পৰিছে ।
বিভিন্ন বয়সৰ শাখাত প্ৰতিযোগিতা
খেলুৱৈসকলৰ দক্ষতাৰ সঠিক মূল্যায়ন আৰু প্ৰতিযোগিতাখন সুচাৰুৰূপে পৰিচালনা কৰাৰ স্বাৰ্থত বয়সৰ ভিত্তিত কেইবাটাও শাখাত খেলসমূহ অনুষ্ঠিত কৰা হয় ।
প্ৰতিযোগিতাৰ মূল শাখাসমূহ আছিল
অনূৰ্ধ্ব-১৪ (U-14) ল’ৰা আৰু ছোৱালী শাখা
অনূৰ্ধ্ব-১৬ (U-16) ল’ৰা আৰু ছোৱালী শাখা
অনূৰ্ধ্ব-১৮ (U-18) ল’ৰা আৰু ছোৱালী শাখা
অনূৰ্ধ্ব-২০ (U-20) ল’ৰা আৰু ছোৱালী শাখা
জ্যেষ্ঠ শাখা (২০ বছৰৰ ওপৰৰ পুৰুষ আৰু মহিলা)
দৌৰ, জঁপিওৱা (ওখ জাঁপ-দীঘল জাঁপ) (Jumps) আৰু যাঠি দলিওৱা (Javelin Throws) আদি বিভিন্ন ইভেণ্টত খেলুৱৈসকলে অংশগ্ৰহণ কৰি নিজৰ শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবলৈ আপ্রাণ চেষ্টা চলায় ।
আয়োজক সমিতিৰ সূত্ৰে জানিব পৰা মতে, জিলাখনত এথলেটিকছৰ এক সুস্থ আৰু প্ৰতিযোগিতামূলক পৰিৱেশ গঢ়ি তোলাৰ লগতে ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ৰ বাবে খেলুৱৈ বাছনি কৰাই আছিল এই প্ৰতিযোগিতাৰ অন্যতম মূল উদ্দেশ্য ।
দুয়োটা দিনতে খেলপথাৰত খেলুৱৈসকলৰ মাজত তীব্ৰ প্ৰতিযোগিতা আৰু অপৰিসীম উৎসাহ দেখিবলৈ পোৱা যায় । গৰমকো নেওচি জিলাখনৰ সহস্ৰাধিক ক্ৰীড়াপ্ৰেমী ৰাইজে ষ্টেডিয়ামত উপস্থিত হৈ হাতচাপৰিৰে খেলুৱৈসকলক উৎসাহিত কৰাত খেলুৱৈসকলৰ মনোবল দুগুণ বৃদ্ধি কৰে ।
"মৰিগাঁৱত এথলেটিকছৰ প্ৰচুৰ সম্ভাৱনীয়তা আছে । এই প্ৰতিযোগিতাই নতুন প্ৰতিভাক চিনাক্ত কৰাত আৰু তেওঁলোকক ভৱিষ্যতৰ বাবে প্ৰস্তুত কৰাত সহায় কৰিব ।" এগৰাকী স্থানীয় ক্ৰীড়া সংগঠকে কয় ।
বঁটা বিতৰণী আৰু সামৰণী অনুষ্ঠান
আনহাতে, দেওবাৰে বিয়লি অনুষ্ঠিত বাৰেৰহণীয়া সামৰণী অনুষ্ঠানত মৰিগাঁও জিলা ক্ৰীড়া সন্থা আৰু অসম এথলেটিকছ সন্থাৰ কেইবাগৰাকীও বিশিষ্ট বিষয়ববীয়া, প্ৰাক্তন খেলুৱৈ তথা গণ্য-মান্য ব্যক্তি উপস্থিত থাকে । আমন্ত্ৰিত অতিথিসকলে বিভিন্ন ইভেণ্টত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান অধিকাৰ কৰা বিজয়ী খেলুৱৈসকলক মেডেল আৰু প্ৰমাণ-পত্ৰ বিতৰণ কৰে ।
বঁটা বিতৰণ কৰি বিষয়ববীয়াসকলে অংশগ্ৰহণকাৰী সকলো খেলুৱৈকে অভিনন্দন জ্ঞাপন কৰে আৰু ভৱিষ্যতে অসমৰ ক্ৰীড়া জগতক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিনিধিত্ব কৰিব পৰাকৈ কঠোৰ অনুশীলন অব্যাহত ৰাখিবলৈ আহ্বান জনায় । এই সফল আয়োজনে মৰিগাঁৱৰ ক্ৰীড়া ইতিহাসত এক নতুন মাত্ৰা যোগ কৰা বুলি ক্ৰীড়া মহলত চৰ্চিত হৈছে ।

