ETV Bharat / sports

টি-২০ বিশ্বকাপ : দেওবাৰে অনুষ্ঠিত হ’ব দুখনকৈ ছুপাৰ-৮ ৰ মেচ

দেওবাৰে টি-২০ বিশ্বকাপৰ ছুপাৰ ৮ ত সমুখ সমৰত নামিব শ্ৰীলংকা-ইংলেণ্ড আৰু ভাৰত-দক্ষিণ আফ্ৰিকা ৷

t20 world cup 2026
আজি ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ মেচ (IANS)
author img

By ETV Bharat Assamese Team

Published : February 22, 2026 at 3:41 PM IST

4 Min Read
Choose ETV Bharat

হায়দৰাবাদ: চলিত বৰ্ষৰ টি-২০ বিশ্বকাপৰ পৰৱৰ্তী পৰ্যায়ৰ আৰম্ভণি । ছুপাৰ ৮ ৰাউণ্ডৰ আৰম্ভণি আছিল অত্যন্ত হতাশাজনক ৷ বৰষুণৰ বাবে প্ৰথমখন মেচ হৈছিল পৰিত্যক্ত ৷ যাৰ বাবে নিউজীলেণ্ড আৰু পাকিস্তানে এটা এটা পইণ্ট লাভ কৰিয়েই সন্তুষ্ট থাকিবলগীয়া হৈছিল ।

ছুপাৰ ৮ ৰাউণ্ডৰ পৰৱৰ্তী দুখনকৈ মেচ দেওবাৰে শ্ৰীলংকা-ইংলেণ্ড আৰু ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত হ’ব ।

শ্ৰীলংকা বনাম ইংলেণ্ডৰ ছুপাৰ ৮ ৰ খেল

দুবাৰৰ চেম্পিয়ন ইংলেণ্ড আৰু প্ৰতিযোগিতাখনৰ সহ-আয়োজক শ্ৰীলংকাৰ মাজত আজিৰ প্ৰথমখন খেল পালেকেল্লে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ’ব । মেচখন ভাৰতীয় সময় অনুসৰি দিনৰ ৩ বজাৰ পৰা আৰম্ভ হ’ব ৷ ২০০৯ চনৰ চেম্পিয়ন পাকিস্তান আৰু নিউজীলেণ্ডৰ সৈতে ইংলেণ্ড আৰু শ্ৰীলংকাক ছুপাৰ ৮ ৰ গ্ৰুপ বিত স্থান দিয়া হৈছে । চাৰিটা দলৰ ভিতৰত মাত্ৰ দুটা দলেহে ছেমি ফাইনেল পৰ্যায়লৈ আগবাঢ়িব ।

টি-২০ ক্ৰিকেটত শ্ৰীলংকা-ইংলেণ্ডৰ মুখামুখি

১৮ সংখ্যকবাৰৰ বাবে ইংলেণ্ডে শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ মেচ খেলিব । যোৱা ১৭ খন মেচত শ্ৰীলংকাৰ বিৰুদ্ধে হেৰী ব্ৰুক দলৰ দলটোৱে অধিনায়কত্ব লাভ কৰিছে । ইংলেণ্ডে ১৩ বাৰকৈ জয় লাভ কৰাৰ বিপৰীতে শ্ৰীলংকাই মাত্ৰ ৪ বাৰহে জয়ৰ সোৱাদ লাভ কৰিছে ।

আনহাতে, টি-২০ বিশ্বকাপত ইংলেণ্ডৰ আধিপত্য আজিও বিস্তৃত । দুয়োটা দলে ইটোৱে সিটোৰ বিৰুদ্ধে বিশ্বকাপৰ ৬ খন খেল খেলিছে ৷ ইংলেণ্ডে ৫ খন খেলত জয়লাভ কৰাৰ বিপৰীতে শ্ৰীলংকাই মাত্ৰ এখন খেলত জয়লাভ কৰিছে । ২০১২ চনৰ টি-২০ বিশ্বকাপৰ পিছত ইংলেণ্ডক পৰাজিত কৰিব পৰা নাই শ্ৰীলংকাই ৷ যাৰ বাবে ১৪ বছৰীয়া অপেক্ষাৰ অন্ত পেলাবলৈ সাজু হৈছে শ্ৰীলংকা ৷

শ্ৰীলংকা বনাম ইংলেণ্ড : দুয়োটা দলৰ খেলুৱৈসকল

ইংলেণ্ড

হেৰী ব্ৰুক(অধিনায়ক), ৰেহান আহমেদ, জোফ্ৰা আৰ্চাৰ, টম বেণ্টন, জেকব বেথেল, জোছ বাটলাৰ(উইকেটৰক্ষক), ছেম কৰণ, লিয়াম ড’ছন, বেন ডাকেট, উইল জেকছ, জেমী অভাৰটন, আদিল ৰছিদ, ফিল ছল্ট, জোছ টংগু আৰু লুক উড ।

