আজি খেলপথাৰত নামিব আফগানিস্তান : ইংলেণ্ড আৰু অষ্ট্ৰেলিয়া, ক’ত, কেতিয়া অনুষ্ঠিত হ’ব খেলসমূহ ?
টি-২০ বিশ্বকাপৰ দশমটো দিন প্ৰতিটো দলৰ বাবে হ’ব বিশেষ আৰু গুৰুত্বপূৰ্ণ ৷

Published : February 16, 2026 at 4:33 PM IST
হায়দৰাবাদ: আজি টি-২০ বিশ্বকাপৰ দশমটো দিন ৷ আজি অনুষ্ঠিত হ’ব তিনিখনকৈ খেল । প্ৰতিটো দলে বৰ্তমান ছুপাৰ ৮ ত স্থান লাভৰ বাবে অব্যাহত ৰাখিছে অভিযান ।
নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত আৰম্ভ হ’ব দিনটোৰ প্ৰথমখন খেল । দলৰ প্ৰথমটো জয়ৰ সোৱাদ বিচৰা ৰাছিদ খান নেতৃত্বাধীন আফগানিস্তানে মহম্মদ ৱাছিমৰ সংযুক্ত আৰৱ আমিৰশ্বাহীৰ বিৰুদ্ধে খেলত অৱতীৰ্ণ হ’ব ৷
দিনটোৰ দ্বিতীয়খন খেল কলকাতাৰ ইডেন গাৰ্ডেনত ইংলেণ্ড আৰু ইটালীৰ মাজত অনুষ্ঠিত হ’ব । আনহাতে তৃতীয় তথা অন্তিমখন খেলত অষ্ট্ৰেলিয়াই পল্লেকেলে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত শ্ৰীলংকাৰ বিৰুদ্ধে সমুখ সমৰত নামিব ৷ এই খেলখন ছুপাৰ ৮ ত প্ৰৱেশৰ বাবে দুয়োটা দলৰ বাবে গুৰুত্বপূৰ্ণ ৷
Unstoppable Sri Lanka gear up for a blockbuster clash against Australia 🦁🔥
— Star Sports (@StarSportsIndia) February 16, 2026
With a Super 8 spot on the line, the Lions are ready to roar louder than ever. Will they win against mighty Australia? 👀💥
ICC Men’s #T20WorldCup 👉 #AUSvSL | MON, 16 FEB, 6 PM pic.twitter.com/SwryejCKZI
আফগানিস্তান বনাম সংযুক্ত আৰৱ আমিৰশ্বাহী: আজিৰ প্ৰথমখন খেল
সোমবাৰৰ দিনটোৰ প্ৰথমখন খেল আফগানিস্তান আৰু সংযুক্ত আৰৱ আমিৰশ্বাহীৰ মাজত পুৱা ১১ বজাৰ পৰা নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত আৰম্ভ হৈছে । শেহতীয়া দুখন খেলত পৰাজয়ৰ পিছত দলটোৱে আজি জয়ৰ লক্ষ্যৰে খেলপথাৰত নামিছে ৷ আনহাতে সংযুক্ত আৰৱ আমিৰশ্বাহীয়ে কানাডাৰ বিৰুদ্ধে পাঁচ উইকেটত জয়লাভ কৰাৰ পাছত পুনৰ একেই আত্মবিশ্বাসৰে খেলত অৱতীৰ্ণ হৈছে ৷
এই দল দুটা গ্ৰুপ ডিত অন্তৰ্ভুক্ত, যাক পৰিচিতভাৱে গ্ৰুপ অৱ ডেথ বুলি জনা যায় ৷ কাৰণ ইয়াত নিউজীলেণ্ড আৰু দক্ষিণ আফ্ৰিকাৰ দৰে দল দুটায়ো স্থান লাভ কৰিছে ৷ এই দুটা দল আগবাঢ়ি যোৱাৰ সম্ভাৱনা অধিক ৷
