ETV Bharat / sports

টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে টীম ইণ্ডিয়াৰ জাৰ্ছী মুকলি, পূৰ্বতকৈ কিমান পৃথক...

টি-২০ বিশ্বকাপ ২০২৬ ব্ৰেণ্ড এম্বেছাদৰ ৰোহিত শৰ্মা আৰু যুৱ বেটছমেন তিলক বাৰ্মাই উন্মোচন কৰে টীম ইণ্ডিয়াৰ জাৰ্ছী ৷

TEAM INDIA T20 WORLD CUP JERSEY
ভাৰতীয় ক্ৰিকেট দল (IANS PHOTO)
author img

By ETV Bharat Assamese Team

Published : December 4, 2025 at 1:55 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ : অহা বছৰ ভাৰত আৰু শ্ৰীলংকাত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ বাবে টীম ইণ্ডিয়াৰ নতুন জাৰ্ছী উন্মোচন কৰিছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে ৷ গাঢ় নীলা আৰু উজ্বল কমলা ৰঙৰ শ্বেড থকা জাৰ্ছীটো এডিডাছে প্ৰস্তুত কৰিছে, যাৰ ল’গ’ও জাৰ্ছীত আছে ৷

ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত ৩ ডিচেম্বৰত অনুষ্ঠিত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে দ্বিতীয়খন এদিনীয়াৰ ইনিংছ বিৰতিৰ সময়ত টি-২০ৰ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মা আৰু যুৱ বেটছমেন তিলক বাৰ্মাই এই জাৰ্ছী উন্মোচন কৰে ৷ জাৰ্চি উন্মোচন অনুষ্ঠানত বি চি চি আইৰ সম্পাদক দেৱজিৎ শইকীয়া আৰু এডিডাছ ইণ্ডিয়াৰ মহাপ্ৰবন্ধক বিজয় চৌহানো উপস্থিত থাকে ৷

মন কৰিবলগীয়া যে ৰোহিত শৰ্মাৰ অধিনায়কত্বত ভাৰতে ২০২৪ চনৰ টি-২০ বিশ্বকাপত জয়লাভ কৰিছিল আৰু তাৰ পিছত তেওঁ এই ফৰ্মেটৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল ৷ বৰ্তমান তেওঁ কেৱল এদিনীয়া খেলহে খেলে আৰু আই চি চিয়ে তেওঁক ২০২৬ চনৰ টি-২০ বিশ্বকাপৰ ব্ৰেণ্ড এম্বেছেডৰ হিচাপে নিযুক্তি দিছে ৷

TEAM INDIA T20 WORLD CUP JERSEY
টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে টীম ইণ্ডিয়াৰ জাৰ্ছী উন্মোচন কৰে টি-২০ৰ প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মা আৰু যুৱ বেটছমেন তিলক বাৰ্মাই (IANS PHOTO)

কি ক'লে ৰোহিত শৰ্মাই ?

টীম ইণ্ডিয়াৰ নতুন জাৰ্ছী মুকলি কৰি ৰোহিতে কয়, "এয়া এক দীঘলীয়া যাত্ৰা ৷ আমি ২০০৭ চনত প্ৰথম বিশ্বকাপ জয় কৰিছিলো আৰু পৰৱৰ্তী বিশ্বকাপৰ বাবে আমি ১৫ বছৰতকৈও অধিক সময় অপেক্ষা কৰিবলগীয়া হৈছিল, য'ত বহু উত্থান-পতন আছিল ৷ কিন্তু পুনৰ ট্ৰফী তুলি লৈ বহু ভাল লাগিল ৷ এতিয়া যেতিয়া বিশ্বকাপ ভাৰতত অনুষ্ঠিত হৈছে, তেতিয়া ই এক ৰোমাঞ্চকৰ প্ৰতিযোগিতা হ'ব ৷ মোৰ শুভেচ্ছা সদায় দলটোৰ সৈতে থাকিব আৰু মই নিশ্চিত, সকলো তেওঁলোকৰ লগত থাকিব আৰু তেওঁলোকক তেওঁলোকৰ শ্ৰেষ্ঠখিনি দিবলৈ সমৰ্থন কৰিব ।"

টি-২০ বিশ্বকাপ ২০২৬ৰ বাবে ভাৰতীয় দলৰ সূচী

অহা বছৰৰ ভাৰত আৰু শ্ৰীলংকাত ৭ ফেব্ৰুৱাৰীৰ পৰা ৮ মাৰ্চলৈ টি-২০ বিশ্বকাপ অনুষ্ঠিত হ’ব ৷ সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত থকা ভাৰতীয় দলটোৰ লগত গ্ৰুপ এত আছে পাকিস্তান, আমেৰিকা, নেদাৰলেণ্ড, আৰু নামিবিয়া ৷

TEAM INDIA T20 WORLD CUP JERSEY
পূৰ্বৰ জাৰ্চিতকৈ কিমান পৃথক নতুন জাৰ্ছী (IANS PHOTO)

৭ ফেব্ৰুৱাৰীৰ পৰা মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত আমেৰিকাৰ বিৰুদ্ধে ভাৰতৰ অভিযান আৰম্ভ কৰিব আৰু তাৰ পিছতে ১২ ফেব্ৰুৱাৰীত দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত নামিবিয়াৰ বিৰুদ্ধে অৱৰ্তীণ হ’ব ৷ ইয়াৰ পিছত ১৫ ফেব্ৰুৱাৰীত শ্ৰীলংকাৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত পাকিস্তানৰ বিৰুদ্ধে ভাৰতে খেলিব ৷ ১৮ ফেব্ৰুৱাৰীত আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত নেদাৰলেণ্ডৰ বিৰুদ্ধে অন্তিমখন গ্ৰুপ মেচ খেলিব ভাৰতে ৷

প্ৰথমবাৰৰ বাবে ২০টা দলে ৫টাকৈ দলৰ চাৰিটা গ্ৰুপত বিভক্ত হৈ এই বিশ্বকাপত অংশগ্ৰহণ কৰিছে ৷ প্ৰতিযোগিতাখনত পাকিস্তানৰ অগ্ৰগতিৰ ওপৰত নিৰ্ভৰ কৰি অহা ৮ মাৰ্চত আহমেদাবাদ বা কলম্বোত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতাৰ অন্তিমখন খেল ৷

লগতে পঢ়ক : ICC T20 World Cup 2026 ৰ সূচী প্ৰকাশ, ৰোহিতৰ কান্ধত ডাঙৰ দায়িত্ব, চাওক টীম ইণ্ডিয়াৰ সম্পূৰ্ণ সূচী

টি-২০ বিশ্বকাপৰ বাবে ফিট হৈ থাকিবলৈ টীম ইণ্ডিয়াৰ খেলুৱৈক সতৰ্কবাণী গৌতম গম্ভীৰৰ

পৰ্দা আঁতৰিল; প্ৰকাশ পালে টি-২০ বিশ্বকাপৰ সম্ভাৱ্য স্থান আৰু তাৰিখ