ETV Bharat / sports

দ্য় লাষ্ট লাইন অৱ ডিফেন্স: বিশ্বকাপ ফুটবলত অতন্দ্ৰ প্ৰহৰী

৯০ মানিট সময় বলটোৰ ওপৰতেই নহয়, প্ৰতিপক্ষৰ খেলুৱৈৰ ওপৰতো শেনচকু ।

The last line of defense: Best goalkeeper in the World Cup
দ্য় লাষ্ট লাইন অৱ ডিফেন্স: বিশ্বকাপ ফুটবলৰ অন্য়তম মহানায়ক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 23, 2026 at 6:34 PM IST

6 Min Read
Choose ETV Bharat

নয়ন কুমাৰ শৰ্মা

প্ৰতিখন বিশ্বকাপ ফুটবল প্ৰতিযোগিতাত ষ্ট্ৰাইকাৰৰ সমানেই গ’লৰক্ষকে কোনো এটা দলৰ জয়-পৰাজয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । সেইবাবে গ’লৰক্ষকক কোৱা হয় 'দ্য় লাষ্ট লাইন অৱ ডিফেন্স '। গ’লৰক্ষকেই প্ৰতিৰক্ষাৰ চূড়ান্ত বাধা হিচাপে কাৰ্য সম্পাদন কৰে । সম্পূৰ্ণ ৯০ মানিট সময় শেনচকুৰে কেৱল বলটোৰ ওপৰতেই নহয়, প্ৰতিপক্ষৰ প্ৰতিগৰাকী খেলুৱৈৰ গতিৰ ওপৰত সমানেই দৃষ্টি নিক্ষেপ কৰিবলগীয়া হয় গ’লৰক্ষকে ।

ভোজিনহাই এইবাৰ কৰিলে আৰম্ভণি :

এজন আউটফিল্ড খেলুৱৈয়ে ভুল কৰিলে তাৰ পৰা হাত সাৰিব পাৰে; কিন্তু এজন গ’লৰক্ষকৰ সামান্য় ভুলৰ বাবেই দলৰ জয়ৰ হিচাপত ওলট-পালট হৈ পৰে । ২০২৬ৰ বিশ্বকাপৰ অভিষেক মেচতেই বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা দেশখনেই হৈছে কেপ ভাৰ্ডে । গ্ৰুপ এইচত স্পেইন আৰু কেপ ভাৰ্ডেৰ মাজত হোৱা উত্তেজনাপূৰ্ণ খেলখনৰ ঐতিহাসিক ফলাফলৰ মহানায়ক আছিল ৪০ বছৰীয়া গ’লৰক্ষক ভোজিনহা ৷

ভোজিনহাই মেচখনত কেইবাটাও নিশ্চিত গ’ল প্ৰতিৰোধ কৰি স্পেইনৰ তাৰকা খেলুৱৈসকলক সুযোগৰ পৰা বঞ্চিত কৰে । ৪০ বছৰীয়া গ’লৰক্ষক ভোজিনহাই ১৯৬৬ চনৰ পিচত বিশ্বকাপৰ খেল এখনত বল স্পৰ্শ নকৰাকৈ আধা ঘণ্টা সময় অতিবাহিত কৰা প্ৰথমগৰাকী খেলুৱৈ হিচাপে অভিলেখ গঢ়িবলৈ সক্ষম হয় । এইবাৰৰ ভোজিনহাৰ দৰে প্ৰতিখন বিশ্বকাপতেই বহু কেইগৰাকী গ’লৰক্ষকে নায়কৰ ভুমিকা পালন কৰিছে ।

ব্ৰাজিলৰ গিলমাৰৰ অক্ষত অভিলেখ :

ব্ৰাজিলৰ গ’লৰক্ষক গিলমাৰে ১৯৫৮ আৰু ১৯৬২ চনত দলটোৰ ৰক্ষক হিচাপে দুবাৰকৈ প্ৰতিযোগিতাখনত জয়লাভ কৰাত বিশেষ ভুনিকা গ্ৰহণ কৰিছিল । এইগৰাকী গ'লৰক্ষকে সৰ্বাধিক ফিফা বিশ্বকাপ খিতাপ জয়ৰ অভিলেখ গঢ়িছে । সক্ৰিয় খেলৰ সময়ৰ বাবে গিলমাৰ প্ৰতিযোগিতাখনৰ ইতিহাসৰ আটাইতকৈ সফল গ’লৰক্ষক হিচাপে আখ্য়া লাভ কৰি আছে ।

