ETV Bharat / sports

ভাৰতৰ হাতত শোচনীয় পৰাজয় পাকিস্তানৰ : পি চি বিৰ বিৰুদ্ধে সৰৱ আখতাৰ

ভাৰতৰ হাতত পাকিস্তানৰ শোচনীয় পৰাজয়ৰ বাবে পাকিস্তান ক্ৰিকেট ব'ৰ্ড আৰু মহছিন নাকৱীক জগৰীয়া কৰিলে আখতাৰে !

Shoaib Akhtar
পি চি বিৰ বিৰুদ্ধে সৰৱ আখতাৰ (AFP)
author img

By ETV Bharat Assamese Team

Published : February 16, 2026 at 3:14 PM IST

2 Min Read
Choose ETV Bharat

হায়দৰাবাদ : টি-২০ বিশ্বকাপত পুনৰ ভাৰতৰ হাতত পৰাস্ত পাকিস্তান । টি-২০ বিশ্বকাপৰ ইতিহাসত ৯ খন মেচৰ ভিতৰত ৮ খনতে ভাৰতৰ হাতত পৰাস্ত পাকিস্তান । দেওবাৰে শ্ৰীলংকাৰ কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত ৬১ ৰাণত পৰাস্ত হয় পাকিস্তান । ভাৰতৰ হাতত শোচনীয় পৰাজয়ৰ পিছতে একপ্ৰকাৰ পাকিস্তানী সমৰ্থকৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া দেখা গৈছে । পাকিস্তানী সংবাদ মাধ্যমতো বিৰূপ প্ৰতিক্ৰিয়া চলিছে । একেদৰে পাকিস্তানৰ প্ৰাক্তন ক্ৰিকেটাৰসকলেও বৰ্তমানৰ পাকিস্তান দল আৰু পি চি বিক সমালোচনা কৰিছে ।

এসময়ৰ বিস্ফোৰক বলাৰ পাকিস্তানৰ তাৰকা ক্ৰিকেটাৰ ছোৱেইব আখতাৰেও নিজৰ দেশৰ দলৰ এনে নিৰ্লজ্জ প্ৰদৰ্শন আচৰিত হৈছে । যাৰ বাবে প্ৰাক্তন ক্ৰিকেটাৰজনে মৌনতা ভংগ কৰি পাকিস্তান ক্ৰিকেট ব'ৰ্ডৰ মুৰব্বী মহছিন নাকৱীক তীব্ৰ সমালোচনা কৰে ।

পি চি বি আৰু ৰাষ্ট্ৰীয় দলৰ শাসনৰ প্ৰতিও হতাশা ব্যক্ত কৰিলে আখতাৰে । বিশেষকৈ গুৰুত্বপূৰ্ণ পৰিস্থিতিত দলৰ হৈ প্ৰদৰ্শন কৰিব নোৱাৰা তাৰকাসকলক সমৰ্থন কৰাৰ বাবে তেওঁ পি চি বিক সমালোচনা কৰে ।

মহছিন নাকৱীৰ যোগ্যতাক লৈ প্ৰশ্ন আখতাৰৰ

পাকিস্তান ক্ৰিকেট চলাবলৈ তেওঁ অযোগ্য বুলি দাবী কৰি নাম নোলোৱাকৈয়ে মহছিন নাকৱীৰ ওপৰত সৰৱ হৈ পৰে আখতাৰ ।

এটা নিউজ চেনেলত মন্তব্য দি আখতাৰে কয়, "তেওঁ যে পাকিস্তান ক্ৰিকেট ব'ৰ্ডৰ চেয়াৰমেন সেয়া এতিয়া এজন ল'ৰাই নাজানে । এতিয়া দলটো কেনেকৈ চলি আছে ? আপুনি এজন ল'ৰাক কৈছে, আপুনি তেওঁক তাৰকা বনাইছে, তেওঁ এখনো মেচ জয়ী হ'ব নোৱাৰে । আপুনি তেওঁক এনে এজন তাৰকা কৰি তুলিছে যিয়ে এখনো মেচত জয়ী হ'ব নোৱাৰে ।"

আখতাৰে কয়, "ভাই, যেতিয়া আপুনি এই ধৰণৰ তাৰকা বনাই, যেতিয়া আপুনি তেওঁলোকক বাছনি কৰে, তেতিয়া আপুনি এই সমস্যাৰে সন্মুখীন হ'ব । কিন্তু আকৌ, কথাটো হ'ল যদি আপুনি চায়, আপুনি জানে বিশ্বৰ আটাইতকৈ ডাঙৰ অপৰাধটো কি ? পৃথিৱীৰ আটাইতকৈ ডাঙৰ অপৰাধটো হ'ল আপুনি এজন অযোগ্য মানুহক এটা ডাঙৰ কাম দিছে ।" আখতাৰে লগতে সকীয়াই দিয়ে যে এনে লোকক ক্ষমতাৰ পদত নিযুক্তি দিলে নেতিবাচক ফল পোৱা যায় ।

আখতাৰে কয়, "যেতিয়া আপুনি এজন অযোগ্য আৰু অজ্ঞান ব্যক্তিক ডাঙৰ কাম দিব, তেতিয়া তেওঁ দেশখন ধ্বংস কৰিব । তেওঁ যিকোনো সংগঠনক তললৈ নমাই আনিব । উদাহৰণ আপোনাৰ সন্মুখত আছে, এই কথা আপোনালোকে নিশ্চয় বুজি পাব ।"

লগতে পঢ়ক :ঈশানৰ বিস্ফোৰণে কঁকাল ভাঙিলে পাকিস্তানৰ;সূৰ্যকুমাৰেও কৰিলে প্ৰশংসা