আজলান শ্বাহ কাপ ট্ৰফী ২০২৫ জয় কৰা নহ’ল ভাৰতৰ; অতিক্ৰম কৰিব নোৱাৰিলে বেলজিয়ামৰ বাধা
চুলতান আজলান শ্বাহ কাপৰ ফাইনেলত বেলজিয়ামৰ হাতত ১-০ গ'লত পৰাস্ত ভাৰত ।

Published : December 1, 2025 at 1:56 PM IST
মালেয়ছিয়া : চুলতান আজলান শ্বাহ কাপ ২০২৫ৰ ট্ৰফী লাভৰ পৰা বঞ্চিত হ'ল ভাৰত । বেলজিয়ামে ভাৰতক ১-০ গ'লত পৰাস্ত কৰি তুলি ল'লে ২০২৫ বৰ্ষৰ চুলতান আজলান শ্বাহ কাপ ট্ৰফী । খেলখনত একমাত্ৰ গ'লটো আছিল বেলজিয়ামৰ ষ্ট্ৰাইকাৰ ষ্টকব্ৰুকছ থিব'ৰ । দ্বিতীয়াৰ্ধৰ তৃতীয় কোৱাৰ্টাৰৰ ৩৪ মিনিটত বেলজিয়ামৰ হৈ ষ্টকব্ৰুকছে গ'ল দি মেচখনত জয়লাভ কৰে ।
খেলৰ মধ্য বিৰতিলৈ খেলখন অতি ৰোমাঞ্চকৰ আছিল । কিয়নো ভাৰত আৰু বেলজিয়ামে বিৰতিলৈ এটাও গ'ল দিবলৈ সক্ষম হোৱা নাছিল । অৱশ্যে দ্বিতীয়ার্ধত বেলজিয়ামে একমাত্ৰ গ'লটো কৰি ভাৰতৰ চেম্পিয়ন হোৱাৰ সপোন চূড়মাৰ কৰে । এই প্ৰতিযোগিতাৰ লীগ পৰ্যায়ত ভাৰতে ৫ খন খেল খেলিছিল । এই সময়ছোৱাত ভাৰতে ৪ খন মেচত জয়লাভ কৰাৰ লগতে এখনত পৰাস্ত হয় । লীগ পৰ্যায়তো ভাৰত বেলজিয়ামৰ হাততে পৰাস্ত হৈছিল । ভাৰতক ৩-২ গ'লত পৰাস্ত কৰিছিল বেলজিয়ামে । ভাৰতে তালিকাত দ্বিতীয় স্থান দখল কৰাৰ বিপৰীতে বেলজিয়ামে শীৰ্ষস্থান দখল কৰে ।
A tough end to the journey at the Final of the 31st Sultan Azlan Shah Cup 2025, but what a spirited performance! 🔥
— Hockey India (@TheHockeyIndia) November 30, 2025
The effort, energy and heart were truly unmatched. 🇮🇳💪🏻#HockeyIndia #IndiaKaGame pic.twitter.com/Kf2ql9OhGp
মনপ্ৰীত সিং আৰু হাৰ্দিক সিঙৰ দৰে অভিজ্ঞ তাৰকাই প্ৰতিযোগিতাখনৰ বাবে জিৰণি লোৱাৰ সময়ত কনিষ্টসকলৰ ওপৰত আছিল গুৰু দায়িত্ব । কিন্তু বেলজিয়ামৰ অভিজ্ঞ খেলুৱৈৰ সন্মুখত অশেষ চেষ্টা কৰিও আশানুৰূপ প্ৰদৰ্শন কৰিব নোৱাৰিলে ভাৰতে । লক্ষণীয়ভাৱে শনিবাৰে কানাডাৰ বিৰুদ্ধে ১৪-৩ গ'লত জয়লাভ কৰি ফাইনেলত অৱতীৰ্ণ হোৱা ভাৰতে লাভ কৰা তিনিটা পেনাল্টি কৰ্ণাৰক গ'ললৈ ৰূপান্তৰিত কৰিব নোৱাৰিলে । যাৰ বাবে ৰূপৰ পদকতে সন্তুষ্ট থাকিবলগা হয় ভাৰত ।
বেলজিয়ামে আন্তঃৰাষ্ট্ৰীয় কেলেণ্ডাৰৰ অন্যতম সন্মানীয় আমন্ত্ৰণমূলক হকী প্ৰতিযোগিতাত দ্বিতীয়বাৰৰ বাবে অংশগ্ৰহণ কৰিছিল আৰু এয়া দলটোৰ প্ৰথমটো চুলতান আজলান শ্বাহ খিতাপ ।
লগতে পঢ়ক :অসমৰ মানচিত্ৰত শীঘ্ৰে অন্তৰ্ভুক্ত হ'ব এখন আটকধুনীয়া ক্ৰিকেট ষ্টেডিয়াম