এই তালিকাত আন দুজন গ’লৰক্ষকো আছে । অৱেশ্য়ে দুয়োজনে খেলৰ সময়তকৈ বেকআপ গ’লৰক্ষক হিচাপেহে অভিলেখ ৰচিছে । ব্ৰাজিলৰ কাৰ্লোছ কাষ্টিলোই ১৯৫০ আৰু ১৯৬২ চনত দলৰ সদস্য আছিল যদিও খেল পথাৰত প্ৰৱেশ কৰাৰ সলনি বেকআপ গ’লৰক্ষক হিচাপে পদক লাভ কৰিছিল । আনহাতে ইটালীৰ গুইডো মাছেট্টিই ১৯৩৪ আৰু ১৯৩৮ চনত বিজয়ী দলৰ সদস্য় আছিল যদিও খেলাৰ সৌভাগ্য় নঘটিল ।

সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ লেভ ইয়াছিন :

লেভ ইয়াছিন আছিল ছোভিয়েট ৰাছিয়াৰ কিংবদন্তি ফুটবলাৰ । এইগৰাকী খেলুৱৈৰ সম্পূৰ্ণ নাম আছিল লেভ ইভানোভিচ ইয়াছিন । ১৯২৯ চনৰ ২২ অক্টোবৰত মস্কোত জন্মগ্ৰহণ কৰা লেভ ইয়াছিন আছিল ৬ ফুট ২ ইঞ্চি উচ্চতাৰ গ’লৰক্ষক । আজিও এইগৰাকী খেলুৱৈক সৰ্বকালৰ সর্বশ্রেষ্ঠ গ'লৰক্ষক হিসেবে আখ্য়া দিয়া হয় । তেওঁ 'বেলন ডি অৰ বঁটা' লাভ কৰা প্ৰথম আৰু একমাত্ৰ গ'লৰক্ষক আছিল । লেভ ইয়াছিন এথলেটিকছ, পজিচনিং, গ'লত উপস্থিতি আৰোপ কৰা আৰু এক্ৰ'বেটিক ৰিফ্লেক্স ছেভৰ বাবে পৰিচিত আছিল । ১৯৫৮ চনৰ পৰা ১৯৬৬ চনলৈকে তিনিখন বিশ্বকাপত অংশগ্ৰহণ কৰা লেভ ইয়াছিনে ১৯৫৮ চনৰ ছুইডেনত খেলা বিশ্বকাপত কৰা প্ৰদৰ্শনৰ বাবে ফুটবল মানচিত্ৰত স্থান লাভ কৰিছিল ছোভিয়েট ইউনিয়নে । সেইবাৰ দলটোৱে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল ।

১৯৬২ চনত প্ৰত্য়াহ্বানৰ সন্মুখীন হোৱাৰ পিছতো তেওঁ দলটোক কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰাত আগভাগ লৈছিল । অৱেশ্য়ে ১৯৬২ চনৰ বিশ্বকাপৰ হতাশাৰ মাজতো ইয়াছিনে ১৯৬৩ চনৰ ডিচেম্বৰ মাহত 'বেলন ডি অৰ বঁটা' লাভ কৰিবলৈ সক্ষম হৈছিল । ১৯৯৪ চনৰ পৰা ফিফা বিশ্বকাপত লেভ ইয়াছিনৰ নামত গ'লৰক্ষকক প্ৰদান কৰি অহা হৈছে 'গোল্ডেন গ্লভছ' বঁটা । ইয়াছিনে পেছাদাৰী ফুটবলত ১৫০ টাতকৈও অধিক পেনাল্টি কিক ৰক্ষা কৰিছিল । তেওঁ 'দ্য ব্লেক স্পাইডাৰ' আৰু ব্লেক পেন্থাৰ' নামেৰে পৰিচিত আছিল ।

অলিভাৰ কান :

জাৰ্মানীৰ অন্যতম শ্ৰেষ্ঠ গ’লৰক্ষক অলিভাৰ কানে দেশৰ হৈ ৮৬খন খেলত অংশগ্ৰহণ কৰিছিল । বেয়াৰ্ন মিউনিখ আৰু জাৰ্মানীৰ বাবে তেওঁ আছিল এজন গুৰুত্বপূৰ্ণ খেলুৱৈ । ২০০২ চনৰ বিশ্বকাপত তেওঁ প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ খেলুৱৈ হিচাপে নিৰ্বাচিত হৈছিল ।

ফেবিয়ান বাৰ্থেজ :

