ভাৰত, পাকিস্তান আৰু ৱেষ্ট ইণ্ডিজে জয়ৰে আৰম্ভ কৰিলে বিশ্বকাপৰ অভিযান
টি-২০ বিশ্বকাপ ২০২৬ৰ প্ৰথম দিনটোত তিনিখন মেচ অনুষ্ঠিত হয়, য’ত পাকিস্তান, ৱেষ্ট ইণ্ডিজ আৰু ভাৰতে জয়লাভ কৰে ।

Published : February 8, 2026 at 7:58 AM IST
হায়দৰাবাদ : টি-২০ বিশ্বকাপ ২০২৬ৰ প্ৰথম দিনা ৭ ফেব্ৰুৱাৰীত তিনিখন মেচ অনুষ্ঠিত হয় ৷ পাকিস্তানে নেদাৰলেণ্ডক পৰাস্ত কৰাৰ বিপৰীতে ৱেষ্ট ইণ্ডিজে স্কটলেণ্ডক পৰাস্ত কৰে আৰু ভাৰতে আমেৰিকাক পৰাস্ত কৰি প্ৰতিযোগিতাখনৰ শক্তিশালী আৰম্ভণি কৰে ৷ জানো আহক মেচ তিনিখনৰ বিষয়ে ৷
পাকিস্তান বনাম নেদাৰলেণ্ড: পৰাজয়ৰ পৰা কথমপি ৰক্ষা পাকিস্তানৰ
পুৱা ১১ বজাত শ্ৰীলংকাৰ কলম্বোত গ্ৰুপ এত পাকিস্তান আৰু নেদাৰলেণ্ডৰ মাজত অনুষ্ঠিত হয় প্ৰথমখন খেল ৷ টছত জয়ী হৈ পাকিস্তানে প্ৰথমে বলিং কৰিবলৈ বাছি লয় আৰু নেদাৰলেণ্ডে ১৯.৫ অভাৰত ১৪৭ ৰাণ সংগ্ৰহ কৰি অল আউট হয় ৷ সৰ্বাধিক সফল বলাৰ ছলমান মিৰ্জাই ৩.৫ অভাৰত ২৪ ৰাণত ৩ উইকেট দখল কৰে ৷
১৪৮ ৰাণৰ লক্ষ্য খেদি খেদি পাকিস্তানে পৰাজয়ৰ দিশে আগবাঢ়িছিল যেতিয়া শেষৰ দুটা অভাৰৰ পৰা ২৯ ৰাণৰ প্ৰয়োজন হৈছিল আৰু মাত্ৰ দুটা উইকেট বাকী আছিল ৷ ইয়াৰ পাছতে আঠ নম্বৰত বেটিং কৰি ফহীম আছৰাফে ১৯ অভাৰত লগাণ ভান বিকৰ বলিঙত তিনিটা ছয় আৰু এটা চাৰিৰে ২৪ ৰাণ সংগ্ৰহ কৰি খেলখন পাকিস্তানৰ পক্ষলৈ আনে ৷
ফাহীম আশ্ৰাফে মাত্ৰ ১১টা বলত ২৯ ৰাণ সংগ্ৰহ কৰি পাকিস্তানে তিনিটা বল বাকী থকা অৱস্থাত ৮ উইকেটত ১৪৮ ৰাণৰ লক্ষ্যত উপনীত হোৱাত সহায় কৰে ৷ উজ্জ্বল বেটিঙৰ বাবে ফাহীমে প্লেয়াৰ অৱ দ্য মেচৰ বঁটা লাভ কৰে ৷
ৱেষ্ট ইণ্ডিজ বনাম স্কটলেণ্ড : ৱেষ্ট ইণ্ডিজে সহজেই পৰাস্ত কৰে স্কটলেণ্ডক
প্ৰতিযোগিতাখনৰ দ্বিতীয়খন খেল কলকাতাৰ ইডেন গাৰ্ডেনত গ্ৰুপ চিৰ ৱেষ্ট ইণ্ডিজ আৰু স্কটলেণ্ডৰ মাজত অনুষ্ঠিত হয় ৷ বিয়লি ৩ বজাৰ পৰা খেল আৰম্ভ হয় ৷ দুবাৰৰ চেম্পিয়ন ৱেষ্ট ইণ্ডিজে বাংলাদেশৰ ঠাইত প্ৰতিযোগিতাখনত প্ৰৱেশ কৰা স্কটলেণ্ডক ৩৫ ৰাণত পৰাস্ত কৰে ৷ প্ৰথমে বেটিং কৰি ৱেষ্ট ইণ্ডিজে শ্বিমৰন হেটমায়াৰৰ উজ্জ্বল ৬৪ ৰাণৰ বাবে ১৮২/৫ ৰাণ সংগ্ৰহ কৰে ৷ ইয়াৰ পাছতে ফাষ্ট বলাৰ ৰোমাৰিয়া শ্বেফাৰ্ডে ১৭ অভাৰৰ ৫টা বলত ৪টা উইকেট দখল কৰে, য’ত এটা হেট্ৰিকো আছিল ৷
