অসমৰ এখন খেলপথাৰত ব্ৰাজিল-আৰ্জেণ্টিনাৰ তুমুল যুঁজ!
ফিফা বিশ্বকাপ ফুটবলৰ জ্বৰত আক্ৰান্ত মৰিগাঁৱৰ এজাক শিশু ৷ গৰমৰ বন্ধৰ মাজতে খেলপথাৰত ব্ৰাজিল-আৰ্জেণ্টিনাৰ তুমুল যুঁজ ৷

Published : July 14, 2026 at 5:23 PM IST
মৰিগাঁও : ফিফা বিশ্বকাপৰ উন্মাদনাই বৰ্তমান সমগ্ৰ বিশ্বৰ লগতে অসমকো চুই গৈছে ৷ সমগ্ৰ ভাৰতৰ ঠায়ে ঠায়ে ফিফা বিশ্বকাপৰ উন্মাদনা দেখিবলৈ পোৱা গৈছে ৷ অনুৰূপধৰণে এই গোলকীয় ফুটবল জ্বৰৰ পৰা মুক্ত নহয় মৰিগাঁও জিলাৰ চুকে-কোণে থকা শিশু-কিশোৰসকলো ৷
বৰ্তমান জিলাখনৰ চহৰৰ পৰা গাঁও অঞ্চললৈকে তীব্ৰ ৰূপত গা কৰি উঠিছে ফিফা বিশ্বকাপৰ আকৰ্ষণে ৷
ইয়াৰ মাজতে মৰিগাঁও জিলাৰ চৰাইবাহী অঞ্চলত এক ব্যতিক্ৰমী আৰু উৎসাহজনক দৃশ্য দেখা গৈছে ৷ চলিত গৰমৰ বন্ধৰ সুযোগ লৈ অঞ্চলটোৰ খেলপথাৰসমূহত এতিয়া এজাক শিশুৰ উখল-মাখল পৰিৱেশ ৷ স্কুল বন্ধৰ এই সময়ছোৱা ঘৰত বহি নষ্ট নকৰি স্থানীয় শিশু-কিশোৰসকলে ফুটবলৰ উন্মাদনাত নিজক উটুৱাই দিছে ৷
কেৱল ফুটবল খেলাটোৱেই নহয়, বিশ্বৰ শ্ৰেষ্ঠ ফুটবল প্ৰতিযোগিতাখনক লৈ এই শিশুসকলৰ মাজত স্পষ্ট মেৰুকৰণো দেখা গৈছে ৷ খেলপথাৰত নামিয়েই তেওঁলোকে নিজৰ প্ৰিয় দল ক্ৰমে আৰ্জেণ্টিনা, ব্ৰাজিল, স্পেইন, ফ্ৰান্স আদিৰ সমৰ্থক নিজক বিভক্ত কৰি পেলাইছে ৷

কোনোবাই যদি মেছিৰ ড্ৰিবলিং অনুসৰণ কৰাৰ চেষ্টা কৰিছে, আন কোনোবাই আকৌ নেইমাৰ বা এমবাপেৰ দৰে তীব্ৰ গতিৰে বল লৈ গ'লপোষ্টৰ দিশে অগ্ৰসৰ হৈছে ৷
নিজৰ নিজৰ প্ৰিয় খেলুৱৈ আৰু দলৰ জাৰ্চী পিন্ধি, তেওঁলোকৰ খেলৰ কৌশল অৱলম্বন কৰি শিশুজাকে এনেদৰে ফুটবল যুদ্ধত অৱতীৰ্ণ হোৱা দৃশ্যই এতিয়া সমগ্ৰ চৰাইবাহী অঞ্চলটোতে এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিছে ৷
বিশ্বকাপৰ এই উত্তেজনাই শিশুসকলৰ শাৰীৰিক আৰু মানসিক বিকাশৰ ক্ষেত্ৰতো এক ইতিবাচক প্ৰভাৱ পেলাইছে বুলি স্থানীয় ক্ৰীড়াপ্ৰেমীসকলে মত প্ৰকাশ কৰিছে ৷
ডিজিটেল স্ক্ৰীন বা মোবাইল গেমৰ পৰা আঁতৰি আহি গৰমৰ বন্ধত শিশুসকলে এনেদৰে খেলপথাৰত ঘাম বোৱাটোৱে মৰিগাঁৱৰ গ্ৰাম্য ক্ৰীড়া সংস্কৃতিক পুনৰ সজীৱ কৰি তুলিছে ৷