১৯৯৮ চনৰ বিশ্বকাপৰ ফাইনেলত ফ্ৰান্সৰ গ'লৰক্ষক ফেবিয়ান বাৰ্থেজে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল । নিজ দেশতেই বিশ্বকাপ জয়ৰ অন্য়তম নায়ক আছিল ফেবিয়েন বাৰ্থেজ । পেনাল্টি এৰিয়াত তেওঁৰ শ্বট ষ্টপিং আৰু কমাণ্ডিঙৰ বাৰে আজিও এইগৰাকী গ’লৰক্ষকৰ নাম সকলোৱে স্মৰণ কৰে ।

ডেভিদ ছিমেন :

ডেভিদ ছিমেনক ইংলেণ্ডৰ এতিয়ালৈকে সৰ্বশ্ৰেষ্ঠ গ’লৰক্ষক হিচাপে গণ্য কৰা হয় । ২০০২ চনত ব্ৰাজিলৰ বিৰুদ্ধে বিশ্বকাপত তেওঁ এটা ভুল কৰিছিল যদিও ২৪ বছৰীয়া কেৰিয়াৰত তেওঁ অবিশ্বাস্যভাৱে ধাৰাবাহিকতা প্ৰদৰ্শন কৰিছিল ।

লুইছ চিলাভাৰ্ট :

১৯৯৮ আৰু ২০০২ চনৰ ফিফা বিশ্বকাপ দুয়োটাতে পেৰাগুৱেৰ কিংবদন্তি জোচে লুইছ চিলাভাৰ্টে নিজৰ শক্তিশালী ফ্ৰী কিক ক্ষমতাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল । চিলাভাৰ্টে ১৯৯৮ চনৰ বিশ্বকাপত অংশগ্ৰহণ কৰি প্ৰত্যক্ষ ফ্ৰী কিক লোৱা প্ৰথমজন গ'লৰক্ষক হিচাপে পৰিগণিত হয় । এইখন মেচত তেওঁ বুলগেৰিয়াৰ বিৰুদ্ধে গ'ল দিবলৈ সক্ষম হৈছিল । তেওঁৰ এই প্ৰদৰ্শনৰ বাবে পেৰাগুৱেক ১৬ ৰাউণ্ডলৈ প্ৰৱেশ কৰিবলৈ সক্ষম হৈছিল । ২০০২ চনৰ ফিফা বিশ্বকাপৰ বাবে পেৰাগুৱেৰ যোগ্য়তা অৰ্জনৰ সময়ত তেওঁ চাৰিটাকৈ আন্তঃৰাষ্ট্ৰীয় গ'ল দিছিল । পেৰাগুৱেৰ গ’লৰক্ষক জোচে লুইছ চিলাভাৰ্ট ক্লাব আৰু দেশৰ হৈ ফ্ৰী কিক লোৱাৰ বাবে সুপৰিচিত আছিল । তেওঁ কেৰিয়াৰত ৬৭টা গ’ল দি ৰড্ৰিগো চেনিৰ পিছতে ইতিহাসৰ দ্বিতীয় সৰ্বাধিক গ’ল দিয়া গ’লৰক্ষক হিচাপে পৰিগণিত হৈছে (১০৩)।

২০১০ চনৰ বিশ্বকাপত স্পেইনে দখল কৰিছিল । আইকাৰ কেচিলাছৰ অসম্ভৱ ছেভৰ বাবে ২০১০ চনৰ বিশ্বকাপত স্পেইনৰ ঐতিহাসিক বিজয় সম্ভৱ হৈছিল । আনহাতে, ১৯৯৪ চনক বিশ্বকাপত বেলজিয়ামৰ হৈ ধাৰাবাহিকভাৱে সফল হৈছিল মিচেল প্ৰিউড'হোম ।

লগতে পঢ়ক:ব্য়তিক্ৰমী কেশসজ্জাৰে ফিফা বিশ্বকাপত দৃষ্টি আকৰ্ষণ কৰা খেলুৱৈসকল

ফিফা বিশ্বকাপত পুৰস্কাৰৰ অভিলেখ; ১৯৮২ৰ আগলৈকে বিজয়ী দলটোৱে লাভ কৰিছিল মাত্ৰ ট্ৰফীটোহে

ফিফা বিশ্বকাপ ২০২৬: ক্ষুদ্ৰ ৰাষ্ট্ৰ হ'লেও অভিষেকতেই শক্তিধৰক প্ৰত্য়াহ্বান

গ্ল'বেল আইকন: বিশ্বকাপ ফুটবলত ১০ নম্বৰ জাৰ্ছিৰ যাদু