ETV Bharat / sports

TATA IPL 2026 ৰ খেলুৱৈৰ তালিকা ঘোষণা: তালিকাত ২২৪ জন আনকেপড ভাৰতীয় খেলুৱৈ

খেলুৱৈৰ সৰ্বোচ্চ ভিত্তি মূল্য নিৰ্ধাৰণ কৰা হৈছে ২ কোটি টকা ৷ এই শিতানত ৪০ জন খেলুৱৈয়ে নিলামত অংশগ্ৰহণ কৰিবলৈ বিচাৰিছে ।

TATA IPL 2026
প্ৰতীকী ফটো (Source: iplt20.com)
author img

By ETV Bharat Assamese Team

Published : December 9, 2025 at 1:58 PM IST

3 Min Read
Choose ETV Bharat

হায়দৰাবাদ: ২০২৬ৰ সংস্কৰণৰ বাবে চূড়ান্ত কৰা হৈছে টাটা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ খেলুৱৈ নিলামৰ তালিকা ৷ ১৬ ডিচেম্বৰত আবুধাবিত অনুষ্ঠিত হ’বলগীয়া নিলামত মুঠ ৩৫০ জন খেলুৱৈয়ে অংশগ্ৰহণ কৰিব ৷

এই নিলামৰ বাবে মুঠ ১,৩৯০ জন খেলুৱৈয়ে পঞ্জীয়ন কৰিছিল নাম ৷ য’ৰ পৰা বাছনি কৰা হৈছিল ৩৫০ জন খেলুৱৈক ৷ মঙলবাৰে প্ৰকাশিত আই পি এলৰ প্ৰেছ বিজ্ঞপ্তিত পোৱা তথ্য অনুসাৰে এই তালিকাত ৰখা হৈছে ২৪০ জন ভাৰতীয় আৰু ১১০ জন বিদেশী খেলুৱৈক । বিজ্ঞপ্তিত এইটোও উল্লেখ কৰা হৈছে, ‘‘এই তালিকাত আছে ২২৪ জন আনকেপড ভাৰতীয় খেলুৱৈৰ বিপৰীতে ১৪ জন আনকেপড বিদেশী খেলুৱৈ ৷ যিয়ে এই বছৰৰ নিলামৰ তালিকাত নিজৰ প্ৰতিভাৰে বেছ চৰ্চা লাভ কৰিছে ৷’’

ফ্ৰেঞ্চাইজিসমূহে মুঠ ৭৭ টা উপলব্ধ শ্লটৰ বাবে নিলামত অংশগ্ৰহণ কৰিব, ইয়াৰে ৩১ টা বিদেশী খেলুৱৈৰ বাবে সংৰক্ষিত । সৰ্বোচ্চ সংৰক্ষিত মূল্য ধাৰ্য কৰা হৈছে ২ কোটি টকা আৰু এই শিতানত ৪০ জন খেলুৱৈয়ে নিলামত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিব ৷

সংযুক্ত আৰব আমিৰশ্বাহীৰ স্থানীয় সময় অনুসৰি নিলাম অনুষ্ঠিত হ’ব ১৬ ডিচেম্বৰ মঙলবাৰে দিনৰ ১ বজাৰ পৰা (ভাৰতীয় সময় অনুসৰি ২.৩০ বজা) ৷

শেহতীয়াকৈ এদিনীয়া ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰা দক্ষিণ আফ্ৰিকাৰ উইকেটকীপাৰ বেটছমেন কুইণ্টন ডি কককো চূড়ান্ত তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে ৷ এই তালিকাত পলমকৈ নাম সংযোজন হোৱা ডি ককৰ ভিত্তি মূল্য হৈছে ১ কোটি টকা । অষ্ট্ৰেলিয়াৰ বেটছমেন ষ্টিভ স্মিথকো এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে, যাৰ ভিত্তি মূল্য ২ কোটি টকা । স্মিথে শেষবাৰৰ বাবে ২০২১ চনত আই পি এল খেলিছিল ।

নিলামৰ প্ৰথমটো পৰ্যায়ৰ খেলুৱৈৰ ভিতৰত স্থান লাভ কৰিছে ভাৰতীয় ক্ৰিকেটাৰ পৃথ্বী শ্ব’ আৰু ছৰফৰাজ খানে ৷ দুয়োগৰাকীৰে ভিত্তি মূল্য ৭৫ লাখ টকা ।

আই পি এলে প্ৰকাশ কৰা তালিকাত অষ্ট্ৰেলিয়াৰ দুজন খেলুৱৈ ক্ৰমে কেমেৰুণ গ্ৰীণ আৰু জেক ফ্ৰেজাৰ-মেকগাৰ্ক, নিউজীলেণ্ড আৰু চেন্নাই ছুপাৰ কিংছৰ প্ৰাক্তন অ’পেনাৰ ডেভন কনৱে আৰু দক্ষিণ আফ্ৰিকাৰ ডেভিদ মিলাৰৰ প্ৰত্যেকৰে ভিত্তি মূল্য নিৰ্ধাৰণ কৰা হৈছে ২ কোটি টকা । কলকাতা নাইট ৰাইডাৰ্ছে মুকলি কৰি দিয়া ভেংকটেশ আয়াৰৰ ভিত্তি মূল্যও ২ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে ।

আই পি এলৰ তিনিবাৰৰ বিজয়ী দল কে কে আৰে সৰ্বাধিক ৬৪.৩ কোটি টকাৰে অংশগ্ৰহণ কৰিব নিলামত ৷ তাৰপিছতে পাঁচবাৰৰ চেম্পিয়ন চেন্নাই চুপাৰ কিংছে ৪৩.৪ কোটি টকা আৰু এবাৰৰ বাবে আই পি এলৰ বিজয়ীৰ ট্ৰফী নিজৰ হাতলৈ অনা দল ছানৰাইজাৰ্ছ হায়দৰাবাদৰ তৃতীয় সৰ্বাধিক ২৫.৫ কোটি টকা হাতত লৈ নিলামত অংশগ্ৰহণ কৰিব ।

কেপড আৰু আনকেপড খেলুৱৈৰ সম্পূৰ্ণ তালিকা বিভাজন

ক্ৰমিক নংকেপড/আনকেপড খেলুৱৈখেলুৱৈৰ সংখ্যা
কেপড ভাৰতীয়১৬
কেপড বিদেশী৯৬
আনকেপড ভাৰতীয়২২৪
আনকেপড বিদেশী১৪
মুঠ৩৫০

ভিত্তি মূল্য অনুসৰি খেলুৱৈসকলৰ সম্পূৰ্ণ তালিকা

ক্ৰমিক নংভিত্তি মূল্যখেলুৱৈৰ সংখ্যা
২ কোটি টকা৪০
১.৫ কোটি টকা
১.২৫ কোটি টকা
১ কোটি টকা১৭
৭৫ লাখ টকা৪২
৫০ লাখ টকা
৪০ লাখ টকা
৩০ লাখ টকা২২৭
মুঠ৩৫০

লগতে পঢ়ক: টি-২০ ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন ৰোহিত শৰ্মাৰ: ক’ত কেতিয়া উপভোগ কৰিব পাৰিব প্ৰিয় ক্ৰিকেটাৰৰ খেল