ETV Bharat / sports

থাইলেণ্ড অ’পেনত ৰূপৰ পদক অৰ্জন সাত্বিক-চিৰাগৰ

ইণ্ডোনেছিয়ান যুটিৰ হাতত ১২-২১, ২৩-২৫ ছেটত পৰাস্ত ভাৰতীয় যুটিটো ৷

Thailand Open 2026
থাইলেণ্ড অ’পেনত ৰূপৰ পদক অৰ্জন সাত্বিক-চিৰাগৰ (IANS)
author img

By ETV Bharat Assamese Team

Published : May 18, 2026 at 11:01 AM IST

2 Min Read
Choose ETV Bharat

বেংকক (থাইলেণ্ড) : ভাৰতৰ তাৰকা বেডমিণ্টন যুটি সাত্বিক ছাইৰাজ ৰেংকিৰেডী আৰু চিৰাগ শ্বেট্টীয়ে থাইলেণ্ড অ’পেন ২০২৬ৰ ফাইনেলত পৰাস্ত হৈ পুৰুষৰ ডাবলছত ৰূপৰ পদক লাভ কৰে ৷

থাইলেণ্ডৰ নিমিবুৰ ষ্টেডিয়ামত হোৱা ৫৩ মিনিটৰ খেলখনত ইণ্ডোনেছিয়াৰ লিঅ’ ৰলি কাৰ্নাণ্ডো আৰু ডেনিয়েল মাৰ্টিনৰ হাতত ১২-২১, ২৩-২৫ ছেটত পৰাস্ত হয় বিশ্বৰ ৪ নং স্থানৰ সাত্বিক আৰু চিৰাগ ৷ ইয়াৰ লগতে ভাৰতীয় যুটিৰ বিৰুদ্ধে ইণ্ডোনেছিয়ান যুটিটোৱে প্ৰথমটো জয় লাভ কৰে ৷ ইয়াৰ পূৰ্বে দুয়োটা যুটিৰ মাজত হোৱা চাৰিখন মেচতে ভাৰতীয় যুটিটোৱে জয়লাভ কৰিছিল ৷

খেলাখনৰ প্ৰথমাৰ্ধত ভাৰতীয় যুটিটোক সম্পূৰ্ণৰূপে হেঁচাত পৰা যেন দেখা গৈছিল আৰু ইণ্ডোনেছিয়াৰ যুটিয়ে প্ৰথমখন খেলখন ২১-১২ ছেটত জয়লাভ কৰে । দ্বিতীয়াৰ্ধত ভাৰতীয় যুটিটোৱে শক্তিশালী প্ৰত্যাৱৰ্তন কৰি খেলখন নিৰ্ণায়ক পৰ্যায়লৈ লৈ যায়, য’ত একেৰাহে পাঁচটা চেম্পিয়নশ্বিপ পইণ্ট ৰক্ষা কৰি ২৩-২৫ ছেটত পৰাস্ত হয় ৷

সাত্বিক আৰু চিৰাগে তৃতীয়বাৰৰ বাবে থাইলেণ্ড অ’পেনৰ ফাইনেলত প্ৰৱেশ কৰে ৷ ইয়াৰ পূৰ্বে ২০১৯ আৰু ২০২৪ চনত তেওঁলোকে প্ৰতিযোগিতাখনৰ খিতাপ দখল কৰিছিল । কিন্তু ভাৰতীয় যুটিদ্বয়ে তৃতীয়বাৰৰ বাবে এই খিতাপ দখল কৰাৰ সপোন সপোন হৈয়ে ৰ’ল ৷

ভাৰতীয় যুটিটোৱে শনিবাৰে মালয়েছিয়াৰ যুটি গহ জ্যে ফেই আৰু নুৰ ইজ্জুদ্দিনক ৰোমাঞ্চকৰ ছেমিফাইনেলত পৰাস্ত কৰি ২০২৬ ছিজনৰ প্ৰথমখন ফাইনেলত প্ৰৱেশ কৰিছিল ৷ ইফালে পিভি সিন্ধু আৰু লক্ষ্য সেন প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হোৱাৰ পিছতে সকলোৰে দৃষ্টি সাত্বিক আৰু চিৰাগৰ ওপৰত আছিল ৷ প্ৰতিযোগিতাখনত ভাৰতীয় যুটিটোৱে আকৰ্ষণীয় প্ৰদৰ্শন আগবঢ়াইছিল আৰু তেওঁলোকে একপক্ষীয়ভাৱে জয়লাভ কৰি তেওঁ ফাইনেলত প্ৰৱেশ কৰে ৷

ভাৰতীয় যুটিটোৱে পৰৱৰ্তী সময়ত ২৬ মে’ৰ পৰা ৩১ মে’লৈ অনুষ্ঠিত হ’বলগীয়া ছিংগাপুৰ অ’পেনত অংশগ্ৰহণ কৰিব ।

লগতে পঢ়ক : এছিয়ান গেমছ-কমনৱেলথ গেমছৰ বাবে যোগ্যতা অৰ্জন লাভলীনা বৰগোহাঁইৰ