শ্বেফাৰ্ডে তিনি অভাৰৰ সময়ছোৱাত ২০ ৰাণত ৫টা উইকেট দখল কৰি বৰ্তমানৰ প্ৰতিযোগিতাখনত হেট্ৰিক লোৱা প্ৰথমজন বলাৰ আৰু প্ৰতিযোগিতাৰ ইতিহাসত সামগ্ৰিকভাৱে দশমজন বলাৰ হিচাপে পৰিগণিত হয় ৷ ১৮৩ ৰাণৰ লক্ষ্য অনুসৰণ কৰা স্কটলেণ্ডে ভাল ফৰ্মত থাকি ১৩.১ অভাৰত ১১৫/৩ ৰাণ সংগ্ৰহ কৰে ৷ কিন্তু কিন্তু তেওঁলোকৰ চতুৰ্থ উইকেটৰ পাছত ধাৰাবাহিক উইকেটৰ পতনৰ ঘটিবলৈ ধৰিলে আৰু দলটোৱে ১৮.৫ অভাৰত ১৪৭ ৰাণ কৰি অল আউট হয় ৷ হেটমায়াৰে তেওঁৰ উজ্জ্বল ইনিংছৰ বাবে প্লেয়াৰ অৱ দ্য মেচৰ বঁটা লাভ কৰে ৷
ভাৰত বনাম আমেৰিকা: আমেৰিকাক ২৯ ৰাণত পৰাস্ত ভাৰতৰ
টি-২০ বিশ্বকাপ ২০২৬ৰ প্ৰথম দিনাৰ তৃতীয় আৰু অন্তিমখন খেল মুম্বাইৰ ৱানখেড়ে ষ্টেডিয়ামত ভাৰত আৰু আমেৰিকাৰ মাজত অনুষ্ঠিত হয় ৷ সন্ধিয়া ৭ বজাৰ পৰা আৰম্ভ হৈছিল খেলখন ৷ টছত পৰাস্ত হোৱাৰ পাছত ভাৰতে প্ৰথমে বেটিং কৰি ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১৬১ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় ৷ অধিনায়ক সূৰ্যকুমাৰ যাদৱে ৪৯টা বলত অপৰাজিত ৮৪ ৰাণ সংগ্ৰহ কৰি সৰ্বাধিক স্ক’ৰ কৰে ৷ আমেৰিকাৰ বলাৰসকলে উজ্জ্বল বলিং কৰে, বিশেষকৈ শ্বেডলী ভান শ্বালকৱিকে ৪ অভাৰত ২৫ ৰাণত ৪ উইকেট দখল কৰে ৷
অৱশ্যে বলাৰসকলৰ দৰে ভাল প্ৰদৰ্শন কৰিবলৈ সক্ষম নহ’ল আমেৰিকাৰ বেটছমেনসকলে ৷ ১৬২ ৰাণৰ প্ৰত্যুত্তৰত তেওঁলোকৰ বেটছমেনে মাত্ৰ ১৩২ ৰাণহে কৰিব পাৰিছিল, যাৰ ফলত ২৯ ৰাণৰ পৰাজয় হৈছিল ৷ ভাৰতৰ হৈ আৰ্শদীপে দুটা উইকেট, ছিৰাজে তিনিটা আৰু অক্ষৰে দুটা উইকেট দখল কৰে ৷ ভাৰতীয় অধিনায়ক সূৰ্যকুমাৰ যাদৱক খেলৰ নায়ক হিচাপে ঘোষণা কৰা হয় ৷
প্ৰতিযোগিতাখনৰ দ্বিতীয় দিনা অৰ্থাৎ ৮ ফেব্ৰুৱাৰীতো তিনিখন মেচ অনুষ্ঠিত হ’ব, নিউজীলেণ্ড আফগানিস্তানৰ বিৰুদ্ধে, ইংলেণ্ডে নেপালৰ বিৰুদ্ধে আৰু শ্ৰীলংকাই আয়াৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব ৷

