ETV Bharat / sports

শ্ৰীলংকাক পৰাস্ত কৰিও টি-২০ বিশ্বকাপ ২০২৬ৰ পৰা বাহিৰ পাকিস্তান; ছেমি ফাইনেলৰ বাবে যোগ্যতা অৰ্জন নিউজীলেণ্ডৰ

ছুপাৰ ৮ মেচত শ্ৰীলংকাৰ বিৰুদ্ধে মাত্ৰ ৫ ৰাণত জয়লাভ কৰাৰ বাবেই টি-২০ বিশ্বকাপৰ পৰা বাহিৰ হয় পাকিস্তান ।

T20 World Cup 2026
শ্ৰীলংকাক পৰাস্ত কৰিও টি-২০ বিশ্বকাপ ২০২৬ৰ পৰা বাহিৰ পাকিস্তান (IANS)
author img

By ETV Bharat Assamese Team

Published : March 1, 2026 at 10:37 AM IST

3 Min Read
Choose ETV Bharat

কেণ্ডী (শ্ৰীলংকা) : টি-২০ বিশ্বকাপ ২০২৬ৰ অন্তিমখন ছুপাৰ ৮ মেচত সহ-আয়োজক শ্ৰীলংকাক ৫ ৰাণত পৰাস্ত কৰিও ছেমি ফাইনেলত প্ৰৱেশ কৰিব নোৱাৰিলে পাকিস্তানে ৷ ৰাণ ৰেটৰ ক্ষেত্ৰত নিউজীলেণ্ড পাকিস্তানতকৈ বহু ওপৰত আছিল আৰু যাৰবাবে নিউজীলেণ্ডে ইংলেণ্ডৰ সৈতে ছুপাৰ ৮ৰ গ্ৰুপ ২ৰ পৰা দ্বিতীয়টো দল হৈ শীৰ্ষ চাৰিটাত স্থান লাভ কৰে ৷

নিউজীলেণ্ডক অতিক্ৰম কৰিবলৈ পাকিস্তানে ৬৫ ৰাণত জয়লাভ কৰাৰ প্ৰয়োজন আছিল যদিও পাকিস্তানে ২১২ ৰাণ সংগ্ৰহ কৰি মাত্ৰ ৫ ৰাণত জয়লাভ কৰিবলৈ সক্ষম হয় ৷

শ্ৰীলংকাই উজ্জ্বল বেটিং কৰি ২০ অভাৰত ৬টা উইকেট হেৰুৱাই ২০৭ ৰাণ সংগ্ৰহ কৰে ৷ অধিনায়ক শনাকাই ৩১ বলত অপৰাজিত ৭৬ ৰাণ (২ চাৰি আৰু ৮ ছয়) আৰু পৱন ৰথনায়কে ৩৭ বলত ৫৮ ৰাণ সংগ্ৰহ কৰি পাকিস্তানক প্ৰতিযোগিতাখনৰ পৰা বাহিৰ হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল ৷

পাকিস্তানৰ আব্ৰাহাম আহমেদে ৪ অভাৰত ২৩ ৰাণত ৩টা উইকেট দখল কৰি সৰ্বাধিক সফল বলাৰ হিচাপে চিহ্নিত হয় ৷ আফ্ৰিদি, নাছিম আৰু নৱাজে এটাকৈ উইকেট দখল কৰে ৷