টি-২০ ক্ৰিকেটত বৰ্তমানলৈকে ১৪ বাৰকৈ মুখামুখি হৈছে আফগানিস্তান আৰু সংযুক্ত আৰৱ আমিৰশ্বাহী ৷ ইয়াৰে ১১ খনত আফগানিস্তানে আৰু ৩ খনত সংযুক্ত আৰৱ আমিৰশ্বাহীয়ে জয়ৰ সোৱাদ পাইছে ৷
দুয়োটা দলৰ খেলুৱৈসকল
আফগানিস্তান
ৰাছিদ খান(অধিনায়ক), নুৰ আহমেদ, আব্দুল্লা আহমদজাই, ছেদিকুল্লাহ অটল, ফজলহক ফাৰুকী, ৰহমানুল্লাহ গুৰবাজ(উইকেটকৰক্ষক), মহম্মদ ইছাক ৰহিমী, শ্বাহিদুল্লাহ কমাল, মহম্মদ নবী, গুলবদিন নায়ব, আজমাতুল্লাহ ওমৰজাই, মুজিব ওৰ ৰহমান, দৰৱেশ ৰছুলি, ইব্ৰাহিম জাদৰান আৰু জিয়াউৰ ৰহমান শ্বৰীফী ।
সংযুক্ত আৰৱ আমিৰশ্বাহী
আয়ংশ শৰ্মা(উইকেটকৰক্ষক), মহম্মদ ৱাছিম(অধিনায়ক), আলিশান শৰাফু, ময়ংক কুমাৰ, সোহেব খান, হৰ্ষিত কৌশিক, মহম্মদ অৰফান, মহম্মদ ফাৰুক, হাইদৰ আলী, জুনাইদ ছিদ্দিকী, মহম্মদ জৱাদুল্লাহ, মহম্মদ ৰোহিদ খান, সিমৰনজিৎ সিং, ধ্ৰুৱ পৰাশৰ আৰু চৈয়দ হাইদৰ ।
ইংলেণ্ড আৰু ইটালী : আজিৰ দ্বিতীয়খন মেচ
আজিৰ দ্বিতীয়খন খেল কলকাতাৰ ইডেন গাৰ্ডেনত বিয়লি ৩ বজাৰ পৰা ইংলেণ্ড আৰু ইটালীৰ মাজত আৰম্ভ হ'ব । এই খেলখনৰ জৰিয়তে ইটালীৰ বিৰুদ্ধে জয়লাভেৰে ইংলেণ্ডে ছুপাৰ ৮ ত স্থান নিশ্চিত কৰাৰ সুবৰ্ণ সুযোগ লাভ কৰিছে ।
ইংলেণ্ডে এতিয়ালৈকে তিনিখন মেচৰ ভিতৰত দুখন জয়লাভ কৰি ছুপাৰ ৮ ত প্ৰৱেশৰ চেষ্টা অব্যাহত ৰাখিছে ৷ ৱেষ্ট ইণ্ডিজে ইতিমধ্যে গ্ৰুপ চিৰ পৰা পৰৱৰ্তী ৰাউণ্ডৰ বাবে যোগ্যতা অৰ্জন কৰিছে ।
নেপালৰ বিৰুদ্ধে ১০ উইকেটত জয়লাভেৰে টি-২০ বিশ্বকাপত প্ৰথমটো জয়ৰ সোৱাদ লোৱাৰ পিছত আত্মবিশ্বাস তুংগত উঠিছে ইটালীৰ । দলৰ ইনিংছ মুকলি কৰা এন্থনী আৰু জাষ্টিন মোস্কাৰ যুটিয়ে অপৰাজিত ১২৪ ৰাণ সংগ্ৰহ কৰি ৪৪ টা বল বাকী থকা অৱস্থাত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয় ৷
দুয়োটা দলৰ খেলুৱৈসকল
ইংলেণ্ড
ফিল ছল্ট, জোছ বাটলাৰ(উইকেটকৰক্ষক), জেকব বেথেল, টম বেণ্টন, হেৰী ব্ৰুক(অধিনায়ক), ছেম কৰণ, উইল জেকছ, লিয়াম ড’ছন, জেমী অভাৰটন, জোফ্ৰা আৰ্চাৰ, আদিল ৰাছিদ, বেন ডাকেট, লুক উড, জোছ টংগ আৰু ৰেহান আহমেদ ।
ইটালী
