বৰষুণৰ বাবে বাতিল টি-২০ বিশ্বকাপ ছুপাৰ ৮ৰ প্ৰথমখন খেল, ১-১ কৈ ভগাই ল’লে পইণ্ট
নিউজীলেণ্ড আৰু পাকিস্তানৰ মাজত শ্ৰীলংকাৰ পল্লাকেলেত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপ ছুপাৰ ৮ৰ প্ৰথমখন খেল বাতিল কৰিবলগীয়া হয় ।

Published : February 22, 2026 at 12:38 AM IST
হায়দৰাবাদ : শনিবাৰে শ্ৰীলংকাৰ পল্লাকেলেত অবিৰত বৰষুণৰ বাবে টি-২০ বিশ্বকাপ গ্ৰুপ ২ ছুপাৰ ৮ৰ প্ৰথমখন মেচ বাতিল কৰিবলগীয়া হয় আৰু নিউজীলেণ্ড আৰু পাকিস্তানে এক পইণ্টকৈ ভগাই লয় । সামান্য বৰষুণৰ মাজতে পাকিস্তানে টছত জয়লাভ কৰি বেটিং কৰিবলৈ বাছি লয় ।
কিন্তু কিনকিনীয়া বৰষুণ অতি সোনকালেই প্ৰচণ্ড বৰষুণলৈ পৰিণত হোৱাৰ ফলত আম্পায়াৰে বল নেপেলোৱাকৈ মেচখন বাতিল কৰিবলগীয়া হয় । বৰষুণ আৰম্ভ হোৱাৰ পূৰ্বে পাকিস্তানে নিজৰ মূল একাদশত এটা পৰিৱৰ্তন কৰি অভিজ্ঞ অ’পেনাৰ ফাখৰ জামানৰ ঠাইত খোৱাজা নাফেকক স্থান দিছিল ।
The Super 8 clash between New Zealand and Pakistan has been called off due to rain, both teams share 1️⃣ point each. 🌧️
— Star Sports (@StarSportsIndia) February 21, 2026
Up next ➡️ ICC Men’s #T20WorldCup | #SLvENG | SUN, 22nd FEB, 2 PM pic.twitter.com/9nlZ5vJxw8
ইফালে নিউজীলেণ্ডে তিনিটা পৰিৱৰ্তন কৰি অধিনায়ক মিচেল ছাণ্টনাৰক ঘূৰাই আনে । তেওঁ পেটৰ সমস্যাৰ বাবে কানাডাৰ বিৰুদ্ধে পূৰ্বৰ মেচখনত অংশ ল’ব নোৱাৰিলে । নিউজীলেণ্ডে লগতে লকি ফাৰ্গুচন আৰু ইছ ছ’ধিকো মূল একাদশত অন্তৰ্ভূক্ত কৰে ।
দুয়োটা দলৰ পৰৱৰ্তী মেচ কেতিয়া হ’ব ?
কিন্তু এই সকলোবোৰ হিচাপ আৰু সংমিশ্ৰণৰ মাজত আৰু এটা দিন অপেক্ষা কৰিব লাগিব, কিয়নো এতিয়া ২৪ ফেব্ৰুৱাৰীত পাল্লাকেলেৰ একেটা স্থানতে পাকিস্তানে ইংলেণ্ডৰ বিৰুদ্ধে খেলিব । আনহাতে নিউজীলেণ্ডে ২৫ ফেব্ৰুৱাৰীত ঘৰুৱা দল আৰু সহ-আয়োজক শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’বলৈ কলম্বোলৈ যাত্ৰা কৰিব ।
আজিৰ বৰষুণে কিৱি আৰু পাকিস্তান দুয়োটা দলকে বাকী দুখন ছুপাৰ ৮ৰ মেচৰ পূৰ্বে কঠিন পৰিস্থিতিত পেলাইছে । শ্ৰীলংকাৰ বতৰৰ প্ৰতি লক্ষ্য ৰাখি পৰৱৰ্তী যিকোনো মেচতো যদি একেধৰণৰ ফলাফল পোৱা হয় অথবা পৰাস্ত হ’লে তেওঁলোকৰ ছেমি ফাইনেলত প্ৰৱেশৰ পথ গুৰুতৰভাৱে বিপন্ন হ’ব পাৰে ।
উল্লেখ্য যে, শনিবাৰৰ পৰা আৰম্ভ হয় এই বৃহৎ ইভেণ্টৰ ছুপাৰ ৮ মেচ । প্ৰতিটো গ্ৰুপৰ পৰা দুটা দলে ছেমিফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব ।
Pakistan have chosen to bat first against New Zealand 🏏
— Star Sports (@StarSportsIndia) February 21, 2026
Here are the Playing XIs for both teams!
Who will win the first Super 8 match? 👀
ICC Men's #T20WorldCup | SUPER 8 | #NZvPAK | LIVE NOW 👉 https://t.co/VL0IwkSgTG pic.twitter.com/Dbl8OJzg9Z
দুয়োটা দলৰ মূল একাদশ
নিউজীলেণ্ড : টিম ছেইফাৰ্ট (উইকেটকীপাৰ), ফিন এলেন, ৰাচিন ৰবিন্দ্ৰ, গ্লেন ফিলিপছ, মাৰ্ক চেপমেন, ডেৰিল মিচেল, মিচেল ছাণ্টনাৰ (অধিনায়ক), জিমি নিছাম, মেট হেনৰী, ইছ ছ’ধি, আৰু লকি ফাৰ্গুচন ।
পাকিস্তান : চাহিবজাদা ফাৰহান, ছাইম আয়ুব, ছলমান আলী আঘা (অধিনায়ক), বাবৰ আজম, ফখৰ জামান, ছাদাব খান, উছমান খান (উইকেটকীপাৰ), মহম্মদ নৱাজ, ফাহীম আছৰাফ, ছলমান মিৰ্জা, আৰু উছমান তাৰিক।

