পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদক অৰ্জন লাভলীনা বৰগোহাঁইৰ
স্পেইনত অনুষ্ঠিত বক্সাম এলিট ইণ্টাৰনেচনেল বক্সিং চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন লাভলীনা বৰগোহাঁইৰ ৷

Published : February 8, 2026 at 11:12 AM IST
সৰুপথাৰ : পুনৰ ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোহাঁই ৷ গোলাঘাট জিলাৰ বৰপথাৰ বাৰমুখীয়াৰ বক্সাৰ লাভলীনাই টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰি সমগ্ৰ বিশ্বৰ বুকুতেই চিনাকি হৈ পৰিছিল ৷ লাভলীনাৰ সেই ধাৰা অব্যাহত আছে ৷ এইগৰাকী অসম কন্যা লাভলীনা বৰগোহাঁইৰ সাফল্যই পুনৰ গৌৰৱ কঢ়িয়াবলৈ সক্ষম হৈছে ৷
স্পেইনত অনুষ্ঠিত হোৱা বক্সাম এলিট ইণ্টাৰনেচনেল বক্সিং চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে লাভলীনাই ৷ স্পেইনত অনুষ্ঠিত ৭৫ কেজি শাখাত জয়ী লাভলীনা বৰগোহাঁই ৷ লাভলীনাৰ হাতত পৰাস্ত ইংলেণ্ডৰ মেৰী কেইট স্মিথ ৷ সামাজিক মাধ্যম ফেচবুকৰ যোগেদি জনালে লাভলীনাই ৷ হাতত সোণৰ মেডেল লৈ ফেচবুকত ভিডিঅ’ শ্বেয়াৰ কৰিল লাভলীনাই ৷
ইপিনে লাভলীনাই মেডেল গ্ৰহণ কৰাৰ লগে লগে ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত পৰিবেশন কৰা হৈছিল ৷ পুনৰ লাভলীনা বৰগোহাঁইৰ সাফল্যই ভাৰতলৈ গৌৰৱ কঢ়িয়াই আনিছে ৷ লাভলীনাক এই সাফল্যত নিজকে অধিক উৎফুল্লিত হোৱা দেখিব পৰা গৈছে ৷ লাভলীনা বৰগোহাঁয়ে নিজৰ ফেচবুক পেজৰ যোগেদি জনাইছে, "বাহিৰত খেল চলি আছে, এইমাত্ৰ শেষ হৈছে, আজি মোৰ ফাইনেল আছিলে আৰু মই ফাইনেলত জিকিছো ৷"
বক্সাৰগৰাকীয়ে লগতে কয়, "বহুদিনৰ মূৰত আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতা খেলিবলৈ আহিছিলো ৷ প্ৰথম খেল আছিল ইউক্ৰেইনৰ লগত ৷ তাৰ পিছত ওৱেলছ, ইংলেণ্ডৰ লগত ৷ ইয়াত ছেমি ফাইনলেৰ যিগৰাকী প্ৰতিদ্বন্দ্বীক ধৰাশায়ী কৰিলোঁ সেইগৰাকীৰ লগত পূৰ্বতে মই কমনৱেলথ গেমছত পৰাজিত হৈছিলোঁ ৷ বহুত বেছি ভাল লাগিছে, সকলোৰে শুভেচ্ছা আছিল ৷ যিসকল প্ৰশিক্ষকে মোক সমৰ্থন কৰি আছিল সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ ৷ কেইদিনমানৰ পিছত আকৌ খেল আছে তাত পুনৰ পদক অৰ্জন কৰি আনিব পাৰো তাৰ বাবে শুভেচ্ছা বিচাৰিছোঁ ৷"
ইফালে বক্সাম এলিট ইন্টাৰনেছনেল বক্সিঙত সোণৰ পদক অৰ্জন কৰা লাভলীনা বৰগোহাঁইলৈ আন্তৰিক অভিনন্দন জনাইছে গোলাঘাট জিলা ছাত্ৰ সন্থাৰ সভাপতি মিণ্টু গগৈৰ লগতে সৰুপথাৰৰ বহুকেইজন ব্যক্তয়ে ৷

