বিশ্বকাপত নিউজীলেণ্ডৰ শক্তিশালী আৰম্ভণি ; আফগানিস্তানক ৫ উইকেটত পৰাস্ত
আফগানিস্তানে প্ৰথমে বেটিং কৰি ১৮৩ ৰাণৰ বৃহৎ লক্ষ্য ৰাখিছিল যদিও নিউজীলেণ্ডে ১৭.৫ অভাৰতে সেই লক্ষ্যত উপনীত হয় ।

Published : February 8, 2026 at 4:53 PM IST
হায়দৰাবাদ: চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হোৱা 'গ্ৰুপ ডি'ৰ গুৰুত্বপূৰ্ণ মেচত নিউজীলেণ্ডে আফগানিস্তানক ৫ উইকেটত পৰাস্ত কৰি ১৩ টা বল বাকী থকা অৱস্থাতে ১৮৩ ৰাণৰ বিশাল লক্ষ্য অতিক্ৰম কৰিবলৈ সক্ষম হয় । ইয়াৰ লগে লগে নিউজীলেণ্ডে টি-২০ ক্ৰিকেটত আফগানিস্তানৰ বিৰুদ্ধে সৰ্বাধিক সফল ৰাণ চেজৰ অভিলেখো গঢ়িবলৈ সক্ষম হয় । ইয়াৰ পূৰ্বে এই ২০২২ চনৰ এছিয়া কাপত আফগানিস্তানৰ বিৰুদ্ধে ১৭৬ ৰাণৰ লক্ষ্য অতিক্ৰম কৰিছিল শ্ৰীলংকাই ।
টিম ছেফাৰ্টে ৪২ টা বলত ৩ টা ছিক্সাৰৰ সহায়ত ৬৫ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে গ্লেন ফিলিপছে ২৫ টা বলত ৪২ ৰাণৰ আকৰ্ষণীয় ইনিংছ খেলে । আনহাতে নিউজীলেণ্ডৰ হৈ লকি ফাৰগুছনে দুটা উইকেট দখল কৰে ।
New Zealand pull off their highest chase ever at a T20 World Cup to start the tournament in style.🔥
— Star Sports (@StarSportsIndia) February 8, 2026
Chase completed and records rewritten! 💪
Next up in ICC Men's #T20WorldCup | #ENGvNEP | LIVE NOW 👉 https://t.co/dABzR5eM25 pic.twitter.com/7fyqwl5Bne
ইনিংছৰ আৰম্ভণিতে নিউজীলেণ্ডে দুটা উইকেট হেৰুৱাই মাত্ৰ ১৪ ৰাণ সংগ্ৰহ কৰিছিল । অৱশ্যে ছেফাৰ্টে এটা মূৰৰ পৰা দায়িত্ব সম্ভালি লয় আৰু ৪২ টা বলত ৬৫ ৰাণ সংগ্ৰহ কৰি দলটোক শক্তিশালী স্থানলৈ লৈ যায় । তৃতীয় উইকেটৰ বাবে ছেফাৰ্ট আৰু গ্লেন ফিলিপছে ৭৪ ৰাণৰ পাৰ্টনাৰশ্বিপ কৰাৰ বিপৰীতে গ্লেন ফিলিপছেও ২৫ টা বলত ৪২ ৰাণ সংগ্ৰহ কৰে । দুয়োগৰাকী বেটছমেনৰ আক্ৰমণে প্ৰতিপক্ষৰ বিৰুদ্ধে গুঞ্জৰিত জয় নিশ্চিত কৰাত সহায় কৰে ।
আফগান দলেও এটা সময়ত নিউজীলেণ্ডক তীব্ৰ প্ৰত্যাহ্বান জনাইছিল । গুলবাদিন নাইবে মাত্ৰ ৩৫ টা বলত ৬৩ ৰাণৰ বিস্ফোৰক ইনিংছ খেলে । ছাদিকুল্লাহ অটলে ২৯ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে ৰহমানুল গুৰবাজে ২৭ ৰাণ সংগ্ৰহ কৰে । লকি ফাৰগুছনে দুটা উইকেট দখল কৰি বিপক্ষৰ বেটছমেনক সমস্যাত পেলায় । একেদৰে মেট হেনৰী, জেকব ডাফী আৰু ৰাচিন ৰবিন্দ্ৰইও এটাকৈ উইকেট দখল কৰে ।
#TimSeifert’s gritty half-century steadies New Zealand after early setbacks, as the Blackcaps pull off their highest-ever T20 World Cup chase to begin the tournament with a win. 🎉
— Star Sports (@StarSportsIndia) February 8, 2026
ICC Men's #T20WorldCup | #ENGvNEP | LIVE NOW 👉 https://t.co/dABzR5eM25 pic.twitter.com/rO6Th3MYqD
এই জয়ৰ জৰিয়তে নিউজীলেণ্ডে 'গ্ৰুপ ডি'ৰ শীৰ্ষস্থান দখল কৰে । এই গ্ৰুপত আফগানিস্তান, দক্ষিণ আফ্ৰিকা, কানাডা, ইউ এ ইৰ দৰে দল অন্তৰ্ভুক্ত আছে । ইয়াৰে মাত্ৰ দুটা দলে ছুপাৰ ৮লৈ আগবাঢ়িব । গতিকে এই জয় ব্লেক কেপছৰ বাবে আছিল অতি গুৰুত্বপূৰ্ণ । এতিয়া তেওঁলোকৰ হাতত আছে দুটা পইণ্ট আৰু নেট ৰাণ ৰেট +১.১৬২ । আফগানিস্তান আৰু দক্ষিণ আফ্ৰিকাৰ মাত্ৰ এটা দলেহে ছুপাৰ ৮ লৈ আগবাঢ়িব যদিহে কোনো ডাঙৰ অঘটন নহয় ।
লগতে পঢ়ক :টি-২০ বিশ্বকাপ ২০২৬ৰ দ্বিতীয় দিনা সমুখ সমৰত লিপ্ত হ’ব ৬টা দল, জানক কেতিয়া আৰু ক’ত হ’ব মেচ ?