শ্ৰীলংকা

দছুন শনাকা(অধিনায়ক), চৰিথ আছালংকা, দুষমন্ত চমীৰা, দুষান হেমন্ত, দিলচন মদুশংকা, কামিল মিছাৰা, কুছাল মেণ্ডিছ(উইকেটৰক্ষক), কামিন্দু মেণ্ডিছ, কুছাল পেৰেৰা, জনীথ লিয়ানাগে, পথুম নিছাংকা, প্ৰমোদ মাদুষাণ, পৱন ৰথনায়কে, মহেশ থিক্সনা আৰু দুনিথ ৱেলালাগে ।

ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ ছুপাৰ ৮ ৰ খেল

আজিৰ দ্বিতীয়খন খেল আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত ৷ মেচখন আৰম্ভ হ’ব সন্ধিয়া ৭ বজাৰ পৰা । এইখন হ’ব ২০২৪ চনৰ টি-২০ বিশ্বকাপৰ ফাইনেলৰ ৰিমেচ, য’ত ভাৰতে আফ্ৰিকান দলটোক পৰাস্ত কৰি দ্বিতীয়টো খিতাপ দখল কৰিছিল ।

দুয়োটা দলে গ্ৰুপ পৰ্যায়ত উন্নত প্ৰদৰ্শন আগবঢ়াই এখনো মেচত পৰাস্ত নোহোৱাকৈ ছুপাৰ ৮ ত প্ৰৱেশ কৰে । সকলোৰে দৃষ্টি আবদ্ধ থাকিব অ’পেনাৰ অভিষেক শৰ্মাৰ দুৰ্বল ফৰ্মৰ ওপৰত, যিয়ে এতিয়াও প্ৰতিযোগিতাখনত এটাও ৰাণ সংগ্ৰহ কৰিব পৰা নাই ।

টি-২০ ক্ৰিকেটত দুয়োটা দলৰ মুখামুখি

দুয়োটা দলৰ মাজত খেলা ৩৫ খন মেচৰ ভিতৰত ২১ খনত ভাৰতে জয়লাভ কৰাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাই মাত্ৰ ১৩ খন খেলত জয়লাভ কৰিছে । এখন মেচ অমীমাংসিতভাৱে সামৰণি পৰিছে ৷ টি-২০ বিশ্বকাপৰ ইতিহাসত ভাৰতে ২০২৪ চনৰ টি-২০ বিশ্বকাপৰ ফাইনেলকে ধৰি প্ৰটিয়াছৰ বিৰুদ্ধে খেলা সাতখন খেলৰ ভিতৰত ৫ খনত জয়লাভ কৰিছে । ইফালে প্ৰটিয়াছে মাত্ৰ দুবাৰহে জয়ৰ সোৱাদ পাইছে । দক্ষিণ আফ্ৰিকাই এতিয়াও ভাৰতক নকআউট মেচত পৰাস্ত কৰিব পৰা নাই ।

ভাৰত বনাম দক্ষিণ আফ্ৰিকা : দুয়োটা দলৰ খেলুৱৈসকল

ভাৰত

সূৰ্যকুমাৰ যাদৱ(অধিনায়ক), ঈশান কিষাণ(উইকেটৰক্ষক), অভিষেক শৰ্মা, তিলক বাৰ্মা, হাৰ্দিক পাণ্ডিয়া, শিৱম দুবে, ৰিংকু সিং, ৱাশ্বিংটন সুন্দৰ, অৰ্শদীপ সিং, বৰুণ চক্ৰৱৰ্তী, যশপ্ৰীত বুমৰাহ, সঞ্জু ছেমছন(উইকেটকৰক্ষক), মহম্মদ ছিৰাজ, কুলদীপ যাদৱ আৰু অক্ষৰ পেটেল ।

দক্ষিণ আফ্ৰিকা

আইডেন মাৰ্কৰাম(অধিনায়ক), কুইণ্টন ডি কক(উইকেটৰক্ষক), ৰিয়ান ৰিকেলটন, ডেৱাল্ড ব্ৰুইছ, ট্ৰিষ্টন ষ্টাবছ, জেছন স্মিথ, জৰ্জ লিণ্ডে, কৰ্বিন বছ, কাগিছ’ ৰাবাডা, এনৰিচ নৰ্টজে, কুৱেনা ম্ফাকা, ডেভিদ মিলাৰ, মাৰ্কো জান্সেন, কেশ্বৱ মহাৰাজ আৰু লুংগি এনগিডি ।

লগতে পঢ়ক: সলনি হ’ল দক্ষিণ আফ্ৰিকাই অধিনায়ক, কেইবাজনো ডাঙৰ খেলুৱৈয়ে ল’লে জিৰণি