স্মৃতি মান্ধনাৰ বিবাহ স্থগিত; বিবাহৰ শুভ মূহূৰ্তৰ পূৰ্বে হাৰ্ট এটেকত আক্ৰান্ত পিতৃ
আজি স্মৃতিৰ বিবাহ অনুষ্ঠানৰ প্ৰস্তুতি চলি থকা সময়তে পিতৃ হাৰ্ট এটেকত আক্ৰান্ত হোৱাৰ বাবে বিয়াখন পিছুৱাই দিয়া হয় ।

Published : November 23, 2025 at 6:00 PM IST
হায়দৰাবাদ : ভাৰতীয় মহিলা ক্ৰিকেট দলৰ উপ-অধিনায়ক তথা সাংগলীৰ বাসিন্দা স্মৃতি মান্ধনা আজি পলাশ মুচলৰ সৈতে বিবাহপাশত আবদ্ধ হোৱাৰ বাবে দিন নিৰ্ধাৰণ কৰা হৈছিল । বিয়াখন ৪ বজাত অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও এতিয়া পিছুৱাই দিয়া হৈছে । মান্ধনাৰ পিতৃ হাৰ্ট এটেকত আক্ৰান্ত হোৱাৰ বাবে পিছুৱাই দিয়া হৈছে বিবাহৰ দিন ।
মান্ধনা পৰিয়ালে সাংগলীত বিবাহৰ বাবে বিস্তৃত প্ৰস্তুতি চলাইছিল আৰু স্মৃতি আৰু পলাশৰ বিয়া সাংগলীৰ সমদোলি পথৰ মান্ধনা ফাৰ্ম হাউচত অনুষ্ঠিত কৰাৰ বাবে সিদ্ধান্ত লোৱা হৈছিল । কিন্তু বিবাহৰ প্ৰস্তুতি চলি থকাৰ মাজতে স্মৃতিৰ পিতৃৰ হাৰ্ট এটেক হোৱাৰ বাবে বিবাহস্থলীত এক বিশৃংখল পৰিবেশৰ সৃষ্টি হয় ।
ভাৰতীয় ক্ৰিকেটাৰ স্মৃতি মান্ধনাৰ মেনেজাৰ টুহিন মিশ্ৰই এই সন্দৰ্ভত তথ্য প্ৰদান কৰিছে । তেওঁ নিশ্চিত কৰে যে স্মৃতিৰ পিতৃ অসুস্থ আৰু বিয়াখন অনিৰ্দিষ্টকাললৈ পিছুৱাই দিয়া হৈছে । তেওঁ উল্লেখ কৰে যে পুৱা ব্ৰেকফাষ্ট কৰি থকা সময়তে সমস্যা আৰম্ভ হৈছিল ।
VIDEO | Tuhin Mishra, manager of Indian cricketer Smriti Mandhana, confirms that her father is not well and the wedding has been indefinitely postponed.
— Press Trust of India (@PTI_News) November 23, 2025
(Full video available on PTI Videos – https://t.co/n147TvqRQz) pic.twitter.com/K5EVJwyR4h
বিয়াৰ প্ৰস্তুতিৰ সময়ত পিতৃৰ হাৰ্ট এটেক
সাংগলীৰ সমদোলি পথৰ মান্ধনা ফাৰ্ম হাউচত স্মৃতি আৰু পলাশৰ বিয়াৰ প্ৰস্তুতি চলি থকাৰ সময়তে স্মৃতি মান্ধনাৰ পিতৃ শ্ৰীনিবাস মান্ধনাৰ হাৰ্ট এটেক হয় । লগে লগে তেওঁক চিকিৎসাৰ বাবে সাংগলীৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় । স্মৃতি মান্ধনা আৰু তেওঁৰ পৰিয়ালৰ লোকো চিকিৎসালয়ত উপস্থিত হয় ।
ইফালে স্মৃতিৰ পিতৃৰ হাৰ্ট এটেক হোৱাৰ পাছতেই বিবাহস্থলীত উপস্থিত হোৱা অতিথিসকলক ঘূৰাই পঠিওৱা হৈছে আৰু সভাস্থলীৰ সজ্জা ভাঙি পেলোৱাৰ খবৰ আহিছে । মেনেজাৰ টুহিন মিশ্ৰই সংবাদ মাধ্যমৰ আগত কয় যে আজিৰ বিবাহ অনুষ্ঠান পিছুৱাই দিয়া হৈছে । বিশেষ কথাটো হ’ল যে এই বিবাহ অনুষ্ঠানত ক্ৰীড়া আৰু আন বহুতো ডাঙৰ ডাঙৰ বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ আশা আছিল ।
লগতে পঢ়ক : এক পাৰম্পৰিক বিবাহ অনুষ্ঠান; য'ত কইনা বৰযাত্ৰী হৈ যায় দৰাৰ ঘৰলৈ

