ETV Bharat / sports

ঈশানৰ বিস্ফোৰণে কঁকাল ভাঙিলে পাকিস্তানৰ;সূৰ্যকুমাৰেও কৰিলে প্ৰশংসা

পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ জয়ৰ ধাৰা অব্যাহত । কলম্বোত ঈশানৰ বেটৰ যাদুত ধৰাশায়ী পাকিস্তান ।

Ishan Kishan
ঈশানৰ বিস্ফোৰণে কঁকাল ভাঙিলে পাকিস্তানৰ (ANI)
author img

By ANI

Published : February 16, 2026 at 8:07 AM IST

3 Min Read
Choose ETV Bharat

কলম্বো : টি-২০ বিশ্বকাপ ২০২৬ত অজেয় ভাৰত । একেৰাহে বিশ্বকাপৰ তৃতীয়খন খেলত ভাৰতৰ বৃহৎ জয় । চিৰবৈৰী দেশ পাকিস্তানকো ৬১ ৰাণত পৰাস্ত কৰে ভাৰতে । গোটেই খেলখনতে আৰম্ভণিৰে পৰা ভাৰতীয় খেলুৱৈৰ পৰাক্ৰম দেখা গৈছিল । সেনাপতিৰ ৰূপত আছিল ঈশান কিষাণ । ঈশানৰ বিস্ফোৰক ইনিংছে একপ্ৰকাৰ কঁকাল ভাঙিছিল পাকিস্তানৰ । যাৰ বাবে ভাৰতৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱেও প্ৰশংসাৰে ওপচাই পেলাইছে কিষাণক ।

পাকিস্তানৰ বিৰুদ্ধে জয়ৰ পিছত ভাৰতীয় অধিনায়ক সূৰ্যকুমাৰ যাদৱে ঈশান কিষাণক তেওঁৰ আকৰ্ষণীয় ইনিংছৰ বাবে প্ৰশংসা কৰে । কিষাণৰ ইনিংছত আক্ৰমণাত্মক চৰিত্ৰ আৰু দায়িত্ব দুয়োটা দেখা গৈছিল । যাৰ বাবে ভাৰতে ভবাতকৈ ১৫-২০ ৰাণ অতিৰিক্ত সংযোগ কৰিব পাৰিছিল বুলিও তেওঁ ইংগিত দিয়ে ।

অপেনিং যুটিৰ অন্যতম বিস্ফোৰক বেটছমেন অভিষেক শৰ্মা বিফল হোৱাৰ পিছতো ঈশানে নিজৰ স্বভাৱসুলভ খেল খেলি থাকিল । যাৰ বাবে ৪০ টা বলত ৭৭ ৰাণৰ অতি গুৰুত্বপূৰ্ণ ইনিংছ খেলিবলৈ সক্ষম হয় । য'ত ১০ টা চাৰি আৰু ৩ টা ছিক্সাৰ অন্তৰ্ভুক্ত আছে । আউট হোৱাৰ সময়লৈকে দলৰ স্ক'ৰৰ বেছিখিনিয়ে আছিল কিষাণৰ । অধিনায়ক সূৰ্যকুমাৰ যাদৱ (২৯ বলত ৩২) আৰু শিৱম ডুবেৰ (১৭ বলত ২৭) বাবে ভাৰতে স্ক'ৰ ১৭৫ লৈ লৈ যায় । এই স্ক'ৰ পাকিস্তানী বেটছমেনৰ বাবে অধিক হ'ব বুলিও প্ৰমাণিত হৈছিল । কিন্তু কিষাণৰ আক্ৰমণাত্মক ইনিংছৰ অবিহনে ভাৰতীয় দলৰ বাবে এই স্ক'ৰ কৰা কঠিন বুলি প্ৰমাণিত হৈছে ।

খেলৰ পিছত সূৰ্যকুমাৰে কয়, "এই বিজয় ভাৰতৰ বাবে । আমি খেলিব বিচৰা একেটা ধৰণেৰে ক্ৰিকেট খেলিছিলোঁ । ঈশানে যিদৰে বেটিং কৰি আছিল, তেওঁ একেদৰেই বেটিং কৰিছে (যোৱা কেইখনমান খেলত আৰু ঘৰুৱা ক্ৰিকেটত তেওঁ বেটিং কৰি আহিছে)। ঈশানে অতিৰিক্ত কিবা এটা ভাবিছিল । শূন্যত ১ টা উইকেট যোৱাৰ পিছত কোনোবাই দায়িত্ব লোৱাৰ প্ৰয়োজন আছিল আৰু তেওঁ সেইটো আচৰিত ধৰণে কৰিছিল ।"

ভাৰতীয় অধিনায়কগৰাকীয়ে স্বীকাৰ কৰিছে যে মিডল অভাৰত মেন ইন ব্লু দলটোৱে নিজৰ গতি হেৰুৱাইছিল, ১৫ অভাৰত স্ক'ৰ ১২৬/৪ লৈ নামি গৈছিল যদিও তিলকে (২৪ বলত ২৫) এটা মূৰ ধৰি ৰাখিছিল আৰু পিছত ডুবে আৰু ৰিংকু সিঙেও ক্লিন ফিনিছিং দিছিল ।

তেওঁ কয়, "১৭৫ ৰাণত উপনীত হোৱাৰ লগে লগে আমি ভাবিছিলোঁ যে ১৫-২০ ৰাণ বেছি যোগ হৈছে । ১৫৫ ৰাণ হ'লেও অতি কঠিন খেল হ'লহেঁতেন । হাৰ্দিকে নতুন বল লৈছিল আৰু দায়িত্ব পালন কৰিছিল । বুমৰাহে তাৰ পিছত দেখুৱাইছিল যে তেওঁ কিয় বিশ্বৰ শ্ৰেষ্ঠ বলাৰ । সকলোৱে অৰিহণা যোগোৱা দেখি বৰ ভাল লাগিল । আমি কাইলৈৰ কথা হে চিন্তা কৰোঁ, দল হিচাপে একেলগে কিছু ভাল সময় কটাম (আজি ৰাতি) আৰু আহমেদাবাদলৈ গৈ পিছৰ চিন্তা কৰিম ।" ভাৰতে ১৮ ফেব্ৰুৱাৰীত আহমেদাবাদত নেডাৰলেণ্ডৰ বিৰুদ্ধে খেলিব ।

উল্লেখ্য যে গ্ৰুপ Aৰ তিনিখন মেচত তিনিখনতে জয়ী হোৱাৰ পিছত ভাৰত গ্ৰুপৰ শীৰ্ষ স্থানত আছে । লগতে ভাৰতে ছুপাৰ-৮ৰ বাবেও যোগ্যতা অৰ্জন কৰে । আনহাতে পাকিস্তানে দুখনত জয়ী আৰু এখনত পৰাজয়ৰ পিছত তৃতীয় স্থানলৈ অৱনমিত হৈছে । বৰ্তমান ইউ এছ এ দুখনত জয়ী আৰু দুখনত পৰাজয়ৰ সৈতে দ্বিতীয় স্থান দখল কৰিছে ।

লগতে পঢ়ক :বেটছমেনৰ পাছত বলাৰৰ যাদু; পাকিস্তানক ৬১ ৰাণত পৰাস্ত কৰি ছুপাৰ ৮ৰ বাবে যোগ্যতা অৰ্জন ভাৰতৰ