পাকিস্তানৰ উৎকৃষ্ট বেটিং

কেণ্ডীৰ পালেকেলে আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত পাকিস্তানে টছত পৰাস্ত হৈ প্ৰথমে বেটিং কৰি শ্ৰীলংকাৰ বিৰুদ্ধে ২০ অভাৰত ২১২/৮ ৰাণ সংগ্ৰহ কৰে ৷ অ’পেনাৰ চাহিবজাদা ফাৰহানে আন এক উজ্জ্বল ইনিংছ খেলি বৰ্তমানৰ প্ৰতিযোগিতাখনৰ দ্বিতীয়টো শতক অৰ্জন কৰাৰ বিপৰীতে সতীৰ্থ অ’পেনাৰ ফাখৰ জামানেও চমৎকাৰী ৮৪ ৰাণ সংগ্ৰহ কৰে ৷ পাকিস্তানৰ অ’পেনাৰদ্বয়ে প্ৰথম উইকেটৰ বাবে অভিলেখ সৃষ্টিকাৰী ১৭৬ ৰাণৰ অংশীদাৰিত্ব ভাগ কৰে ৷

ফাৰহানে ৯টা চাৰি আৰু ৫টা ছয়ৰ সহায়ত ৬০ বলত ১০০ ৰাণ সংগ্ৰহ কৰি ১৯ নং অভাৰত আউট হয় ৷ ফাখৰ জামানে ৪২টা বলত ৯টা চাৰি আৰু ৪টা ছয়ৰে ৮৪ ৰাণ কৰি আউট হয় ৷

কোহলীৰ মহাকাব্যিক অভিলেখ ভংগ কৰিলে ফাৰহানে

২৯ বছৰীয়া ফাৰহানে টি-২০ বিশ্বকাপৰ একক সংস্কৰণত সৰ্বাধিক ৰাণ সংগ্ৰহৰ বিৰাট কোহলীৰ অভিলেখ ভংগ কৰে ৷ কোহলীৰ ৩১৯ ৰাণৰ স্ক’ৰ অতিক্ৰম কৰিবলৈ তেওঁক ৩৭ ৰাণৰ প্ৰয়োজন হৈছিল ৷ ষষ্ঠ অভাৰৰ আৰম্ভণিতে দছুন শনাকাৰ বলত তেওঁ এই মাইলৰ খুঁটি অৰ্জন কৰে ৷ এতিয়া টি-২০ বিশ্বকাপৰ একক সংস্কৰণত সৰ্বাধিক ৰাণৰ অভিলেখ গঢ়িছে ফাৰহানে ৷ ইয়াৰ উপৰিও তেওঁ প্ৰতিযোগিতাখনৰ ইতিহাসত টি-২০ বিশ্বকাপৰ একক সংস্কৰণত দুটা শতক অৰ্জন কৰা প্ৰথমজন বেটছমেন হিচাপে পৰিগণিত হয় ৷

শ্ৰীলংকাৰ হৈ সৰ্বাধিক সফল বলাৰ দিলশ্বন মদুশংকাই ৩-৩৩ৰ সংখ্যাৰে খেলখন শেষ কৰাৰ বিপৰীতে শনাকাই দুটা উইকেট দখল কৰে ৷ টি-২০ বিশ্বকাপ ২০২৬ ত এতিয়ালৈকে তিনিটা দল ক্ৰমে দক্ষিণ আফ্ৰিকা, ইংলেণ্ড, আৰু নিউজীলেণ্ড ছেমি ফাইনেলত প্ৰৱেশ কৰিছে ৷ আজি ​​অৰ্থাৎ ১ মাৰ্চত ভাৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব আৰু বিজয়ী দলে চতুৰ্থটো দল হিচাপে ছেমি ফাইনেলত স্থান নিশ্চিত কৰিব ৷

লগতে পঢ়ক : জিম্বাবুৱেক ৭২ ৰাণত পৰাস্ত ভাৰতৰ, এতিয়াও সজীৱ ছেমি ফাইনেলৰ আশা

ভাৰতৰ বিজয় ৰথ ৰোধিলে দক্ষিণ আফ্ৰিকাই, আহমেদাবাদত ৭৬ ৰাণত কৰিলে পৰাস্ত

টি-২০ বিশ্বকাপ ২০২৬ৰ ছুপাৰ ৮ত জিম্বাবুৱেক ১০৭ ৰাণত পৰাস্ত ৱেষ্ট ইণ্ডিজৰ