ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ কি সমীকৰণেৰে জয়ী হ'ব লাগিব পাকিস্তান?
এতিয়াও সজীৱ হৈ আছে পাকিস্তানৰ ছেমি ফাইনেলত প্ৰৱেশৰ আশা । কিন্তু শ্ৰীলংকাক কিমান ৰাণৰ ব্যৱধানত পৰাস্ত কৰিব লাগিব ?

Published : February 28, 2026 at 4:08 PM IST
হায়দৰাবাদ : আজি ছুপাৰ-৮ৰ অতি গুৰুত্বপূৰ্ণ মেচত মুখামুখি হ'ব পাকিস্তান আৰু শ্ৰীলংকা । দুয়োটা দলৰে এইখন ছুপাৰ-৮ৰ অন্তিমখন মেচ হ'ব । কেণ্ডিৰ পালেকেলে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হ'ব এই খেলখন । ছুপাৰ-৮ৰ পূৰ্বৰ মেচখনত ইংলেণ্ডৰ হাতত পৰাস্ত হৈছিল পাকিস্তান আৰু একেৰাহে ছুপাৰ-৮ৰ দুখন মেচত ইংলেণ্ড আৰু নিউজীলেণ্ডৰ হাতত পৰাজিত হৈছে বিশ্বকাপৰ সহ-আয়োজক শ্ৰীলংকা । ইতিমধ্যে শ্ৰীলংকা প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে । সেয়ে এই মেচত শ্ৰীলংকাই ঘৰুৱা দৰ্শকৰ সন্মুখত নিজৰ সন্মান ৰক্ষাৰ বাবে জয়ী হ'বলৈ চেষ্টা কৰাৰ বিপৰীতে পাকিস্তানে উন্নত ৰাণ ৰেটেৰে এই মেচত জয়ী হৈ ছেমি ফাইনেলত নিজৰ স্থান নিশ্চিত কৰাৰ চেষ্টা চলাব ।
পাকিস্তানৰ ছেমি ফাইনেলত প্ৰৱেশৰ সমীকৰণ
২৭ ফেব্ৰুৱাৰীত নিউজীলেণ্ডৰ বিৰুদ্ধে ইংলেণ্ডে ৪ উইকেটত জয়লাভ কৰি পাকিস্তানৰ ছেমি ফাইনেলৰ বাবে যোগ্যতাৰ দুৱাৰ মুকলি ৰাখিছে । নিউজীলেণ্ডৰ বিৰুদ্ধে জয়লাভ কৰাৰ পিছত ইংলেণ্ডে ছুপাৰ-৮ত পৰাস্ত নোহোৱাকৈ গ্ৰুপ-২ৰ শীৰ্ষস্থান দখল কৰে । ইংলেণ্ডৰ হাতত পৰাস্ত হোৱাৰ পাছতো নিউজীলেণ্ডে ৩ পইণ্ট আৰু +১.৩৯০ৰ শক্তিশালী নেট ৰাণ ৰেটেৰে গ্ৰুপ-২ৰ দ্বিতীয় স্থান দখল কৰে ।
বৰ্তমান দুখন মেচ খেলি ১ পইণ্ট আৰু নেট ৰাণ ৰেট -০.৪৬১ৰ সৈতে তৃতীয় স্থানত আছে পাকিস্তান । নিউজীলেণ্ডতকৈ উন্নত ৰাণ ৰেট লাভ কৰিবলৈ হ'লে প্ৰথমে বেটিং কৰি শ্ৰীলংকাক অতি কমেও ৬৪ ৰাণত পৰাস্ত কৰিব লাগিব, নহ'লে প্ৰথমে বলিং কৰি ১৩.১ অভাৰতে লক্ষ্যত উপনীত হ'ব লাগিব । তেতিয়াহে পাকিস্তানে ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন কৰিব পাৰিব ।
শ্ৰীলংকা বনাম পাকিস্তান
টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত দুয়োটা দলৰ মাজত অনুষ্ঠিত খেলৰ তথ্য লক্ষ্য কৰিলে পাকিস্তান শক্তিশালী স্থিতিত আছে । এতিয়ালৈকে দুয়োটা দলে টি-২০ৰ ২৯ খন মেচত মুখামুখি হৈছে, পাকিস্তানে ১৭ খন খেলত জয়লাভ কৰাৰ বিপৰীতে শ্ৰীলংকাই মাত্ৰ ১২ খন খেলত জয়লাভ কৰিবলৈ সক্ষম হৈছে ।
অৱশ্যে টি-২০ বিশ্বকাপৰ ইতিহাসত পাকিস্তান আৰু শ্ৰীলংকা স্থিতি সমান । দুয়োটা দলে ৪ বাৰ মুখামুখি হৈছে, পাকিস্তানে দুখন মেচত জয়লাভ কৰিছে আৰু শ্ৰীলংকাই দুখন মেচত জয়লাভ কৰিছে ।
পাকিস্তান দল : ছলমান আলী আঘা (অধিনায়ক), আব্ৰাৰ আহমেদ, বাবৰ আজম, ফাহিম আশ্ৰফ, ফাখৰ জামান, খোৱাজা মহম্মদ নাফে (উইকেটকীপাৰ), মহম্মদ নৱাজ, মহম্মদ ছলমান মিৰ্জা, নাছিম শ্বাহ, চাহিবজাদা ফাৰহান (উইকেটকীপাৰ), ছাইম আয়ুব, শ্বাহিন শ্বাহ আফ্ৰিদী, ছাদাব খান, উছমান খান, উছমান তাৰিক ।
শ্ৰীলংকা দল : দসুন ছনাকা (অধিনায়ক), পথুম নিছাংকা, কামিল মিছাৰা, কুশল মেণ্ডিছ, কামিন্দু মেণ্ডিছ, কুশল জনিথ পেৰেৰা, চৰিথ আছালংকা, জনিথ লিয়ানেগে, পৱন ৰথনায়কে, ৱানিন্দু হাছাৰংগা, দুনিথ ৱেলালাগে, মহেশ থিকচানা, দুষমন্ত চমীৰা, মথিছা পাথিৰানা, ঈশান মলিংগা ।
লগতে পঢ়ক :
ছুপাৰ ৮ত পৰৱৰ্তী সংঘৰ্ষৰ পূৰ্বে ভাৰতীয় দললৈ প্ৰত্যাৱৰ্তন ৰিংকু সিঙৰ; মূল একাদশত পাবনে স্থান ?