জাষ্টিন মোস্কা, এন্থনী মোস্কা, জে জে স্মাটছ, হেৰী মেনেণ্টি(অধিনায়ক), বেন মেনেণ্টি, মাৰ্কাছ কেম্প’পিয়ানো, গ্ৰাণ্ট ষ্টীৱৰ্ট, জিয়ান মীড(উইকেটকৰক্ষক), যশপ্ৰীত সিং, কৃষণ কালুগামগে, আলী হাছান, ৱেইন মেডসেন, চৈয়দ নকভি, জৈন আলী আৰু থমাছ ড্ৰেক ।
শ্ৰীলংকা বনাম অষ্ট্ৰেলিয়া : আজিৰ তৃতীয়খন মেচ
আজিৰ তৃতীয়খন খেল হ’ব যথেষ্ঠ ৰোমাঞ্চকৰ ৷ এই খেলখন অষ্ট্ৰেলিয়া আৰু আয়োজক শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হ’ব ৷ দেশখনৰ পল্লেকেলে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত সন্ধিয়া ৭০ বজাৰ পৰা আৰম্ভ হ’ব এই খেলখন । ছুপাৰ ৮ ত প্ৰৱেশৰ বাবে এই খেলখন অষ্ট্ৰেলিয়াৰ বাবে গুৰুত্বপূৰ্ণ বিবেচিত হৈছে ৷
শেহতীয়া খেলখনত জিম্বাব’ৱেৰ বিৰুদ্ধে ২৩ ৰাণত পৰাস্ত হৈ অষ্ট্ৰেলিয়াই বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হৈছিল । জিম্বাব’ৱেই দুটা উইকেটৰ বিনিময়ত ১৬৯ ৰাণ সংগ্ৰহ কৰাৰ পাছত অষ্ট্ৰেলিয়াই ১৪৬ ৰাণতে হেৰুৱাই আটাইকেইটা উইকেট ৷ গতিকে আন এক পৰাজয়ে কেংগাৰু বাহিনীক প্ৰতিযোগিতাৰ পৰা বাহিৰ কৰি দিব পাৰে ৷
আনহাতে, প্ৰতিযোগিতাখনত শ্ৰীলংকাই দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াই তালিকাৰ শীৰ্ষস্থানত উপনীত হৈছে ৷ গতিকে আজিৰ খেলখনত দলটোৱে জয়লাভ কৰিলে ছুপাৰ ৮ ত স্থান নিশ্চিত কৰিব ৷
দুয়োটা দলে এতিয়ালৈকে মুঠ ২৬ খন টি-২০ মেচ খেলিছে ৷ ইয়াৰে ১৬ খনত অষ্ট্ৰেলিয়াই আৰু ১০ খনত শ্ৰীলংকাই জয়লাভ কৰিছে ।
দুয়োটা দলৰ খেলুৱৈসকল
শ্ৰীলংকা
পাথুম নিশাংকা, কামিল মিছাৰা, কুশ্বাল মেণ্ডিছ(উইকেটকৰক্ষক), পৱন ৰথনায়কে, দছুন শনাকা (অধিনায়ক), কামিন্দু মেণ্ডিছ, দুনিথ ভেলালালাগে, দুষাণ হেমন্ত, দুষ্মন্ত চমীৰা, মহেশ থিকশানা, মথিছা পাথিৰাণা, কুশল পৰেৰা, চৰিথ আছলংকা, প্ৰমোদ মদুষণ আৰু জনিথ লিয়ানাগে ।
অষ্ট্ৰেলিয়া
জোছ ইংলিছ(উইকেটকৰক্ষক), ট্ৰেভিছ হেড (অধিনায়ক), কেমেৰণ গ্ৰীণ, টীম ডেভিদ, গ্লেন মেক্সৱেল, মেট ৰেনশ্ব’, মাৰ্কাছ ষ্ট’ইনিছ, বেন ড্ৱাৰ্শ্বুইছ, নাথান এলিছ, এডাম জাম্পা, মেথিউ কুহনেমেন, মিচেল মাৰ্শ্ব, জেভিয়াৰ বাৰ্টলেট আৰু কুপাৰ কনলি ।
লগতে পঢ়ক: ভাৰতৰ হাতত শোচনীয় পৰাজয় পাকিস্তানৰ : পি চি বিৰ বিৰুদ্ধে সৰৱ আখতাৰ

