ETV Bharat / sports

জনপ্ৰিয় টেনিছ তাৰকা লিয়েণ্ডাৰ পেজৰ মাতৃৰ দেহাৱসান

প্ৰাক্তন অলিম্পিয়ান তথা বাস্কেটবল খেলুৱৈ জেনিফাৰ পেজে দীৰ্ঘদিনে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ জীৱন-মৃত্যুৰ সৈতে যুঁজ দি আহিছিল ৷

jennifer paes passes away
মাতৃৰ সৈতে লিয়েণ্ডাৰ পেজ (IANS)
author img

By ETV Bharat Assamese Team

Published : May 18, 2026 at 4:59 PM IST

3 Min Read
Choose ETV Bharat

কলকাতা: মাতৃহাৰা হ'ল ভাৰতৰ জনপ্ৰিয় টেনিছ তাৰকা লিয়েণ্ডাৰ পেজ ৷ দীৰ্ঘদিনে দুৰাৰোগ্য কৰ্কট ৰোগৰ সৈতে যুঁজ দি অহা পেজৰ মাতৃয়ে দেওবাৰে কলকাতাত শেষ নিশ্বাস ত্যাগ কৰে ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭২ বছৰ ৷ পেজ পৰিয়ালে এই খবৰ নিশ্চিত কৰিছে ৷

প্ৰাক্তন অলিম্পিয়ান হিচাপে সুখ্যাতি লাভ কৰা লিয়েণ্ডাৰৰ মাতৃ জেনিফাৰ পেজ দেশৰ সৰ্বাধিক সফল মহিলা বাস্কেটবল খেলুৱৈসকলৰ ভিতৰত অন্যতম আছিল ৷ বিগত বৰ্ষৰ আগষ্ট মাহত জেনিফাৰৰ স্বামী তথা ভাৰতীয় হকীৰ প্ৰাক্তন তাৰকা খেলুৱৈ ৱেচ পেজৰ মৃত্যু ঘটিছিল । পিতৃক হেৰুওৱাৰ মাত্ৰ কেইমাহমানৰ পিছতে ভাৰতীয় টেনিছ কিংবদন্তী লিয়েণ্ডাৰ পেজে মাতৃ জেনিফাৰক হেৰুৱাবলগীয়া হয় ।

দেশৰ মহিলা বাস্কেটবলৰ জগতখনত জেনিফাৰ পেজ আছিল এটা পৰিচিত নাম । ১৯৭২ চনত ভাৰতীয় বাস্কেটবল দলৰ সদস্য হিচাপে জেনিফাৰে দেশক প্ৰতিনিধিত্ব কৰি স্বামীৰ সৈতে মিউনিখ অলিম্পিকলৈ গৈছিল । পৰৱৰ্তী সময়ত ১৯৮০-৮২ চনত এছিয়ান বাস্কেটবল চেম্পিয়নশ্বিপত জেনিফাৰে ভাৰতীয় দলৰ অধিনায়কৰ দায়িত্ব পালন কৰে ৷ দীৰ্ঘদিনীয়া কেৰিয়াৰত দেশৰ মহিলা বাস্কেটবল দললৈ আগবঢ়োৱা তেওঁৰ অৱদান আজিও স্মৰণীয় হৈয়ে আছে ।

পৰিয়ালৰ সূত্ৰই সদৰী কৰা অনুসৰি, দীৰ্ঘসময়ৰে পৰা প্ৰাক্তন মহিলা বাস্কেটবল খেলুৱৈগৰাকীয়ে দুৰাৰোগ্য কৰ্কট ৰোগৰ সৈতে যুঁজ দি আহিছিল ৷ অস্ত্ৰোপচাৰৰ পিছতো তেওঁ আৰোগ্য লাভ নকৰিলে ৷ অৱশেষত দেওবাৰে তেওঁ জীৱন যুঁজত হাৰ মানে ৷ জীৱনৰ শেষৰ সময়খিনিত শাৰীৰিক অসুস্থতাৰ পিছতো লিয়েণ্ডাৰৰ মাতৃয়ে এই ক্ৰীড়াৰ সৈতে জড়িত হৈ থাকিল । সামাজিক মাধ্যমতো তেওঁ সক্ৰিয় হৈ থাকি নিয়মিতভাৱে নৱপ্ৰজন্মক উৎসাহিত কৰি আহিছিল আৰু অনন্য ধৰণেৰে ক্ৰীড়াক সমৰ্থন জনাইছিল ৷

জেনিফাৰৰ জীৱনটো কেবল ক্ৰীড়াৰ সৈতেই নহয়, বৰং ইতিহাসৰ সৈতেও জড়িত আছিল ৷ তেওঁ আছিল মহান বঙালী কবি মাইকেল মধুসুদন দত্তৰ বংশধৰ । জেনিফাৰৰ স্বামী ৱেচ পেজ আছিল অলিম্পিক পদক বিজয়ী ভাৰতীয় হকী খেলুৱৈ । ১৯৭২ চনৰ মিউনিখ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা ভাৰতীয় দলটোৰ সদস্য আছিল ৱেচ পেজ । ১৯৭১ চনৰ হকী বিশ্বকাপতো দলটোৱে ব্ৰঞ্জৰ পদক লাভ কৰিছিল ৷

পেজ দম্পতীৰ একমাত্ৰ পুত্ৰ লিয়েণ্ডাৰ পেজ ক্ৰীড়াজগতৰ এটি পৰিচিত নাম ৷ আনকি লিয়েণ্ডাৰ পেজেও অলিম্পিকত পদক লাভ কৰি দেশলৈ গৌৰৱ কঢ়িয়াই আনিছিল ৷ একেটা পৰিয়ালৰ তিনিগৰাকী সদস্যই অলিম্পিকত পদক লাভ কৰাটো ভাৰতৰ ক্ৰীড়াৰ ইতিহাসত চিৰস্মৰণীয় ঘটনা ৷

কিন্তু জীৱনৰ শেষৰফালে ৱেছ আৰু জেনিফাৰৰ বিচ্ছেদ ঘটে ৷ তথাপিও দেশৰ ক্ৰীড়াজগতৰ ইতিহাসত পেজ পৰিয়াল সদায়ে এক বিশেষ অধ্যায় হৈ থাকিব ।

কলকাতাৰ ক্ৰীড়াজগততো জেনিফাৰ আছিল এখন সুপৰিচিত মুখ । তেওঁৰ চিৰসেউজ ব্যক্তিত্ব, ক্ৰীড়াৰ প্ৰতি থকা আকৰ্ষণ, নৱপ্ৰজন্মক অনুপ্ৰাণিত কৰাৰ ক্ষমতাৰ বাবে তেওঁক সন্মান কৰা হৈছিল । জেনিফাৰ পেজৰ মৃত্যুৰ লগে লগে ভাৰতীয় ক্ৰীড়াজগতৰ এটা যুগৰ অন্ত পৰে ।

লগতে পঢ়ক: ইটালিয়ান অ'পেনৰ খিতাপ দখল কৰি য়ানিক ছিনাৰে ৰচিলে ইতিহাস