টি-২০ বিশ্বকাপ ২০২৬ৰ ছুপাৰ ৮ত জিম্বাবুৱেক ১০৭ ৰাণত পৰাস্ত ৱেষ্ট ইণ্ডিজৰ
ৱেষ্ট ইণ্ডিজে ২০ অভাৰত ৬ উইকেটত ২৫৪ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে জিম্বাবুৱে ১৭.৪ অভাৰত ১৪৭ ৰাণ সংগ্ৰহ কৰি অল আউট হয় ।

Published : February 24, 2026 at 12:31 AM IST
হায়দৰাবাদ : আই চি চি টি-২০ বিশ্বকাপ ২০২৬ত সোমবাৰে মুম্বাইৰ ঐতিহাসিক ৱানখেড়ে ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত ৱেষ্ট ইণ্ডিজে উজ্জ্বল প্ৰদৰ্শন কৰি জিম্বাবুৱেক ১০৭ ৰাণৰ বিশাল ব্যৱধানত পৰাস্ত কৰে ।
ৱেষ্ট ইণ্ডিজে প্ৰথমে বেটিং কৰি শ্বিমৰন হেটমায়াৰৰ (৮৫ ৰাণ, ৩৪ বল) ধুমুহাময় অৰ্ধশতকৰ সহায়ত জিম্বাবুৱেক ২৫৫ ৰাণৰ বৃহৎ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে । কিন্তু জিম্বাবুৱেই এই লক্ষ্য অনুসৰণ কৰি ১৪৭ ৰাণত অল আউট হয় ।
মেচখনৰ আৰম্ভণিতে জিম্বাবুৱেই টছত জয়লাভ কৰি বলিং কৰাৰ সিদ্ধান্ত লয় । প্ৰথমে বেটিং কৰি ৱেষ্ট ইণ্ডিজে ২০ অভাৰত ৬টা উইকেট হেৰুৱাই মুঠ ২৫৪ ৰাণ সংগ্ৰহ কৰে । টি-২০ বিশ্বকাপৰ ইতিহাসত এইটোও দ্বিতীয় সৰ্বাধিক ৰাণ ।
শ্বিমৰন হেটমায়াৰ (৮৫ ৰাণ, ৩৪ বল) আৰু ৰভমেন পাৱেলৰ (৫৯ ৰাণ, ৩৫ বল) দ্ৰুত অৰ্ধশতকেৰে কেৰিবিয়ান দলটোক এই অভিলেখৰ লক্ষ্যত উপনীত হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । ৰোমাৰিয়া শ্বেফাৰ্ডে ২১ ৰাণ সংগ্ৰহ কৰে, আৰু শ্বাৰফেন ৰাদাৰফোৰ্ডে অপৰাজিত ১৩টা বলত ৩১ ৰাণ সংগ্ৰহ কৰে ।
আনহাতে জিম্বাবুৱেৰ বলিং আছিল মধ্যমীয়া । তেওঁলোকৰ সকলো বলাৰেই প্ৰায় ১০ ইকনমি ৰেটত ৰাণ দিয়ে । কিন্তু ৰিচাৰ্ড নগৰৱা আৰু ব্লেছিং মুজাৰাবানীয়ে দুটাকৈ উইকেট দখল কৰাৰ বিপৰীতে ব্ৰেড ইভান্স আৰু গ্ৰেম ক্ৰীমাৰে এটাকৈ উইকেট দখল কৰে ।
ইয়াৰ পিছতে জিম্বাবুৱে ১৭.৪ অভাৰত ১৪৭ ৰাণ কৰি ১০৭ ৰাণত পৰাস্ত হয় । জিম্বাবুৱেৰ হৈ ব্ৰেড ইভান্সে ২১টা বলত ৪৩ ৰাণ সংগ্ৰহ কৰে । অৱশ্যে আন কোনো খেলুৱৈয়ে উল্লেখযোগ্য ইনিংছ খেলিব নোৱাৰিলে ।
ইফালে ৱেষ্ট ইণ্ডিজে উজ্জ্বল বলিং কৰে । স্পিনাৰ গুদাকেশ মটিয়ে ৪ অভাৰত ২৮ ৰাণত ৪ উইকেট দখল কৰে । আকিল হুছেইনে তিনিটা, মেথিউ ফৰ্ডে দুটা আৰু জেছন হোল্ডাৰে এটা উইকেট লয় ।

