ভাৰতক প্ৰথমখন টেষ্টত পৰাস্ত কৰিলে দক্ষিণ আফ্ৰিকাই; WTCৰ পইণ্ট তালিকাত ডাঙৰ পৰিবৰ্তন
কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হোৱা দুখন মেচৰ টেষ্ট শৃংখলাৰ প্ৰথম টেষ্টত দক্ষিণ আফ্ৰিকাই ভাৰতক ৩০ ৰাণত পৰাস্ত কৰে ।

Published : November 16, 2025 at 4:55 PM IST
হায়দৰাবাদ : কলকাতাৰ ইডেন গাৰ্ডেনত অনুষ্ঠিত হোৱা দুখন মেচৰ টেষ্ট শৃংখলাৰ প্ৰথমখন খেলত দক্ষিণ আফ্ৰিকাই ভাৰতক ৩০ ৰাণত পৰাস্ত কৰে ৷ তৃতীয় দিনা জয়ী হ’বলৈ ভাৰতক ১২৪ ৰাণৰ প্ৰয়োজন হৈছিল যদিও আলহী দলৰ বলাৰসকলে আয়োজক দলটোক আগবাঢ়ি যোৱাত বাধা দি ভাৰতক দ্বিতীয় ইনিংছ মাত্ৰ ৯৩ ৰাণত সীমাবদ্ধ কৰি ৰাখিছিল ৷
ভাৰতৰ দ্বিতীয় ইনিংছত সৰ্বাধিক স্ক’ৰ কৰে ৱাশ্বিংটন সুন্দৰ (৩১) আৰু অক্ষৰ পেটেলে (২৬) ৷ দক্ষিণ আফ্ৰিকাৰ হৈ সৰ্বাধিক উইকেট দখল কৰি ছাইমন হাৰ্মাৰে ৪টা উইকেট দখল কৰে ৷ কেশৱ মহাৰাজ আৰু জনছনে দুটাকৈ উইকেট দখল কৰে আৰু এডম মাৰ্ক্ৰামে এটা উইকেট দখল কৰে ৷ মেচৰ পূৰ্বে শুভমন গিলক আঘাতৰ বাবে দলৰ পৰা বাহিৰ কৰা হয় ৷
South Africa win the 1st Test by 30 runs.#TeamIndia will look to bounce back in the 2nd Test.
— BCCI (@BCCI) November 16, 2025
Scorecard ▶️https://t.co/okTBo3qxVH #INDvSA | @IDFCFIRSTBank pic.twitter.com/21LHhUG5Rz
প্ৰথম ইনিংছত দক্ষিণ আফ্ৰিকাই ১৫৯ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে ভাৰতে প্ৰথম ইনিংছত ১৮৯ ৰাণ সংগ্ৰহ কৰি ৩০ ৰাণৰ অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হয় ৷ কিন্তু দ্বিতীয় ইনিংছত অধিনায়ক টেম্বা বাভুমাৰ অপৰাজিত ৫১ ৰাণৰ সহায়ত দক্ষিণ আফ্ৰিকাই ১৫৩ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় আৰু কঠিন খেলপথাৰত ভাৰতক ১২৪ ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়ে ৷
ভাৰতীয় বেটছমেন ফ্লপ
১২৪ ৰাণৰ লক্ষ্য খেদি খেদি ভাৰতৰ বেটিং আৰম্ভণিৰে পৰাই স্তব্ধ হৈ পৰে, জয়ছোৱাল (০), ৰাহুল (১), জুৰেল (১৬), অধিনায়ক পন্ত (২) আৰু জাদেজা (১৮) আটাইকেইজনেই দুৰ্ভাগ্যজনকভাৱে ব্যৰ্থ হয় ৷ ইয়াৰ ফলত ভাৰতীয় বেটছমেনসকলে সৰু টাৰ্গেটটো খেদিবলৈ সক্ষম নহ’ল ৷ এই আকৰ্ষণীয় জয়ৰ জৰিয়তে দক্ষিণ আফ্ৰিকাই দুখন মেচৰ শৃংখলাত ১-০ ত অগ্ৰগতি লাভ কৰে ৷ ২২ নৱেম্বৰৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব এই শৃংখলাৰ দ্বিতীয়খন মেচ, য’ত ভাৰতে শৃংখলাত সমতা স্থাপনৰ লক্ষ্য ৰাখিব ৷
ডব্লিউ টি চি পইণ্ট টেবুলত ডাঙৰ পৰিবৰ্তন
এই জয়ে দক্ষিণ আফ্ৰিকাক WTC পইণ্ট তালিকাত চতুৰ্থ স্থানৰ পৰা দ্বিতীয় স্থানলৈ উন্নীত কৰাৰ বিপৰীতে ভাৰতে এতিয়া আৰু এটা স্থান পিছলি চতুৰ্থ স্থানলৈ গৈছে ৷ দক্ষিণ আফ্ৰিকাই তিনিখন মেচত দুখন জয় আৰু এখন পৰাজয়ৰ সৈতে মুঠ ৬৬.৬৭ পইণ্ট শতাংশ লাভ কৰিছে ৷ ৮খন মেচৰ অন্তত ভাৰতৰ চাৰিখন জয়, তিনিখন পৰাজয়, আৰু এখন ড্ৰ’ৰে মুঠ ৫৪.১৭ পইণ্ট লাভ কৰিছে ৷

গম্ভীৰে কি ক’লে ?
মেচখনত পৰাস্ত হোৱাৰ পিছত মুখ্য প্ৰশিক্ষক গৌতম গম্ভীয়ে কয়, "মই অনুভৱ কৰিছিলো যে ১২৩ ৰাণৰ লক্ষ্য সহজেই লাভ কৰিব পৰা যায় ৷ ৰাণ সংগ্ৰহ কৰিবলৈ সঠিক মনোভাৱৰ প্ৰয়োজন হয় আৰু ভাল খেলিব নোৱাৰিলে সেয়াই হয় ৷" পিটচৰ বিষয়ে কোৱাৰ সময়ত গৌতম গম্ভীয়ে কয় যে আমি বিচৰা পিটচখনেই আছিল এইখন, আৰু আমি সেইখনেই পাইছিলোঁ ৷
Simon Harmer said, “I was lucky with Jurel, Jadeja and Pant’s wickets, it weren’t the best of the deliveries. I’m happy to walk away with a win here”. pic.twitter.com/uPhJDKoKQa
— Mufaddal Vohra (@mufaddal_vohra) November 16, 2025
ছাইমন হাৰ্মাৰ মেন অৱ দ্য মেচ
মেচখনত উজ্জ্বল বলিং কৰা ছাইমন হাৰ্মাৰক প্লেয়াৰ অৱ দ্য মেচৰ বঁটা প্ৰদান কৰা হয় ৷ তেওঁ দুয়োটা ইনিংছতে চাৰিটা উইকেট দখল কৰে ৷ মেচৰ পিছত হাৰ্মাৰে কয়, "মোৰ জুৰেল, জাডেজা আৰু পন্তৰ উইকেট পোৱাৰ সৌভাগ্য হৈছিল; এইবোৰ সৰ্বোত্তম ডেলিভাৰী নাছিল ৷ ইয়াত জয়ী হৈ মই সুখী ৷"

